Assamese Essay in Assamese | 100+ অসমীয়া ৰচনা

​Assamese Essay in Assamese

নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি কিছুমান ​Assamese Essay in Assamese ৰ বিষয়ে আলোচনা কৰিম। এই প্ৰবন্ধটোৱে আপোনাৰ পৰীক্ষা আৰু আপোনাৰ জীৱনত সহায় কৰিব।

ৰচনা কি?

কোনো বিশেষ বিষয়ৰ ওপৰত লেখকৰ যুক্তি বা দৃষ্টিভংগী দাঙি ধৰিবলৈ লিখা লেখা এটাক ৰচনা বোলে। ৰচনাসমূহ আখ্যানমূলক, বৰ্ণনাত্মক, ব্যাখ্যামূলক, বুজাই দিয়া আদি বিভিন্ন শৈলীত লিখিব পাৰি। দীঘলীয়া বা চুটি, আনুষ্ঠানিক বা অনানুষ্ঠানিক হ’ব পাৰে আৰু প্ৰায় যিকোনো বিষয়ত লিখিব পাৰি।

ৰচনাৰ গঠন সাধাৰণতে এটা পৰিচয়, মূখ্য অনুচ্ছেদ আৰু এটা উপসংহাৰেৰে গঠিত। প্ৰস্তাৱনাই ৰচনাখনৰ বাকী অংশৰ বাবে মঞ্চ নিৰ্ধাৰণ কৰে আৰু ইয়াত ৰচনাখনৰ মূল যুক্তি বা দৃষ্টিভংগী উপস্থাপন কৰা এটা স্পষ্ট আৰু সংক্ষিপ্ত থিছিছ বক্তব্য থাকিব লাগে। তাৰ পিছত মূখ্য অনুচ্ছেদসমূহে থিছিছৰ বাবে সমৰ্থনকাৰী প্ৰমাণ আৰু উদাহৰণ প্ৰদান কৰে আৰু সিদ্ধান্তত মূল কথাসমূহৰ সাৰাংশ আৰু থিছিছখন পুনৰ উল্লেখ কৰা হয়।

ভাল ৰচনা লিখাৰ এটা মূল দিশ হ’ল উত্থাপিত যুক্তিসমূহৰ সমৰ্থনত প্ৰমাণৰ ব্যৱহাৰ। ইয়াৰ ভিতৰত প্ৰাথমিক বা গৌণ উৎসৰ পৰা উদ্ধৃতি, তথ্য আৰু পৰিসংখ্যা, আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ উদাহৰণ অন্তৰ্ভুক্ত হ’ব পাৰে। লেখা-চোৰৰ পৰা হাত সাৰিবলৈ ৰচনাখনত ব্যৱহৃত যিকোনো উৎসৰ সঠিক উদ্ধৃতি দিয়াটো গুৰুত্বপূৰ্ণ।

বহুতো শৈক্ষিক পৰিৱেশত ৰচনা মূল্যায়নৰ এক সাধাৰণ ধৰণ, আৰু পেছাদাৰী প্ৰেক্ষাপটতো ইয়াৰ ব্যাপক ব্যৱহাৰ কৰা হয়। যুক্তি এটা উপস্থাপন আৰু ৰক্ষা কৰাৰ এক ফলপ্ৰসূ উপায়, আৰু ইয়াৰ সহায়ত জটিল ধাৰণাসমূহ অন্বেষণ আৰু বিশ্লেষণ কৰিব পাৰি। সফল ৰচনা লিখিবলৈ হ’লে বিষয়টোৰ ওপৰত সুদৃঢ় বুজাবুজি থকা, সম্যক গৱেষণা কৰা, তথ্যসমূহ স্পষ্ট আৰু যুক্তিসংগতভাৱে সংগঠিত আৰু উপস্থাপন কৰাটো গুৰুত্বপূৰ্ণ।

ৰচনা লিখাৰ নিয়ম

ৰচনা বা প্ৰৱন্ধ লিখিবলৈ ল’লে কিছুমান বিশেষ নিয়ম মানি চলিব লাগে।

(১) প্রথমে বিষয়বস্তু বাছি ল’ব লাগে আৰু তাৰ বিষয়ে ভালদৰে চিন্তা কৰিব লাগে।

(২) বিষয়টোৰ সম্বন্ধে হ’ব পৰা প্ৰশ্নবোৰ নিজে উলিয়াই ল’ব লাগে আৰু তাব যথাযথ উত্তৰবোৰ কৰি যাব লাগে।

(৩) ৰচনাৰ প্ৰতিটো ভাব বা বর্ণনা একোটা অনুচ্ছেদত লিখি যাব লাগে।

(৪) ৰচনাৰ ভাষা সবল, সহজ আৰু শুদ্ধ হ’ব লাগে।

(৫) ৰচনাত প্রয়োগ কৰা বাক্যবোৰ সৰল আৰু চুটি হোৱা উচিত। (৬) বেছি বর্ণনা অর্থাৎ অলাগতিয়াল কথা লিখি ৰচনাখন দীঘলীয়া কৰাৰ কোনো প্রয়োজন নাই। (৭) যি বিষয়ে রচনা লিখা হয়, সি শুৱলা হ’ব লাগে।

(৮) প্রয়োজন হ’লে ৰচনাত যথাযথ বা প্রকৃত উদ্ধৃতি দি তাৰ সৌন্দৰ্য আৰু গাম্ভীর্য বঢ়াব পাৰি।

(৯) যতি চিহ্ন ব্যৱহাৰ কৰোঁতে সদায় সতর্ক হ’ব লাগে, যাতে উপযুক্ত ঠাইত যতি চিহ্ন প্রয়োগ হয়।

(১০) রচনা লিখোঁতে যাতে বিষয় বস্তুৰ ক্ৰম নষ্ট নহয় বা ওলট্‌-পালটৃ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

(১১) ৰচনা লিখা শেষ হোৱাৰ পিছত লিখাখিনি আকৌ মনোযোগেৰে পঢ়ি লৈ খুঁটি-নাটিবোৰ মাৰিব লাগে।

ৰচনাৰ ভাগ

ৰচনাবোৰক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে; যেনে :- (১) বিৱৰণমূলক, (২) বৃত্তান্তমূলক আৰু (৩) চিন্তামূলক ৰচনা।

বিৱৰণমূলক আৰু বৃত্তান্তমূলক ৰচনা সাধাৰণতে চকুৰে দেখা বস্তু বা প্রাণী আদিব বিষয়ে লিখা হয়। কোনো উৎসৱ, কোনো ঠাইৰ বৰ্ণনা নাইবা কোনো এজন মহান ব্যক্তিৰ জীৱনৰ কাৰ্যাৱলীৰ বৰ্ণনাও এই শ্ৰেণীৰ ৰচনাৰ ভিতৰতে পৰে। অদৃশ্য অথচ বৰ্ণনা কৰিব পাৰি, তেনে ৰচনাবোৰক চিন্তামূলক ৰচনা বোলা হয়।

ইয়াৰ উপৰিও পুৰণিকালৰেপৰা চলি থকা কিছুমান কাহিনী আছে। সেইবোৰ কাহিনীক আমি ৰসাল কৰি বৰ্ণনা কৰোঁ আৰু তাকেই সাধুকথা বুলি কওঁ। ছবি সহায়তো কিছুমান কাহিনী বর্ণনা কৰিব পাৰোঁ। সেই কাহিনীবোৰকো একোখন ৰচনা বুলিব পাৰি।

পোহনীয়া জন্তুৰ বিষয়ে অসমীয়া ৰচনা : Assamese Essay in Assamese

গৰু অসমীয়া ৰচনা | Cow Assamese Essay in Assamese

পোহনীয়া জন্তুৰ ভিতৰত গৰু অতি প্ৰয়োজনীয় আৰু উপকাৰী জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলো দেশৰ মানুহেই পোহে গৰুৰ গাটো চুটি নোমেৰে ঢকা। ডিঙ্গি তলফালে গলবিচনী থাকে। মতা গৰুৰ গলধনত একোটা চুই থাকে। গৰুৰ ঠো চাৰিখন, ঠেঙত খুৰা আছে, খুৰাবোৰ ফটা। খুৰাবোৰ ফটা কাৰণেই বোকাত ইহঁতে বেগাই যাব পাৰে।

গৰুৰ মুখখন দীঘল আৰু মূৰত দুটাকৈ শিং থাকে। দীঘল নেজডালৰ আগফালে একোছা চুলি থাকে। তাৰেই সিহঁতে মহ, ডাঁহ আদি খেদে। বগা, ক’লা, ৰঙা, কজলা, পখৰা আদি বহু ৰঙৰ গৰু আছে। ঘাঁহ আৰু দানা গৰুৰ প্ৰধান খাদ্য। শুকান খেৰ, গছৰ পাত আদিও গৰুৱে খায়। গৰুৱে খোৱা বস্তুবোৰ প্ৰথমে গিলিহে থয়; জিৰণিৰ সময়ত পুনঃ উগাৰি উলিয়াই ‘পাগুলি’ খায়। ঘাঁহ পাগুলি খোৱা কাৰণে গৰুক ৰোমন্থনকাৰী’ জন্তু বোলে। গৰুৰ ওপৰপাৰিৰ আগ দাঁত নাই।

গৰুৰ স্বভাৱ শান্ত আৰু ধীৰ। ইহঁতে জাকপাতি থাকি ভাল পায়। মাই গৰু আৰু বলধ গৰু বুলি গৰুৰ শ্ৰেণী ভাগ কৰা হৈছে। বলধ গৰুৰে হাল বাই খেতি কৰা হয়। বলধ গৰুৱে গাড়ীও টানে। মৰণা মৰা, কুঁহিয়াৰ পেৰা আদিও বলধ গৰুৰ কাম।(গাই গৰুৱে গাখীৰ দিয়ে । গাই গৰুৱে সাধাৰণতে চাৰি বছৰমান বয়সত পোৱালি দিয়ে। একোজনী গাই গৰুৱে এবিয়নত এটাহে পোৱালি দিয়ে। (গৰুৰ গাখীৰৰপৰা দৈ, মাখন, ঘিউ, ছানা আদি তৈয়াৰ কৰা হয়। গৰুৰ গাখীৰ মানুহৰ শ্ৰেষ্ঠ পুষ্টিকৰ খাদ্য।

গৰুৰ ছালৰপৰা জোতা, বেগ, জিন, ঢোল, পেটী আদি হৰেক ৰকমৰ বস্ত্ৰ তৈয়াৰ হয়। শিং আৰু হাড়ৰপৰা বুতাম, ফণি আদি নানা বস্তু তৈয়াৰ হয়। হাড়ৰপৰা এবিধ সাৰো উৎপন্ন হয়। গৰুৰ গোবৰ হিন্দুসকলৰ বৰ পৰিত্ৰ বস্ত্ৰ আৰু খেতিৰ বাবেও ই উত্তম সাৰ।

গতিকে, এই উপকাৰী জন্তুটোক আমি যত্নেৰে প্ৰতিপালন কৰা উচিত।

ইয়াত পঢ়ক:-

ঘোঁৰা অসমীয়া ৰচনা | Horse Assamese Essay in Assamese

গৰুৰ দৰে ঘোঁৰাও এবিধ খৰচীয়া বা পোহনীয়া জন্তু। কিন্তু গৰুৰ দৰে(সোঁৱা সৰ্বসাধাৰণৰ অতি প্রয়োজনীয় জন্তু নহয়। ঘোঁৰাৰ ঠেং চাৰিখন ; কিন্তু ঠেঙৰ খুৰাবোৰ গৰুৰ দৰে ফটা নহয়। সেই কাৰণে ঘোঁৰাই গৰুতকৈ বেছি দৌৰিব পাৰে। কিন্তু খুৰাবোৰ গোটা কাৰণে ঘোঁৰাই বোকাত গৰুৰ দৰে বেগাই যাব নোৱাৰে। ঘোঁৰাৰ মূৰটো দীঘল আৰু জোঙা, কাণ দুখন থিয়, চকু দুটা উজ্জ্বল আৰু শিং নাই। ঘোঁৰাৰ গলখনত বহুতো চুলি আছে; তাক কেশৰ বা বাবৰি বোলে। ঘোঁৰাৰ নেজডাল শুৰিৰেপৰা শুৱনি চুলিৰে ভৰা যেন চোঁৱৰ একোছাহে। স্বভাৱত ঘোঁৰা বৰ শান্ত।

আমাৰ দেশৰ ঘোঁৰাবোৰ আকৃতিত সৰু। অষ্ট্ৰেলিয়া আৰু ইউৰোপৰ ঘোঁৰাবোৰ বৰ শকত আৱত আৰু ডাঙৰ-দীঘল। ভুটীয়া আৰু মণিপুৰী ঘোঁৰাবোৰ চুটি-চাপৰ যদিও সিহঁতে বৰকৈ চেঁকুৰিব পাৰে। শুকান ঘাঁহ, মাটিমাহ আৰু বুট ঘোঁৰাৰ প্রিয় খাদ্য। অৱশ্যে গৰুৰ দৰে ঘোঁৰায়ো পথাৰত চৰি কেঁচা ঘাঁহ খায়।

ঘোঁৰাত উঠি মানুহ অ’লৈ-ত’লৈ যায় আৰু ঘোঁৰাৰে গাড়ীও টনায়। পুৰণি কালত ঘোঁৰাত উঠি সৈনিকে যুদ্ধও কৰিছিল আৰু তেনে সৈন্যক অশ্বাৰোহী বোলা হৈছিল। ঘোঁৰাৰ গোবৰত নানা ৰোগৰ জীৱাণু থাকে কাৰণে বিষাক্ত।

হাতী অসমীয়া ৰচনা | Elephant Assamese Essay in Assamese

জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ আৰু বলী। ই বনৰীয়া জন্তু। মানুহে ইলক হাবিৰপৰা ধৰি আনি নানা প্ৰকাৰে শিক্ষা দিহে ঘৰচীয়া কৰে আৰু তেতিয়া হাতী মানুহৰ একেবাৰে বশ্যতা স্বীকাৰ কৰি শান্ত হয়। হাতীৰ কাণ দুখন বৰ ডাঙৰ, চকুযোৰ সৰু আৰু শুঁৰডাল দীঘল ।

হাতীয়ে শুঁৰেৰেই সকলো কাম কৰে। কিছুমান মতা হাতীৰ মুখত দুটা দীঘল দাঁত থাকে। এনে দাঁত থকা হাতীক দঁতাল হাতী বোলে । এই দাঁত বৰ মূলাৱান। মাইকী হাতীক ‘মাখুন্দী’ বোলে। মাইকী হাতীয়ে পাঁচ বছৰৰ মূৰে মূৰেহে একোটা পোৱালি দিয়ে। পোৱালিয়ে মাকৰ গাখীৰ খায়।

ডাঠ হাবিবোৰত হাতী থাকে। মানুহে হাতী ধৰিবলৈ হাবিলৈ যোৱাৰ আগতে পোহনীয়া হাতীক চিকাৰৰ সকলো কলা কৌশল শিকাই লয়। ছাতী চলোৱা মানুহক ‘মাউত’ আৰু হাতী ধৰা মানুহজনক ‘ফান্দী’ বোলে। ফান্দীয়ে চিকাৰী হাতীক শিক্ষা দি হাবিত জোপ লৈ থাকে। যেতিয়া বনৰীয়া হাতীৰ দল গৈ থাকে, তেতিয়া দলটোৰ একেবাৰে শেষৰ হাতীটোৰ লগত ঘৰচীয়া হাতীটো লগ লাগে।

ফান্দীজন মাউতৰ লগত হাতীৰ কাণৰ আঁৰত লুকাই থাকে আৰু সুবিধা বুজি বনৰীয়া হাতীটোৰ ডিঙিত ফান্দৰ জৰী লগাই দিয়ে। তাৰ পাছত দলটোৰ সৈতে কিছুদূৰ গৈ ঘৰতীয় জাতীটোৰে বনৰীয়া হাতীটোক একজীয়াকৈ টানি আনে। অৱশেষত হাতী মানুহৰ বশ হয়। হাতীৰ প্ৰধান খাদ্য হৈছে কলগছ। এৰা বন, গছৰ পাত, ধান-গছ, দল ঘাঁহ আদিও হাতীৰ খাদ্য।

হাতী বৰ মূল্যৱান জন্তু। ইয়াৰ হাড় আৰু দাঁতৰপৰা নানাবিধ অলঙ্কাৰ, ফণি বুতাম, লাখুটি আমি তৈয়াৰ হয় ।

ইয়াত পঢ়ক:-

কুকুৰ অসমীয়া ৰচনা | Dog Assamese Essay in Assamese

পোহনীয়া জন্তুৰ ভিতৰত কুকুৰ সৱাতোকৈ বেছি প্ৰভুভক্ত। কুকুৰে সদায় গৰাকীন উপকাৰ কৰিবলৈহে বিচাৰে। সেই কাৰণে পোহনীয়া কুকুৰ গৰাকীৰ ঘৰৰ চৌহদুৰপৰা বাহিৰলৈ ওলাই নাযায়। অচিনাকি মানুহ দেখিলেই কুকুৰে ভুকিবলৈ ধৰে।

কুকুৰ কেইবা জাতৰো আছে। আমাৰ দেশত ওপজা কুকুৰবোৰক দেশী কুকুৰ খোলা হয়। এই কুকুৰ ওখই ৭০/৮০ চেণ্টিমিটাৰমান হয়। দেশী কুকুৰ প্রভুভক্ত খাদও চোকা নহয় আকৃতিত আটাইতকৈ ডাঙৰ জাতৰ কুকুৰক এলচেচিয়ান বোলে। ইয়াৰ কাণ দুখন থিয়, মুখখন জোঙা।

ওখ প্রায় এক মিটাৰমান আৰু দীঘলেও ডেৰ মিটাৰমান হয়। এইবিধ কুকুৰ বৰ চোকা। এলচেচিয়ান কুকুৰ গাঁৱৰ মানুহে পোহা প্রায়ে দেখা নাযায়। কিন্তু নগৰৰ ধনী মানুহে এইবিধ কুকুৰ পোহে। ভাত, মাছ, মঙহ, গাখীৰ আদি ইয়াৰ প্ৰধান খাদ্য।

এচেচিয়ান কুকুৰক সদায় নিয়মিতভাৱে লাগে। আমাৰ দেশৰ মানুহে এইবিধ কুকুৰক বিলাতী কুকুৰ বুলি কয়। আকৃতিত আটাইতকৈ সৰু জাতৰ কুকুৰ হৈছে ভুটীয়া কুকুৰ। ই মাত্র ২৫ চেণ্টিমিটাৰমানহে ওখ হয়। নোমবোৰ বৰ দীঘল ; মুখখন ভোটা। ভূটীয়া কুকুৰৰ দেহটোৰ তুলনাত নেজডাল ডাঙৰ আৰু দীঘল। স্বভাৱত ভুটীয়া কুকুৰ সকলো কুকুৰতকৈ বেছি চোকা ।

কুকুৰৰ গোন্ধ পোৱা শক্তি সৱাতোকৈ বেছি। বৰ্তমান যুগত চৰকাৰে কুকুৰৰ দ্বাৰাই চোৰ ধৰা আৰু চুৰি হোৱা বস্তু উদ্ধাৰ কৰা কাৰ্যও চলাইছে। প্রকৃততে কুকুৰ গৃহস্থৰ এটা ভাল প্ৰহৰী।

ইয়াত পঢ়ক:-

ছাগলী অসমীয়া ৰচনা | Goat Assamese Essay in Assamese Language

বিৱৰণ : ছাগলী এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত স্তন্যপায়ী আৰু তৃণভোজী প্রাণী। ছাগলী প্রায় ১৩/১৪ বছৰ জীয়াই থাকে।

আকৃতি : ছাগলী প্রায় ৩০/৪০ চেণ্টিমিটাৰখন ওখ আৰু ৫৫/৬০ চেণ্টিমিটাৰমান দীঘল হয়। ছাগলীৰ চকু দুটা। কাণ দুখন। কাণ দুখন সাধাৰণতে আম পাত এখিলাৰ সমান। শিং দুটা। ছাগলীৰ শিং সাধাৰণতে চুটি আৰু সৰু। গোটেই গাটো নোমেৰে ঢকা। গ্রীষ্মপ্রধান দেশৰ ছাগলীৰ নোম চুটি। ছাগলীৰ মুখত দাড়ি থাকে। ছাগলীৰ দাঁত দুপাৰি।

স্বভাৱ :—গৰুৰ দৰে ছাগলীও বৰ শান্ত। ছাগলীয়ে বৰষুণ আৰু পানীলৈ বৰ ভয় কৰে। বৰষুণ দিলে ইহঁত মুকলি ঠাইৰপৰা লৰি গৈ ঘৰৰ ভিতৰ বা পানী নপৰা ঠাই পায়গৈ। মাইকী ছাগলীয়ে বছৰেকত একোবাৰ পোৱালি দিয়ে। এবিয়নত ১ টাৰপৰা ৩/৪টা লৈকে পোৱালি দিয়ে পোৱালিবোৰ দেখিবলৈ বৰ ধুনীয়া। ইহঁত জঁপিয়াই ফুৰে।

খাদ্য আৰু বৰণ :— গৰুৰ দৰে ছাগলীয়েও ঘাঁহ-বন আদি খাই জীয়াই থাকে। ইহঁতে ঘাঁহ-বন একেবাৰতে চোবাই খায়। গৰুৰ দৰে পুনঃ পাগুলি নাখায়। ছাগলী, বগা, ক’লা, পখৰা আদি নানা বৰণৰ পোৱা যায়।

উপকাৰিতা :- গৰুৰ দৰে ছাগলীও আমাৰ উপকাৰী জন্তু। পঠা আৰু খাহী ছাগলীৰ মাংস পুষ্টিকৰ আৰু ৰুচিকৰ বাবে সকলো মানুহে খাবলৈ ভাল পায়। ছাগলীৰ গাখীৰো খোৱাৰ উপযোগী। ইও বব পুষ্টিকৰ। ছাগলীৰ নোমৰপৰা নানা প্ৰকাৰৰ গৰম কাপোৰ তৈয়াৰ কৰে। ইয়াৰ ছালৰপৰা জোতা, বাদ্য-যন্ত্ৰ, কিতাপ বন্ধোৱা কাম আদি কৰা হয় ।

চৰাই-চিৰিকতিৰ বিৱৰণ অসমীয়া ৰচনা | Birds Assamese Essay in Assamese

কাউৰী আৰু কুলি অসমীয়া ৰচনা | Crows and Porters Assamese Essay in Assamese

আমাৰ দেশত থকা চৰাইবোৰৰ ভিতৰত কাউৰী আৰু কুলি দেখিবলৈ প্ৰায় একে। দুয়োবিধ চৰাই ক’লা বৰণৰ। কাউৰীতকৈ কুৱি আকৃতিত সৰু। কাউৰী সদায় দেখা যায়; কিন্তু কুলি চৰাই কেৱল বসন্ত কালতহে দেখা পোৱা যায়।  কাউৰীৰ মাত হুটা, শুনিলেই খং উঠে; কিন্তু কুলিৰ মাত মিঠা, শুনিলে ভাঙ্গ লাগে। দুয়োবিধ চৰাইৰ পাৰ্থক্য ইমানেই।

আকৃতিৰ ফালৰপৰা কাউৰী দুবিধ—এবিধ সৰু আৰু আনবিধ ডাঙৰ। সক বিশ্ব কাউৰীক জাতি কাউৰী বা পাতি কাউৰী বোলে। এইবিধ কাউৰীৰ মাতো সৰু ডাঙৰ বিধ কাউৰীক মানুহে ঢোঁৰা কাউৰী বোলে। এই কাউৰীবোৰ দেখিবলৈ যেনে ডাঙৰ, মাতটোও তেনে ডাঙৰ আৰু ছটা। ঢোঁৰা কাউৰীয়ে চিঞৰিলে মানুহে অমঙ্গল আছে বুলি ভাবে। সেই কাৰণে কাউৰীৰ মাত শুনিবলৈ কোনোৱে ইচ্ছা নকৰে।

কুলি চৰাই সাধাৰণতে বসন্ত কালত অর্থাৎ চ’ত-ব’হাগ মাহত ওলায়। সচৰাচৰ ইয়াক দেখা নাযায়। কিয়নো, ই সাধাৰণতে গছৰ একেবাৰে ওখ ডালত থাকে। মানুহে কয় কুলিয়ে চিঞৰিলে হেনো বসন্তকাল আছে। কুলিৰ মাত বৰ মিঠা, ই কুঁউ, কুঁউ বুলি মাতে ৷

ভাটো চৰাই অসমীয়া ৰচনা | Parrot Assamese Essay in Assamese

ভাটৌ এবিধ বৰ ধুনীয়া ৰংচঙীয়া চৰাই। ই সাধাৰণতে গছৰ খোৰোঙত বাস কৰি থাকে। আমাৰ বাৰীত থকা শিলিখা গছ এজোপাৰ খোৰোঙত এহাল ভাটো চৰাই আছিল। এবাৰ পোৱালি হোৱাত আমাৰ ককাইদেৱে এটা ভাটৌ চৰাইৰ পোৱালি ধৰি আনিলে। দেউতাই ক’লে, ‘ইয়াক পুহি ভালকৈ শিকালে ই মানুহৰ দূৰে কথা ক’ব পৰা হ’ব।’

ককাইদেৱে বাঁহেৰে এটা ধুনীয়া সজা তৈয়াৰ কৰি চৰাইজনীক তাতে বৰ মৰমেৰে ৰাখিলে। আমি মানুহে খোৱা নানা খাদ্য তেওঁ চৰাইজনীক খুৱাইছিল। তাৰ উপৰিও কৰ্দ্ৰ্ম্মৈ টেঙা আৰু জলকীয়া ভাটো চৰাইজনীক খুৱাবলৈ লৈছিল। কাৰণ ককাইদেৱে মানুহৰ মুখত শুনিছিল, জলকীয়া আৰু কৰ্ণৈ টেঙা খুৱালে ডাটো চৰায়ে সোনকালে শুৱলাকৈ মাতিব পাৰে।

এইদৰে এবছৰমান চৰাইজনীক যত্ন লোৱাৰ পাছত এদিন তাই মানুহৰ দৰে সুহুৰিওৱা শুনিবলৈ পালোঁ। ককাইদেউৰ আনন্দৰ সীমা নোহোৱা হ’ল। তেওঁ ভাল ভাল বস্তু আনি চৰাইজনীক কোচত লৈ মৰমেৰে খুৱায় আৰু লগে লগে কথাও শিকায়।

কিছুদিনৰ পাছত চৰাইজনীয়ে মানুহৰ দৰেই ককা, দাদা আদি সহজ মাতবোৰ মাতিব পৰা হ’ল। কিন্তু এদিন চৰাইজনী কেনেবাকৈ সজাৰপৰা ওলাই উৰি গুচি গ’ল আৰু উভতি নাহিল। ককাইদেৱে বৰকৈ কান্দিবলৈ ধৰিলে। তেতিয়া দেউতাই ককাইদেউক বুজালে, ‘স্বাধীন চৰাইজনী মৰমত বন্দী হৈ থাকিবলৈ ভাল নাপালে। সেই কাৰণে তাই উৰি গুচি গ’ল।’

চিন্তামূলক অসমীয়া ৰচনা : Thoughtful Assamese Essay in Assamese

পানী অসমীয়া ৰচনা | Water Assamese Essay in Assamese

সূচনা : পানী প্রাণী জগতৰ প্ৰাণ স্বৰূপ। পানী অবিহনে কোনো প্রাণীয়েই জীয়াই থাকিব নোৱাৰে। প্ৰাকৃতিক জগতো পানীৰ ওপৰতে নিৰ্ভৰশীল।

বর্ণনা : পানী জুলীয়া পদার্থ হ’লেও, ইয়াক আমি কঠিন আৰু ভাপ অবস্থাতো পাওঁহক। কঠিন অৱস্থাত ইয়াক বৰফ বা শিল বুলিও কওঁ। ভাপ বা বাষ্পৰ ৰূপতো পানী থাকে। পানী গৰম কৰিলে ভাপ বা বাষ্পৰ অৱস্থাটো দেখিবলৈ পাওঁ আৰু পানী একেবাৰে চেঁচা বা ঠাণ্ডা হ’লে বৰফ বা শিল আকাৰত পাওঁ।

পানীৰ বিভিন্ন অৱস্থান আমি পাব পাৰোঁ। নৈ-নিজৰা, খাল, বিল, হ্রদ, সাগৰ, উপসাগৰ, মহাসাগৰবোৰ পানীৰ ভঁৰাল। মাটিৰ তলতো পানী থাকে। নিৰ্মল পানীৰ কোনো বৰণ বা গোন্ধ নাই। পানী বৰ মূল্যৱান সম্পদ। জীৱন ধাৰণৰ বাবে আহাৰ যেনে দৰকাৰী, পানীও তেনে উপযোগী। গছ-গছনি, বন-দূৱৰিকো পানী লাগে। খেতি-বাতিৰ বাবেও পানীৰ বৰ আৱশ্যক।

পানী অতি পুৰণি কালৰেপৰা যাতায়াতৰ অতি সুচল ব্যৱস্থা হিচাপে আজিলৈ চলি আছে। নৈ-বিল আৰু বাৰিষাৰ পানীত নাৱেৰে যাতায়াত চলে। ডাঙৰ নদী আৰু সাগৰত জাহাজ চলে। জাহাজেৰে বিভিন্ন দেশৰ মানুহ আন আন দেশলৈ অহা-যোৱা কৰে। জাহাজেৰে বেপাৰ-বণিজো কৰা হয়। যুদ্ধ-বিগ্রহতো জাহাজ, নাও আদি ব্যৱহাৰ কৰা হয়। আজি-কালি বেল-মটৰ আৰু আকাশী যানেৰে মানুহে যাতায়াত কৰিলেও জাহাজ আৰু নাৱৰ গুৰুত্ব কিন্তু কমা নাই।

পানীৰপৰাই মানুহে মাছ-কাছ আদি পুষ্টিকৰ আহাৰ পাব পাৰিছে। ই দেশৰ বন বৃদ্ধিতো সহায় কৰি আহিছে। মাছ-কাছৰ ব্যৱসায় কৰি পৃথিৱীৰ বহুত মানুহে জীৱিকা নিৰ্বাহ কৰি আছে। সাগৰৰ পানীৰ তলৰপৰা মণি-মুক্তা আদি মূল্যৱান সম্পন্নবোৰ আহৰণ কৰিও কিছুমান মানুহে ধন উপাৰ্জন কৰা দেখা যায়।

আনপক্ষে বানপানীৰ বিধ্বংসী শক্তিয়ে কেতিয়াবা প্ৰলয়ৰ সৃষ্টি কৰে। জীৱ-জন্তু, চৰাই-চিৰিকতি, মানুহ-দুনুহ সকলোৰে হাঁহাকাৰ হয়। বহুত মৰা হজা হয়। খেতি-বাতি ধ্বংস হয়। বয় বস্তুৰ মূলা বাঢ়ে। সকলোৰে খাদ্যাভাৱ হয়। বেমাৰ-আজাৰ হয়। মুঠৰ ওপৰত প্ৰকৃতি জগত, প্ৰাণী জগত— সকলোৰে বিপর্যয়

সামৰণি : পানীৰ ধ্বংসকাৰী শক্তিয়ে পৃথিৱীত প্ৰলয়ৰ সৃষ্টি কৰে, আনপক্ষে পানীৰ সৃষ্টিকাৰী শক্তিয়ে পৃথিৱীক বিনন্দীয়া কৰি তোলে। পানীৰ বিধ্বংসী শক্তিতকৈ ইয়াৰ সৃষ্টিধর্মী গুণে মানুহৰ যথেষ্ট উপকাৰ সাথে। বিশুদ্ধ পানীয়ে মানুহৰ উ শক্তি বঢ়ায়। গতিকে বিশুদ্ধ পানীহে খাব লাগে।

আহাৰ বা খাদ্য অসমীয়া ৰচনা | Food Assamese Essay in Assamese

সূচনাঃ প্রাণী মাত্ৰৰেই আহাৰৰ আৱশ্যক। আহাৰ বা খাদ্য নহ’লে কো প্ৰাণীয়েই জীয়াই থাকিব নোৱাৰে। কীট-পতংগ, মাছ-পুঠি, চৰাই-চিৰিক জীৱ-জন্তু সকলোকে আহাৰ লাগে। আহাৰে শৰীৰৰ বৃদ্ধিত সহায় কৰাই নহ, ই প্রকাৰান্তৰে মানুহৰ বল-বুদ্ধি, চিন্তাশক্তি আদি বৃদ্ধিতো সহায় কৰে। মানুহ বাহিৰে আন আন প্ৰাণীয়ে সিহঁতৰ নিজৰ নিজৰ আহাৰ প্ৰকৃতিৰপৰা আহৰণ কৰে। মানুহে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি খায়। আহাৰৰ সামগ্ৰীবোৰে খেতি-বাতি কৰি যোগাৰ কৰি লয়। মানুহৰ আহাৰ বা খাদ্য বস্তুবোৰ তৈয়াৰ কৰাৰ বাবেই কৃষি-কৰ্মৰ সূচনা হ’ল।

আহাৰৰ শ্ৰেণীবিভাগ : আহাৰ মুখ্যতঃ দুই শ্ৰেণীত ভগাব পাৰি। এবিং কীট-পতংগ, মাছ-পুঠি, চৰাই-চিৰিকতি, জীৱ-জন্তুৰ আহাৰ আৰু আনবিধ মানুহ আহাৰ। কীট-পতংগবোৰে মলি-মাকতি খাই বাচি থাকে। মাছ-পুঠিয়ে পানীৰ মলি পানীত গজা বন, মলি আদি খায়। ডাঙৰ মাছে সেইবোৰ খোৱাৰ উপৰিও ম সৰু মাছ-পুঠিকো আহাৰ হিচাপে খায়।

চৰাই-চিৰিকতিয়ে হাবিত জন্মা ফল-ফল শস্যৰ গুটি আদি খাই জীয়াই থাকে। মানুহৰ খেতি পথাৰৰ শস্যৰ গুটি খাটো কোনো কোনো চৰাই জীয়াই থাকে। জীৱ-জন্তুবোৰে হাবিত থকা ঘাঁহ-বন আ কোনো কোনো জন্তুৱে আন সৰু জন্তু খায়ো জীয়াই থাকে। হাতী বৰ ডাঙৰ জ হ’লেও সি হাবিৰ ঘাঁহ-বন, গছ-গছনিৰ পাত, কলগছ আৰু তৰা আদি খাইে জীয়াই থাকে। জীৱ-জন্তুবোৰৰ কিছুমান স্তন্যপায়ী, কিছুমান তৃণভোজী আৰু কিছু মাংসাহাৰী ।

দেশ ভেদে মানুহৰ খাদ্য :

দেশ ভেদে মানুহৰ খাদা দেশ ভেদে মানুহৰ আহাৰ বা খাদ্যও বেতে হোৱা দেখা যায়। আমাৰ অসমৰ মানুহৰ প্ৰধান আহাৰ ভাত। সেইবাবে অসম মানুহৰ প্ৰধান কৃষিজাত বস্তু হৈছে ধান। ধানৰপৰা চাউল তৈয়াৰ কৰি ভাত ও পিঠা আদি আন খাদ্যবস্তুও তৈয়াৰ কৰে। ভাত অসমৰেই নহয়, প্রায় গোে ভাৰতৰ মানুহৰেই প্রধান আহাৰ বুলিব পাৰি। অৱশ্যে কিছুমান মানুহে লগত ৰুটিকো খাদ্য হিচাপে ব্যৱহাৰ কৰে। মুঠৰ ওপৰত ভাৰতৰ মানুহৰ খাদ্যবস্তু হৈছে ধান আৰু গম। ভাতৰ লগত আন উপকৰণ খাদ্য হিচাপে মানু শাক-পাচলি, মাছ, মাংস, দাইল আদিও খায়।

সামৰণি : আহাৰ বা খাদ্যৰ অভাৱ মানুহৰ উন্নতিৰ ডাঙৰ অন্তৰায়। খাদ্যৰ এভাবে মানুহৰ বিকাশৰ মূল শক্তি চিন্তা শক্তিৰো বিপর্যয় ঘটনা আনকি মানবীয় -সামর্থ্য, চিন্তাশক্তি আনিক খাদ্য বা আহাৰৰ অভাৱে যথেষ্ট অবনমিত কৰে। সেইবাবেই আমাৰ ভাষাত এষাৰ কথা আছে যে—“আহাৰেই পোহৰ।” অর্থাৎ আহাৰ বা খাদাৰ অভাৱ আন্ধাৰ স্বৰূপ। ভাল খাদ্য বা আহাৰ খাই শৰীৰ-মন সুস্থ কৰিবলৈ হ’লে, জীৱনী শক্তি বঢ়াই জগতৰ সুখ-শান্তি সমৃদ্ধি বঢ়াবলৈ হ’লে মানুহ পৰিশ্ৰমী হ’ব লাগিব। পৰিশ্ৰমী মানুহেহে ভাল খাদা খাব পাৰে। তেওঁলোকে নিজৰ শ্ৰম শক্তিৰ গুণত ধন-সম্পদ বঢ়াই সুন্দৰ জীৱন নিৰ্বাহ কৰিব পাৰে। পৃথিৱীৰ | যিবিলাক মানুহ বেছি পৰিশ্ৰমী, তেওঁলোকৰ সকলো দিনে জন্ম জয় ময় ময়। ভাল খাদ্য খাই সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবলৈ হ’লে সৰুৰেপৰা শ্ৰমৰ মৰ্যাদা বুজিব লাগে।

স্বাস্থ্য অসমীয়া ৰচনা | Health Assamese Essay in Assamese

শৰীৰৰ সুস্থ অৱস্থাৰ নাম স্বাস্থ্য। ‘স্বাস্থ্যই পৰম ধন’ বুলি আমাৰ এষাৰি কথা আছে। ই মিছা নহয়, কিয়নো হাজাৰে ধন থাওক, স্বাস্থ্য ভাল নহ’লে সকলো মিছা। মানুহৰ আন অভাৱ ধনৰদ্বাৰা পূৰাব পাৰি; কিন্তু স্বাস্থ্য ধন দি কিনিব পৰা বস্তু নহয়, নতুবা আত্মীয়-পৰিজনেও ইয়াক দিব নোৱাৰে। শৰীৰৰ শক্তি আৰু মনৰ আনন্দৰ ঘাই হেতু স্বাস্থ্য।

মিতাচাৰ, নিয়মীয়া পৰিশ্ৰম, আৱশ্যকীয় বিশ্রাম, কুঅভ্যাস আৰু কুসংগ বর্জন, সংযম আদি স্বাস্থ্য ভালে ৰখাৰ প্ৰধান অৱলম্বন। লোভৰ বশৱৰ্তী হৈ অতিপাতকৈ খালে বা অখাদ্য খালে, এলাহৰ বশীভূত হৈ কোনো পৰিশ্ৰম নকৰিলে বা অত্যুৎসাহী হৈ বিৰামহীনভাৱে পৰিশ্ৰম কৰিলে, স্বভাৱৰ দোষত নিয়ম-সংযম নামানি উচ্ছৃঙ্খল জীৱন যাপন কৰিলে স্বাস্থ্য ভাঙি পৰা স্বাভাৱিক। স্বাস্থ্য এবাৰ ভাঙি পৰিলে, তাক পুনৰ উদ্ধাৰ কৰা প্ৰায়ে অসম্ভৱ হৈ পৰে।

পৰিষ্কাৰ-পৰিচ্ছন্নতা স্বাস্থ্য ৰক্ষাৰ আন এটা প্ৰধান বিধি। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ সুঁচৰিব নোৱাৰে আৰু মনটোও ভাল লাগি থাকে। সেইবাবে থকা ঘৰ-চোঁতাল, পিন্ধা সাজ-পাৰ আৰু খোৱা বা ৰন্ধা-বঢ়া কৰা বাচন-বৰ্তন পৰিষ্কাৰ-পৰিয়াকৈ ৰাখিব লাগে।

স্বাস্থ্যৰক্ষাৰ কাৰণে পৰিমিত পৰিশ্ৰম, শাৰীৰিক আৰু মানসিক শ্ৰমৰ ভাৰসাম্য আৰু শৰীৰৰ সৰ্বাঙ্গ সঞ্চালন নিতান্ত লাগতিয়াল । দেহৰ সকলোবোৰ অংগৰ সঞ্চালনৰ কাৰণে ব্যায়াম, খেলা-ধূলা আদি কৰা উচিত। বিদ্যাৰ্থীসকলৰ সৰহভাগ সময় লিখা-পঢ়া কৰোঁতে অৰ্থাৎ মানসিক শ্ৰমৰ মাজেৰে আতিবাহিত হয়; সেই দেখি ছাত্ৰসকলে নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। যৌগিক আসনাদিও শৰীৰ কাৰণে বৰ উপযোগী। ইয়াৰ উপৰিও আজৰি পৰত ছাত্ৰসকলে কোৰ মৰা, ি মেলোৱা আদি কাম কৰিলে শৰীৰ চৰ্চাৰ লগতে ঘৰখনৰো সহায় হয়।

স্বাস্থ্য বহু পৰিমাণে নিজস্ব স্বভাৱ আৰু চেষ্টাৰ ওপৰত নিৰ্ভৰ হ’লেও ব্যায়াম চিকিৎসা আদিৰ ক্ষেত্ৰত সমূহীয়া চেষ্টা আৰু সহযোগৰো প্ৰয়োজন। আমাৰ দেশ বিশেষকৈ গ্ৰামাঞ্চলত শৰীৰ চৰ্চাৰ কাৰণে শিক্ষা দিব পৰা কোনো অনুষ্ঠান বুলিব পাৰি। চিকিৎসা-সেৱাও যথোচিত সম্প্ৰসাৰিত হোৱা নাই। সেইবা জন স্বাস্থ্যৰ উন্নতিৰ কাৰণে চৰকাৰী চেষ্টা আৰু ব্যাপক হোৱা উচিত। মুঠে জন-স্বাস্থ্যৰ উন্নতিৰ কাৰণে ব্যক্তি, সমাজ আৰু চৰকাৰ আটায়ে সচেষ্ট হ’ব লাগিব।

বনভোজ অসমীয়া ৰচনা | Picnic Assamese Essay in Assamese

বর্তমান কালত আগতকৈ মানুহৰ জীৱন তেনেই গতানুগতিক সৈ পৰিছে—বিশেষকৈ চাকৰীজীৱী লোকৰ জীৱন। সেইবাবে এনে লোকে অন্তত: আন নহ’লেও মাজে-সময়ে একোটা বন ভোজৰ আয়োজন কৰে। এওঁলোকক দেখি আকৌ গাঁৱৰ মানুহ, স্কুলৰ ছাত্ৰ-ছাত্ৰী আদিয়েও বন ভোজ খাবলৈ যায়।

সাধাৰণতে শীতকালতেই বন ভোজৰ ব্যৱস্থা কৰা হয়। জহকালি মানুহৰ ওলোৱা সোমোৱা কৰিবলৈ ইচ্ছা নোহোৱা হয়। মহ-ডাঁহৰ উপদ্ৰৱ বেছি হয়, বৰষুণৰ কাৰণে থল-জল বোকা-পানীৰে লেতেৰা হয়, হাবি-বননিও বেছি হয়। জাৰকালি কিন্তু এইবোৰ অসুবিধা নাথাকে। বতৰ ফৰকাল থাকে, সেইবাবেই শীতকালডোখৰ বন-ভোজৰ কাৰণে প্ৰশস্ত সময়। আঘোণ, পুহ আৰু মাঘ মাহাতেই সচৰাচৰ বন ভোজৰ আয়োজন বেছি হয়।

বন-ভোজৰ কাৰণে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, নির্জন নৈ-পাৰ, বিতোপন পৰ্বতীয়া ঠাই, পৱিত্ৰ তীর্থস্থান বা প্রাচীন কীর্তি-চিহ্ন থকা ঠাই বাছি লোৱা হয়। দেওবাৰ কিম্বা তেনে অন্য কোনো বন্ধৰ দিনত চাকৰিয়াল লোকে আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে বন-ভোজৰ দিন থিৰ কৰে। বন ভোজৰ কাৰণে লগা বয়-বন্ধ আগদিনাখনেই জা-যোগাৰ কৰি ৰখা হয় আৰু নিৰ্দিষ্ট দিনত বাচ বা টেক্সিৰে পুৱতি নিশা বা উপজি-পুৱাতে যথাস্থানলৈ যাত্ৰা কৰা হয়।

বস্তু-বেহানিৰ উপৰিও ৰং-ধেমালি কৰিবৰ বাবে গান-বাজনা আৰু খেলা-ধূলাৰ আহিলা-পাতিও নিয়া হয়। নির্দিষ্ট স্থান গৈ পালে, তাৰে সুবিধানজনক ঠাই এডোখৰ অঁতাই লৈ ৰন্ধা-বঢ়াৰ দিহা কৰা হয়। ৰন্ধা-বঢ়া কাম চলি থাকোতেই বা সুবিধা হ’লে তাৰ আগতেই প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ জুমাজুমে গোটেই ঠাইখন বা যিমান দূৰ পৰিভ্ৰমণ করা হয়। পিছত আটায়ে খাই বৈ উঠি জিৰণি লয় আৰু জিৰণিৰ সময়তে গীত-পদ গাই নানান আমোদ-আহ্লাদ কৰা হয়।

আবেলি বাচন-বৰ্তনাদি সকলো বহু বাচ-মটৰত তুলি লৈ ওলোটা যাত্ৰা আৰম্ভ কৰে। যাওঁতে আৰু আহোতে বাচ-মটৰতো নানান গীত-পদ গাই ধেমালি ৰুমুল কৰা হয়। পিছে বন-ভোজৰ এটা বেয়া দিশো আছে। বহু সময়ত স্ফূৰ্তি-তামাচাৰ আতিশয্যত বন-ভোজ খাবলৈ যোৱা দলবোৰে সংযম সীমা চেৰাই যায়।

বন-ভোজ খাবলৈ যোৱা বাচ-মটৰবোৰ প্রায়ে দুৰ্ঘটনাত পতিত হোৱা দেখা যায়—যাৰ ফলত সকলো সুখ-আনন্দ মাটি হৈ যায়। কেতিয়াবা ইটো-সিটো দলৰ মাজত কাজিয়া হোৱাও দেখা যায়। কাজেই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বন ভোজৰ আৱশ্যকতা বৰ এটা নাই যেন লাগে । তাৰ সলনি বৰং শিক্ষামূলক ভ্ৰমণহে ছাত্ৰ-ছাত্ৰীৰ বেছি প্ৰয়োজনীয়। তাৰ কাৰণে সাময়িক বন ভোজত হোৱা খৰচতকৈ অল্পাধিকহে খৰচ হ’ব।

চৰকাৰৰ শিক্ষা বিভাগে এই কামত সহায় কৰে। এনে সহায় লৈ সুবিবেচনাৰে ঠাই নির্বাচন কৰি আটোম-টোকাৰিকৈ দল পৰিচালনা কৰিব পাৰিলে বৰং বন ভোজতকৈ কম খৰচতে এই ভ্রমণ সমাপ্ত কৰিব পৰা যায়।

এটা আলিবাট

আমাৰ পদূলিৰ আগেদি যোৱা সেই বৰ আলিটোৰ নাম বগলচৰ আলি। ইংৰাজে আমাৰ দেশ শাসন কৰা কালতে বগল নামৰ এজন চাহাবৰ তত্ত্বাৱধানত এই আলিটো তৈয়াৰ কৰা হৈছিল। এই আলিবাটটোৱে নানা ঠাইলৈ অহা-যোৱাৰ সুবিধা কৰি দিছে।

এই আলিবাটটো আগতে ইমান ডাঙৰ, ওখ আৰু বহল নাছিল বুলি আমাৰ দেউতাই কৈছে। বহুকাল হেনো মেৰামতিৰ অভাৱত ই ঠায়ে ঠায়ে ছিগিও গৈছিল। পিছে আমাৰ চৰকাৰে এই আলিটোৰ মেৰামতিৰ কাম কেইবছৰমান আগতে শেষ কৰিছে। তেতিয়াৰপৰা আলিটো ওখ আৰু বহল হ’ল।

আলিটোৰ ওপৰত যাতে বোকা নহয় তাৰ বাবে চৰকাৰে শিলগুটি পাৰি দিলে। এতিয়া এই আলিটোৰ ওপৰেদি মানুহ, গরু, ঘোঁৰা-গাড়ী, মটৰ-গাড়ী আদি অহা-যোৱা কৰে। এই আলিটোৰপৰা আমাৰ ৰাইজৰ বহুতো উপকাৰ হৈছে। কাৰণ আলিটোৱে গাঁও আৰু চহৰক সংযোগ কৰিছে। গাঁৱলীয়া ঠাইৰপৰা চহৰলৈ মটৰ গাড়ীৰ চলাচল হোৱাত কম সময়ৰ ভিতৰতে আমি চহৰলৈ অহা-যোৱা কৰিব পৰা হৈছোঁ।

আমাৰ নিতৌ প্রয়োজন মতে লগা বস্তু বা খাদ্য সামগ্ৰীবোৰ কম সময়ৰ ভিতৰতে চহৰৰপৰা আনিব পৰা হৈছোঁ। বাৰিষা বৰষুণৰ দিনতো আলিটোত বোকা-পানী নহয়। গধূলি পৰত আলিটোৱেদি ফুৰিলে আমি নিৰ্মল আৰু মুকলি বড়াহ পাওঁ। তেতিয়া আমাৰ মনটো বৰ ভাল লাগে ।

যান-বাহন অসমীয়া ৰচনা | Vehicle Assamese Essay in Assamese Language

আগৰ কালত আমাৰ দেশত যানবাহন বুলিলে গরু গাড়ী আৰু ঘোঁৰা গাড়ীতেই বুজাইছিল। ধনী মানুহবোৰে দোলা, ঘোঁৰা আৰু হাতীকো যান-বাহনৰূপে ব্যৱহাৰ কৰিছিল। কিন্তু এইবোৰ যান-বাহনত মানুহ অহা-যোৱা কৰোঁতে যথেষ্ট অসুবিধা আৰু সময়ো বেছি লৈছিল। এই অসুবিধাবোৰ আঁতৰাবলৈ মানুহে বহু দিনৰপৰা চেষ্টা চলাইছিল।

বৰ্তমান যুগত বিজ্ঞানৰ সহায়ত সোনকালে আৰু একেলগে বহুত মানুহ অহা-যোৱা কৰাৰ বাবে যথেষ্ট যান-বাহন আৱিষ্কাৰ কৰা হৈছে। তাৰ ভিতৰত ৰেল-গাড়ী, মটৰ-গাড়ী আৰু আকাশী জাহাজেই প্রধান। ইয়াৰ ভিতৰত সৱাতোকৈ আগেয়ে ৰেল-গাড়ী আৱিষ্কাৰ হয়। ৰেল গাড়ীৰ ইঞ্জিন চলাবলৈ কয়লাৰ জুই আৰু পানী লাগে। ৰেল- গাড়ী ওলোৱাত বহুত মানুহ একেলগে কম সময়ৰ ভিতৰতে নানা ঠাইলৈ যাব পৰা হ’ল। তথাপি মানুহৰ অসুবিধা দূৰ নহ’ল।

কিয়নো ৰেল-গাড়ীৰে এটা নিৰ্দিষ্ট পথেৰে কোনো নিৰ্দিষ্ট ঠাইলৈহে যাব পাৰি। যলৈকে ইচ্ছা তালৈকে যাব নোৱাৰি। এই অসুবিধা দূৰ কৰাৰ বাবে মটৰ গাড়ী আবিষ্কৃত হ’ল। মটৰ গাড়ী ৰেল-গাড়ীতকৈ সৰু যদিও ই যি কোনো পথেৰেই যাব পাবে। মটর-বাড়ী চলাবলৈ পেট্রল, ডিজেল আৰু পানীৰ আৱশ্যক। তাৰ পিছত বহু চিন্তা আৰু চেষ্টাৰে আকাশী-জাহাজ আৱিষ্কাৰ কৰিলে। পেট্রল, পানী আৰু বতাহৰ সহায়ত মানুহ আকাশৰ ওপৰেদি উৰি এঘণ্টাত প্ৰায় তিনি-চাৰিশ কিলোমিটাৰ ঘাট যাব পৰা হ’ল। তেতিয়াৰেপৰা মানুহৰ ভ্ৰমণত দূৰত্ব কমি গ’ল।

আজি-কালি মানুহে ঘোঁৰা, হাতী বা দোলা যানবাহনৰূপে ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে ৰেল গাড়ী, মটৰ গাড়ী, আকাশী-জাহাজ, চাইকেল, মটৰ চাইকেল, স্কুটাৰ, ৰিক্সা আদিহে ব্যৱহাৰ কৰে।

আকাশী যান বা উৰাজাহাজ অসমীয়া ৰচনা | Aircraft Assamese Essay in Assamese

তোমালোকে সকলোৱেই আকাশী যান বা উবা-জাহাজ দেখিছা। বর্তমান যুগত উৰা-জাহাজৰ কথা কৈ শেষ কৰিব নোৱাৰি। আকাশত উৰি ফুৰা চৰাই আমি সকলোৱে দেখিছোঁ। চৰাইটো বাৰু কিহৰ বলত স্বাকাশত উৰি ফুৰে ? পাখি বা ডেউকাৰ বলত। আমিও যদি কিবা প্ৰকাৰে বতাহ ফালি আকাশ-পথেদি উৰি যাব পাৰিলোহেঁতেন ?

এই চিন্তাকে লৈ চৰাইৰ আদৰ্শৰে বিজ্ঞানীসকলে আকাশী যান বা উৰা জাহাজ আৱিষ্কাৰ কৰিলে। জার্মান বিজ্ঞানী এজনে কাপোৰৰ ডেউকা সাজি ইঞ্জিনৰ সহায়ত প্ৰথমে আকাশত উৰে। তেওঁ প্ৰায় দুশ মিটাৰমান ওপৰলৈ উঠিছিল। তেওঁৰে আহি লৈ পিছৰ বিজ্ঞানী নতুন নতুন কৌশলৰে এই কাৰ্য্যত আগবাঢ়িবলৈ উপানি পায়। শেষত ১৯০৮ চনত ‘ইট’ উপাধিৰ দুজন বিজ্ঞানী ভাই-ককারে সম্পূর্ণকৈ আকাশী যানখন সাজি উলিয়ায়। এওঁলোকে পেৰিচৰ মানুহক প্রথমে আকাশী যানত তোলে।

আকাশী যানখন আকাশলৈ ঠেলা মাৰি তুলি দিয়া যন্ত্ৰটোৰ নাম ‘‘প্রপেলাৰ’। প্রপেলাৰ মিনিটত বহুবাৰ ঘূৰে ইয়াৰ সহায়তে আকাশী যান আকাশ-পথেদি আগবাঢ়ে। ইয়াৰ মূল ইঞ্জিনটো পেট্ৰ’লেৰে চালিত হয়। আকাশী যানৰ মূল অংশ সাধাৰণতে ডেউকাৰ তলত থাকে। পিছে আজি-কালি বিভিন্ন আকাৰৰ আকাশী যান ওলাইছে। সেয়ে ইয়াৰ সঠিক আকাৰৰ বৰ্ণনা দিব নোৱাৰি।

উৰা-জাহাজৰ তলত তিনিটা বৰবৰ চকা থাকে, উঠা-নমা কৰিবৰ সময়তহে চকা কেইটাৰে বিশেষ কাম হয়। যানখনক আকাশলৈ তোলে ‘এলিভেটিং’ নামৰ যন্ত্ৰটোৱে। যানখন উৰোঁতে প্ৰথমে ইয়াৰ পিছফালৰ অংশ আৰু শেষত গোটেই যানখন দাং খায়। পুনৰ নামিবৰ সময়ত ইয়াৰ এলিভেটিং যন্ত্র আওপাকে ঘূৰে। উৰা-জাহাজ উঠা-নমা কৰা ঠাইখন মুকলি হ’ব লাগে।

আকাশী-যানৰ সহায়ত এঠাইৰ যাত্ৰীক দূৰণিৰ আন এঠাইলৈ নিয়া হয়। ইঠাইৰপৰা সিঠাইলৈ নানা মাল বস্তু কঢ়িয়াবলৈও উৰাজাহাজ ব্যৱহাৰ কৰা হয়। এইবিধ যানৰ অতি প্রয়োজন বাঢ়ে যুদ্ধৰ সময়ত। সৈন্য বাহিনী আৰু সৈন্য বাহিনীৰ চদ-পাতি অনা-নিয়া কৰোতে ইয়াৰ ব্যৱহাৰ কৰা হয়। আকাশী যানেৰে যুদ্ধও কৰা হয়। ইয়াৰে ইদলে সিদলক আক্ৰমণ কৰিবলৈ সূচল। ইয়াৰোপৰি ইয়াৰে বোমা বর্ষণ কৰি শত্ৰু নিপাত কৰা হয়।

এখন নৈ বা নদী অসমীয়া ৰচনা | River Assamese Essay in Assamese

আমাৰ ওচৰতে থকা নৈখনৰ নাম পাগলাদিয়া। ই উত্তৰৰ ভোটৰ পৰ্বতৰপৰা ওলাই নানা গাৱঁৰ মাজেদি বৈ গৈ বৰলীয়া নামৰ নৈখনেৰে সৈতে মিলি ব্ৰহ্মপুত্ৰত পৰিছেগৈ। এই নৈখনৰ সোঁত বৰ প্ৰৱল। সেই কাৰণে ইয়াত গৰাখহনীয়াও বেছি। হয়। বাৰিষা কালত পাগলাদিয়া নৈত যেতিয়া ফেনে ফোটোকাৰে পানী পূৰ হৈ আহে, তেতিয়া ইয়াক দেখিবলৈ বৰ ভয় লগা হয় আৰু ইয়াৰ উৎপাতো বাঢ়ে। অৱশ্যে এই নৈখনে বাৰিষা অনেক পলস উটুৱাই আনি দুয়ো পাৰে পেলায়।

তেতিয়া সেই মাটিবোৰ পলসুৱা হয় আৰু খেতি-বাতিৰ বাবে যন উপযোগী হয়। যেতিয়া ধল আহে, তেতিয়া এই নৈখনে বহুতো ডাঙৰ ডাঙৰ গছ উটুৱাই আনে। আমাৰ মানুহে সেইবোৰ ধৰি আনি খৰি কৰে। নৈখনৰপৰা আমি উপকাৰ অৰু অপকাৰ দুয়োটাই পাওঁ। বাৰিষা কালত বানপানী হৈ নানা আহুকাল কৰে যদিও মাছ-পুঠিৰ আমদানি কৰে। নৈখন কিছু বহল হোৱা বাবে নাৱেৰে গৈ বেহা-বেপাৰ কৰাৰো সুবিধা আছে।

খৰালি নৈখন শুকায় যদিও পানী থাকেই। গতিকে খৰালি গাঁওবোৰত পানী শুকাই গ’লে চুবুৰীয়া ঠাইবোৰত এই নৈখনেই পানীৰ একমাত্ৰ সম্বল হৈ পৰে। তেতিয়া এই নৈত আমি গা ধোওঁ, কাপোৰ ধোওঁ, গৰুৰ গা ধুৱাই দিওঁ। সোঁত সদায় থকা বাবে ইয়াৰ পানী লেতেৰা নহয়। গতিকে বহুর মানুহে খৰালি ইয়াৰ পানীও খায়। আমি এই নৈৰ পানী ফিণ্টাৰৰ (পানী চেকা কল) সহায়ত চেকি লৈহে খাওঁ।

​​ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা | Student’s duty Assamese Essay in Assamese

স্কুল-কলেজ আদি শিক্ষানুষ্ঠানত পঢ়ি থকা জীৱনৰ আগডোগৰ কালকে ছাত্রজীবন বোলা হয়। স্কুল-কলেজত পঢ়ি-শুনি ভবিষ্যতে এজন সং আৰু দক্ষ নাগৰিক হৈ নিজৰ আৰু দেশৰ মুখ উজলাব— ছাত্ৰৰপৰা সকলোৱে ইয়াকে আশা কৰে। শিকি বুজি এজন লায়কৰ মানুহ হোৱাটোৱে ছাত্ৰৰ মূল লক্ষ্য আৰু সেই লক্ষ্য সাধনৰ কাৰণে কৰিবলগীয়া কামসমূহেই ছাত্ৰৰ কৰ্তব্য।

গতিকে প্রকৃত মানুহ হ’বলৈ যিবিলাক গুণৰ দৰকাৰ, ছাত্ৰ অৱস্থাতে সেই গুণসমূহ আয়ত্ত কৰিব লাগিব। পিছে আজি-কালি আমাৰ ছাত্ৰসকলৰ বেছি ভাগেই এই প্রাথমিক কর্তব্যকোকে নিয়াৰিকৈ কৰা দেখা নাযায়। পৰীক্ষাত উত্তীৰ্ণ হোৱাটোকে ছাত্ৰ-জীৱনৰ একমাত্ৰ উদ্দেশ্য বুলি ধৰি লৈ কোনোৱে আকৌ তাৰ কাৰণে প্ৰায় অসাধু উপায় অবলম্বন কৰে। এনে কৰাৰ পৰা নিজৰ জীৱনক ফাঁকি দিয়াহে হয়।

‘আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক’ : ‘ছাত্ৰসকল দেশৰ ভৱিষ্যৎ আশা-ভাৰসাৰ স্থল’ এইবোৰ কথা প্ৰায়ে কোৱা হয় আৰু এইবোৰ নিৰৰ্থকো নহয়। ছাত্ৰসকলৰ মাজৰপৰাই ওলাব লাগিব বিচক্ষণ ৰাজনীতিজ্ঞ, সুদক্ষ প্রশাসক, ন্যায়-নিষ্ঠ বিচাৰক, আদর্শ শিক্ষক আৰু নিষ্ঠাৱান ত্যাগী সমাজকর্মী।

কিন্তু শ্রেণীত অবাধ্য উচ্ছ্ব আৰু পৰীক্ষাত নকল কৰা ছাত্ৰই জানো সুনাগৰিক হ’ব পাৰিব ? তেনে ছাত্ৰৰ দ্বাৰাই জানো দেশৰ আশা-আকাঙ্ক্ষা পূৰণ হ’ব? সেয়ে ছাত্ৰৰ সৰ্বপ্ৰথম কর্তব্য হৈছে চৰিত্ৰ গঠন। সংযম, সততা, ন্যায়-নিষ্ঠা, ধৈর্য-ধৃতি, ক্ষমা, উদাৰতা, বিনয় আদি গুণসমূহ চৰিত্ৰৰ ঘাই উপাদান। এইবোৰ গুণ ছাত্ৰ অৱস্থাতে আয়ত্ত কৰিব নোৱাৰিলে পাছত হাজাৰ চেষ্টা কৰিলেও আয়ত্ত কৰিব পৰা নাযায়।

আনহাতে ছাত্ৰৰ কোমল অন্তৰত এইবোৰ ভাব জগাই তুলিব পাৰিলে সি চিৰকলীয়া হৈ ৰ’ব। এই মানসিক গুণৰাজি বিকাশৰ কাৰণে সৎ গ্রন্থ অধ্যয়ন আৰু সৎ সংগৰ একান্ত প্রয়োজন। অসৎ সংগই অসৎ কার্যলৈ উচটাই ছাত্রক অধঃপাতে নিয়ায়।

ছাত্ৰ অৱস্থাতে জীৱনৰ লক্ষ্য থিৰ কৰি লৈ ভৱিষ্যতৰ কৰ্ম-পন্থা বাছি ল’ব লাগে আৰু নিজক প্ৰস্তুত কৰিবলৈ যত্ন কৰিব লাগে। আমাৰ ছাত্ৰসকলে চাকৰিমুখী হোৱাতকৈ স্বাধীনভাৱে জীৱিকা অৰ্জনৰ পথ বাছি লৈ সেইমতেহে আৱশ্যকীয় শিক্ষা পোৱাৰ দিহা কৰিব লাগে। আনহাতে নিজৰ জীৱিকা অর্জনেই ছাত্ৰৰ পৰৱৰ্তী জীৱনৰ একমাত্ৰ কৰ্তব্য হ’ব নালাগিব। জীৱিকাৰ লগতে মানৱীয় গুণসমূহৰো অধিকাৰী হোৱাৰ লক্ষ্য ছাত্ৰসকলে আগত ৰাখিবই লাগিব।

মুঠতে যি কাম কৰিবলৈ নিবিচাৰক না ফিকে বাছি নলওক, তাত সিদ্ধিলাভ কৰাৰ অৰ্হতা ছাত্ৰ-জীৱনতে আর্জি ল’ব লাগিব আৰু জ্ঞানৰদ্বাৰাহে সেই অৰ্হতা লাভ হ’ব, যিহেতু জ্ঞানেই প্রকৃত শক্তি। অধ্যয়ন জ্ঞান আহৰণৰ সর্বোৎকৃষ্ট উপায়; গতিকে অধ্যয়নকেই জ্ঞান বুলিব পাৰি।

ইয়াত পঢ়ক:-

মোৰ বন্ধু অসমীয়া ৰচনা | My Friends Assamese Essay in Assamese

মোৰ বন্ধুজনৰ নাম শ্ৰী অৰবিন্দ দাস। তেওঁ পঢ়াত বৰ চোকা। ঘৰ নাৰায়ণ পুৰত। সদায় ৰাতিপুৱা দহ বজাত তেওঁ মোৰ তালৈ আহে আৰু আমি দুয়ো একেলগে স্কুললৈ যাওঁ। অৰবিন্দই সদায় পাইজামা আৰু কামিজ পিন্ধে। পিন্ধন-উৰণত তেওঁ বৰ পৰিপাটি। তেওঁ বাটে বাটে ডাঙৰ ডাঙৰ মানুহৰ কথা কৈ আহে। কোনজন মহৎ লোকে কেনেকৈ তেওঁৰ মহত্ত্ব প্ৰকাশ কৰিছিল, তেনে আলোচনা তেওঁ সদায় কৰে। শ্ৰেণী-কক্ষত শিক্ষক সোমালে অৰবিন্দই কোনো কথা নয়। কেৱল শিক্ষকৰ কথালৈ কাণ দি থাকে। শিক্ষকসকলেও তেওঁক বৰ মৰম কৰে।

খেল-ধেমালিত তেওঁৰ যথেষ্ট ৰাপ আছে। যোৱাবাৰ “স্কুল সপ্তাহত তেওঁ ‘বেষ্টমেন’ প্রাইজ পাইছিল। ফুটবল খেল হ’লে তেওঁ চাবলৈ যায়, কিন্তু কোনো দিনে খেলা নাই। বেডমিণ্টন হ’লে খুব খেলে।শিক্ষকে পাঠ বুজাওঁতে ভালকৈ বুজি নাপালে অৰবিন্দই ‘বুজা নাই ছাৰ আকৌ এবাৰ বুজাই দিয়ক’ বুলি তৎক্ষণাৎ কয়। আনবোৰ ছাত্ৰই হ’লে একো নকয়। আমাৰ স্কুলৰ আলোচনীখনত এইবাৰ তেওঁৰ এটা গল্প প্ৰকাশ পাইছে। আমাৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁক ভাল পায়।

ৰেল-গাড়ী অসমীয়া ৰচনা | Rail Assamese Essay in Assamese Language

ৰেল-গাড়ী আমাৰ দেশৰ মানুহৰ দৈনন্দিন জীৱনৰ বাবে এবিধ অতি আৱশ্যকীয় বাহন। এই বাহনত উঠি মানুহে দূৰণিলৈ ভ্ৰমণ কৰে; বস্তু অনা-নিয়া কৰে আৰু বেহা-বেপাৰৰ সামগ্রী আমদানি আৰু ৰপ্তানি কৰে। দুডাল লো’ৰ ওপৰত লো’ৰ চকা লগোৱা ডবাবোৰ শাৰীকৈ জোঁটা হয়। গাড়ীখন এটা ইঞ্জিনে টানি নিয়ে। ইঞ্জিন চলাবলৈ চালক থাকে। গাড়ী তত্ত্বাৱধানৰ দায়িত্বত একোজন ‘গার্ড’ থাকে। ঠায়ে ঠায়ে গাড়ীবোৰ কিছু সময় ৰৈ ৰৈ যায় ।

তাত যাত্রী উঠা-নমা কৰে। মাল-বস্তুও তোলে বা নমায়। সেই ঠাইবোৰক ৰেল ষ্টেচন বোলে। বেল গাড়ী সাধাৰণতে দুবিধ—এবিধ যাত্রী কঢ়িওৱা গাড়ী। তাকে ‘যাত্রীবাহী’ ৰেল-গাড়ী বোলা হয়। আনবিধ মাল-বস্তু কঢ়িওৱা গাড়ী। তাক ‘মাল-গাড়ী’ বোলে।

আজি-কালি আমি উঠা ৰেল-গাড়ীবোৰৰ এদিনতে ইমান উন্নতি হোৱা নাই। মানুহৰ বহু দিনৰ চিন্তা, সাধনা আৰু অধ্যৱসায়ৰ ফলত আমি আজিৰ ৰেল-গাড়ীৰ অৱস্থা দেখিছোঁ। ইং ১৭৪৬-৪৭ চনত ‘জেমছ্ ওৱাট্‌” নামৰ ইংল্যাণ্ড দেশৰ এজন সৰু ল’ৰাই চাহৰ কেট্‌লিত পানী উতলোৱা চাই আছিল। পানী উতলি আছিল আৰু কেলিটোৰ ঢাকনিখন পানীৰ ভাপৰ হেঁচাত কঁপি আছিল। বুদ্ধিমান ওৱাটৰ মগজুত এই কথাই ভাললৈ থিতাপি ল’লে।

শেষত ডাঙৰ হৈ এই বিষয়ে চিন্তা কৰি ১৭৬৫ চনত এটা ভাপৰ ইঞ্জিন তৈয়াৰ কৰি উলিয়ালে। এয়ে ৰেল-ইঞ্জিনৰ আদি কথা। অৱশ্যে সেই সময়ত এইবিধ ভাপৰ ইঞ্জিনৰ দ্বাৰা ৰেল গাড়ী চলোৱাৰ কথা মানুহে ভাবিবই পৰা নাছিল। বহু বছৰৰ মূৰত ফ্রান্স দেশৰ বিজ্ঞানী কুনো চাহাবে ভাপৰ ইঞ্জিনেৰে এবিধ তিনিচকীয়া গাড়ী চলাবলৈ লয়। কিন্তু এদিন ‘ইঞ্জিন-বয়লাৰ’ ফাটি গ’ল আৰু গৈ থাকোঁতে এখন দেৱালত খুন্দা খালে। ফলত এটা দুর্ঘটনা ঘটে।

আইনৰ বিচাৰত কুনোৰ জেল হ’ল। তেওঁৰ গাড়ীখন জব্দ হ’ল। কিন্তু মানুহৰ সন্ধানী মনে সন্ধানৰ কাৰ্য্য চলায়ে থাকিল। ইংৰাজ বিজ্ঞানী এগৰাকীয়ে আকৌ দুটা ভাপৰ ইঞ্জিন সাজি উলিয়ালে। এই ইঞ্জিন খনিত কয়লাৰ গাড়ী টনা কামত ব্যৱহাৰ কৰিছিল (১৮০৪ ইং)। এই দৰে নানা পৰীক্ষা-নিৰীক্ষা চলিয়ে থাকিল ।

অৱশেষত জৰ্জ ষ্টিফেন্‌চন নামৰ ইংৰাজ বিজ্ঞানী এগৰাকীয়ে ৰেল-গাড়ী টনা ইঞ্জিন আৱিষ্কাৰৰ গৌৰৱ অৰ্জন কৰিলে। ষ্টিফেন্‌চন কয়লা খনিৰ বনুৱা আছিল। কয়লা খনিত ব্যৱহাৰ কৰা ভাপৰ ইঞ্জিন দেখি তেওঁ এই নতুনকৈ ব্যৱহাৰ কৰা ৰেল-গাড়ীৰ ইঞ্জিন আৱিষ্কাৰৰ সপোন দেখিছিল (১৮১৩ ইং)। ১৮২৫ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে তেওঁৰ সপোন দিঠকত পৰিণত হ’ল। সেই দিনা ৰেল-গাড়ী চলোৱা চাবলৈ বেলৰ নতুনকৈ সাজি উলিওৱা কোঠাটোৰ দুয়োকাষে লোকে লোকাৰণ্য হ’ল। যথাসময়ত ইঞ্জিনে গতি কৰিলে। বেল-গাড়ী চলিল আৰু ৰাইজে বিপুল হর্ষধ্বনিৰে অভিনন্দন জনালে।

ষ্টিফেন্‌চন চাহাবৰ এই ইঞ্জিনটোৱে প্ৰথম ৰেল টনা ইঞ্জিন। এইটো ইঞ্জিন চলিছিল কয়লাৰ জুইৰে; কিন্তু আৰু এখোপ উঠিল। এতিয়া বিজুলী শক্তিৰেও ৰেল চলায়। ৰেল-গাড়ীৰে যাত্ৰী আৰু বস্তু কঢ়িওৱাৰ কাৰণে চৰকাৰে নিৰূপিতভাৱে ভাৰা লয়। অন্য দিশত বেল-বিভাগত চাকৰি কৰি কত লাখ লাখ লোকে জীৱিকাৰ পথ মুকলি কৰিব পাৰিছে। দৃশ ঠাইৰপৰা ৰেল-গাড়ীৰে আৱশ্যকীয় বস্তু-বেহানি অন্য-নিয়া কৰোঁতে খৰচো কম আৰু সময়ো বেছি নালাগে। ভবিষ্যতে বেল গাড়ীয়ে আৰু উন্নত অৱস্থা পাব বুলি আশা কৰিব পাৰি ।

আমাৰ গাঁও অসমীয়া ৰচনা | My Village Assamese Essay in Assamese

পৰিচয়—আমাৰ গাঁওখনৰ নাম জনকপুৰ। এই গাঁৱৰ উত্তৰ ফালে মাণিকপুৰ পাহাৰ আৰু দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নদ। পূবে খেতিৰ পথাৰ আৰু পশ্চিমে চৰকাৰী আলিবাটৰ এক অংশ পৰিছে। প্ৰাকৃতিক দৃশ্যত আমাৰ গাঁওখন বৰ শুৱনি। গাঁওখনৰ প্রায় ভাগ লোকে খেতি-বাতি কৰে আৰু কিছুমানে অলপ-অচৰপ বেহা-বেপাৰ কৰি সুখেৰে বসতি কৰি আছে। গাঁওখন দীঘে প্রায় এক কিলোমিটাৰ আৰু পথালিয়ে আধা কিলোমিটাৰমান হ’ব।

বৰ্ণনা——জনকপুৰ গাঁওখনত তিনিটা চুবুৰি। ইয়াত প্রায় তিনি শ ঘৰমান লোকে বাস কৰে। পশ্চিমফালৰ ৰাজ-আলিৰপৰা পূবফাললৈ এটা পঞ্চায়তৰ ভাল আলিবাট আছে। এই বাটটোৰ দুয়োফালে মানুহৰ ঘৰবোৰ শাৰী শাৰীকৈ পতা। ঘৰৰ পিছফালে পাণ-তামোলৰ বাৰী আৰু সন্মুখত নাৰিকল গছৰ শাৰীবোৰ দেখি বৰ ভাল লাগে। চুবুৰিয়ে প্ৰতি পানীৰ বাবে একোটা পকা নাদ আৰু প্ৰাৰ্থনাৰ বাবে একোটা নামঘৰ আছে।

শিক্ষা—গাঁওখনত লিখা-পঢ়া জনা লোকৰ সংখ্যা ক্রমে বাঢ়ি আহিছে। ইয়াত এখন নিম্ন বুনিয়াদী বিদ্যালয় আছে। নিম্ন বুনিয়াদী পৰীক্ষা পাচ কৰি ছাত্ৰসকলে চহৰৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়েগৈ

অন্যান্য প্রতিষ্ঠান—গাঁৱৰ মাজতে গাঁও পঞ্চায়তৰ অফিচ আৰু এটা সৰু ডাকঘৰ আছে। উত্তৰ ফালে থকা পাহাৰৰ ওপৰত এটা পুৰণি শিৱ-মন্দিব আছে। ইয়াত শিৱৰাত্ৰিৰ দিনা মেলা হয়। এই মেলালৈ অইন গাঁৱৰপৰাও লোক আহে।

সামৰণি—আমাৰ গাঁৱৰ মানুহৰ স্বাস্থ্য সাধাৰণতে ভাল। তথাপি অসুখ-বিসুখ আদিৰ ৰাৰে চৰকাৰী ডাক্তৰখানা এখনৰ আৱশ্যক। চৰকাৰে এই বিষয়ে বিৱেচনা কৰিবলৈ গাত লৈছে। এই গাঁৱৰপৰা গুৱাহাটীলৈ চৰকাৰী মটৰ-বাচ চলে। আমি বাস কৰা আমাৰ গাঁওখন অতি মৰমৰ। গতিকে গাঁওখনৰ মান ৰাখি আমি পঢ়া-শুনা, চলন-ফুৰণ আদিত মনোযোগ দিয়া উচিত।

বানপানী অসমীয়া ৰচনা | Flood Assamese Essay in Assamese

বানপানী এটি প্রাকৃতিক দুর্যোগ। সাধাৰণতে বাৰিষা কালতেই বানপানী হয়। বানপানীৰ তাণ্ডৱ-লীলা অতি ভয়ঙ্কৰ। খৰালি কালত আমি খাল, বিল, ন আদিৰ পানী শুকাই থকা দেখা পাওঁ : কিন্তু বাৰিষা কালত চাওঁতে চাওঁতেই বাঢ়নি পানী আহি সেইবোৰ ওপচাই ঘৰ, চোঁতাল, বাৰী, আলিবাট আদি বুৰাই পেলায়। ঘৰ-দুৱাৰ, গছ-গছনি, গৰু-ছাগলী, বস্তু-বেহানী, আন নালাগে মানুহ পৰ্য্যন্ত উটি ভাহি যায়।

বানপানীৰ সময়ত মানুহে জীৱন-মৰণ সমস্যাৰ মাজত থাকে আৰু অশেষ নিকাৰ ভুঞ্জে। এনে বিপদৰ সময়ত বাহিৰৰপৰা মানুহে সহায় নকৰিলে জীয়াই থাকিবলৈ টান হয়। আজি-কালি চৰকাৰে আৰু কিছুমান বেচৰকাৰী অনুষ্ঠানেও চাউল, খোৱা বস্তু, কাপোৰ আদি সাময়িকভাৱে যোগান ধৰে।

বানপানীৰ লগে লগে হাইজা আৰু আন আন মহামাৰীৰো উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে। বানপানী শাম কাটি যোৱাৰ পিছত ঠাইবোৰ জেকনি লাগি লেতেৰা হয়। তেতিয়া সাৱধানে নাথাকিলে জ্বৰ, কাহ, হাইজা আদি বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। বহুতে এইবোৰ বেমাৰত পৰি মৃত্যুৰ মুখতো পৰে।

প্ৰতি বছৰেই অসমত বানপানী হৈ অনেক ক্ষতি সাধন কৰে। ফলত অসমৰ খাদ্য সমস্যা দিনে দিনে জটিল হৈ পৰিছে। বানপানীয়ে বছৰি পাবলগীয়া শস্যবোৰো নষ্ট কৰে। নতুনকৈ খেতি কৰিবলৈ খেতিয়কে সূচল নাপায়। পানী কমি যাওঁতে যাওঁতে খেতিৰ বতৰো উকলি যায়। বানপানীয়ে আমাৰ উপকাৰো সাথে। পলস পৰি পথাৰবোৰ সাৰুৱা হয়। তেতিয়া খেতি-বাতি বৰ ভাল হয়; ফচল বাঢ়ে।

বিশেষকৈ অসমত পানী ওলাই যোৱা ব্যৱস্থা, মথাউৰি বন্ধা আৰু পানীৰ গতি অনুসৰি খাল খন্দাটো প্রয়োজন হৈ পৰিছে। বৰ্তমান চৰকাৰে এই ব্যৱস্থা হাতত লৈছে।

ইয়াত পঢ়ক:-

কাকত অসমীয়া ৰচনা | Newspaper Assamese Essay in Assamese

আৰম্ভণি – কাকত বুলিলে সাধাৰণতে লিখা কাকতকে বুজায়। কিন্তু লিখা কাৰ্যৰ উপৰিও কাকত নানা কামত ব্যৱহাৰ কৰা হয়। মুঠৰ ওপৰত কাকত সভ্য জগতৰ কাৰণে বৰ লাগতিয়াল বস্তু। পুৰণি কালত যেতিয়া কাকত নাছিল, তেতিয়া মানুহে বাকলি, পাত আৰু ছাম্‌ৰাৰ ওপৰত বহুমূলীয়া কথাবোৰ লিখি বাগিছিল। সাঁচিপতীয়া পুৰণি পুথিবোৰ আমাৰ দেশৰ এটা অমূল্য সম্পদ।

উৎপাদন– কাকতক আমি তুলাপাত বুলিও কওঁ। কাৰণ অতীজত তুলাৰপৰা পোনতে লিখাৰ উপযোগীকৈ কাকত তৈয়াৰ কৰা হৈছিল। কাকত তৈয়াৰ কৰিবলৈ বাঁহ জাতীয় উদ্ভিদ ব্যৱহাৰ কৰা হয়। বাঁহ, বিশেষ ধৰণৰ কাঠ, ঘাঁহ আদি বস্তু যন্ত্ৰৰ দ্বাৰা মণ্ড তৈয়াৰ কৰে। এইবোৰ কলত চেপি কাকত কৰা হয়। হস্তশিল্প হিচাপেও কোনো কোনোৱে কাকত তৈয়াৰ কৰা দেখা যায়। সম্প্ৰতি আমাৰ অসমত যোগীঘোপা আৰু জাগীৰোডৰ ওচৰত কাকতৰ কল স্থাপন হৈছে।

কাকতৰ প্ৰকাৰ–  ব্যৱহাৰৰ সুবিধাৰ কাৰণে নানাবিধ কাকত তৈয়াৰ কৰা হয়। লিখাৰ কাৰণে, ছপা কামৰ বাবে আৰু বয়-বস্তু আদি বান্ধিবলৈও নানাবিধ কাকত ব্যৱহাৰৰ উপযোগী কৰি তৈয়াৰ কৰি লোৱা হয়।

উপকাৰিতা—কাকতৰ উপকাৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। শিক্ষা আৰু সভ্যতাৰ কাৰণে কাকত অতি আৱশ্যকীয় বস্তু। লিখা কামৰ উপৰিও কিতাপ-পত্ৰ, বাতৰি কাকত আদি কাকতত প্ৰকাশ হয়। গতিকে কাকত নহ’লে আমি এক মুহূর্তও চলিব নোৱাৰোঁ।

সামৰণি—আমাৰ অসমত কাকত তৈয়াৰ কৰিব পৰা নানাবিধ দ্রৱা, বাঁহ, ঘাঁহ-বন আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। আমি আশাকৰোঁ যেন অসমত আৰু কেইবাটাও কাকতৰ কল স্থাপন হয়।

ইয়াত পঢ়ক:-

শৰৎকাল

আমাৰ ছ’টা ঋতুৰ ভিতৰত শৰৎ অন্যতম। ঋতুৰ ৰজা বসন্ত আৰু ৰাণী শৰৎ। প্রকৃতিক ভাল পোৱা মানুহে যুগে যুগে শৰতৰ ৰূপ বৰ্ণনা কৰি আহিছে। আমাৰ ভাদ মাহ শেষ হোৱাৰ লগে লগে মিঠা শৰতে নতুন ওৰণি লৈ ভূমুকি মাৰে। ভাদ যায়। লগতে যায় বাৰিষাৰ বিপৰ্যয় আৰু আতংক।

শৰতৰ আগমনে প্ৰকৃতিৰ ৰূপত পৰিৱৰ্তন ঘটায়। বাট-পথ শুকায়, পানী নির্মল হয়। শেৱালি ফুলে। ভেঁট-পদুমে পাহ মেলে। বর্ষা-ক্লিষ্ট গছ-বন-লতাই নতুন পাত ধৰে। তোমৰাই ফুলৰ পাহে পাহে ফুল মধু পান কৰি ফুৰে। সজীৱ হৈ উঠে দূৱৰিবনৰ দলিচা।

প্ৰকৃতিৰ এনে পৰিৱৰ্তনৰ লগতে মানুহৰ মনো যেনে পৰিৱৰ্তিত হয়। বর্ষাত হাড়-ভঙা পৰিশ্ৰম কৰি বোকা-পানী খচকী খেতিয়কে শৰতত জিৰণি পায়। আশাৰে বাট চাই থাকে আঘোণৰ সোণালী পথাৰৰ বাবে। শৰতৰ সেউজী পথাৰ আঘোণত হৈ পৰিব সোণালী।

আনি দিব ভঁৰাল ভৰা ধান। শৰৎকাল জিৰণিৰ সময় বুলিয়ে খেতিয়কে হাত সাৱটি বহি নাথাকে। পথাৰৰ কাম এৰি ঘৰুৱা কামত হাত দিয়ে। শৰৎকালৰ ভিতৰতে খেতিয়কে শীতকালীন শাক-পাচলি, সৰিয়হ আদিৰ খেতি কৰি বাৰী-ঘৰ শুৱনি কৰে।

প্ৰকৃতিৰ এই ৰূপৰ মাজতে আহে শাৰদীয় পূজা। আজিও শৰৎ অকলে নাহে ; লগতে লৈ আহে সকলো শক্তিৰ উৎস মাতৃ দুর্গাপূজা। শৰতৰ এই ৰূপত এদিন পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণও মুগ্ধ হৈ যমুনাৰ বালিত গোপিনীসকলক লৈ ৰাস-উৎসৱ পাতিছিল। সেয়া আছিল এক উজ্জ্বল পৱিত্ৰ আৰু স্নিগ্ধ শাৰদ-পূৰ্ণিমাৰ ৰাতি। আজিও শৰতৰ এই পূর্ণিমা তিথিত ৰাসোৎসৱ পাতে। উৎসৱ-প্রিয় মানুহে আজিও শৰতৰ এই পূৰ্ণিমাৰ পোহৰ উপভোগ কৰে ৷

যুগে যুগে শৰৎ আহিছে, গৈছে। যুগে যুগে শৰৎ আহিব আৰু যাব। শৰতৰ ওপৰত আমাৰ আশা থাকিল, তেওঁৰ সেই চিৰ সুন্দৰৰ লগত ভয়াৱহ অভাৱ অনাটন যেন লগত লৈ নাহে। তেতিয়া আমাৰ বাবে শৰৎ হ’ব এক চিৰ সুন্দৰৰ উৎস।

 

​খনিজ বিষয়ক অসমীয়া ৰচনা | Minerals Assamese Essay in Assamese

লো অসমীয়া ৰচনা | Iron Assamese Essay in Assamese

লো এবিধ খনিত থকা বস্তু। আন আন খনিজ বস্তুৰ দৰে লো মাটিৰ তলত থাকে। মাটিৰ তলৰ খনিৰপৰা উলিয়াই আনি এই লো প্রথমে কলৰ সহায়ত শোধন কৰা হয়। তাৰ পাছতহে লো’ৰপৰা মানুহৰ লাগতিয়াল বস্তু তৈয়াৰ কৰা হয়। কমাৰসকলৰ ব্যৱসায় সম্পূৰ্ণৰূপে লো’ৰ ওপৰতেই নিৰ্ভৰ কৰে।

সাধাৰণতে আন ধাতুবোৰৰ তুলনাত লো’ৰ মূল্য কম। কিন্তু ব্যৱহাৰত লো সকলো ধাতুতকৈ ওপৰত। মানুহৰ সকলো কাম সমাধা কৰিবৰ বাবে লো’ৰ প্ৰয়োজন আৰু ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ সকলো মানুহৰ মাজতেই আছে।

​​

কটাৰী, দা, কোৰ, কুঠাৰ, খস্তি আদি সঁজুলিবোৰ আমাৰ সকলো মানুহৰ প্রয়োজন। এই প্রয়োজনীয় বস্তুবোৰ লো’ৰপৰাই তৈয়াৰ কৰা হয়। মিস্ত্ৰীসকলে হাঁতুৰী, বটালী, কৰত, বাচুলা, বেন্দা আদি যি ব্যৱহাৰ কৰে, সিও লো’ৰ দ্বাৰা নির্মিত। জাহাজ, বেল-গাড়ী, মটৰ-গাড়ী, ট্রাম-গাড়ী সকলোবোৰ লো’ৰ দ্বাৰাই নির্মিত। কামান, বন্দুক, টেঙ্ক আদি যুদ্ধৰ অস্ত্ৰসমূহো লো’ৰে তৈয়াৰ কৰে। লোৰ গজাল, বল্টু, কব্জা আদি যাৱতীয় বস্তুবোৰ ঘৰ সাজোঁতে ব্যৱহাৰ কৰা হয়। আন বহুত ধাতু নহ’লেও মানুহ চলিব পাৰে ; কিন্তু লো’ৰে নিৰ্মিত বস্তু ব্যৱহাৰ নকৰাকৈ কোনো মানুহ চলিব নোৱাৰে।

কয়লা অসমীয়া ৰচনা | Coal Assamese Essay in Assamese

কয়লা এবিধ খনিজাত পদার্থ। ভূগৰ্ভৰ তলিত পোৱা বাবে আগৰ কালত মানুহে ইয়াক নাগ-মাটিও বুলিছিল। কয়লাৰ ৰং ক’লা। তৃগৰপৰা কেঁচা কয়লা তুলি আনি তাক পুৰি শোধন কৰি ব্যৱহাৰৰ উপযোগী পকা কয়লা বা কোক কালা তৈয়াৰ কৰা হয়।

কয়লা প্ৰকৃতিৰ সৃষ্টি। হাজাৰ হাজাৰ বছৰৰ আগেয়ে পৃথিবী ডাঠ বননিৰে পৰিপূৰ্ণ আছিল। প্রাকৃতিক বিপর্যয়ত এই বননি সে হৈ মাটিৰ তলত তৰপে তৰপে পোত গৈ থাকে। এনেকুৱা বননিৰ গছ-কাঠবোৰেই ভূগৰ্ভৰ তাপ আৰু চাপত কয়লালৈ ৰূপান্তৰিত হয়। সেয়েহে ভূগৰ্ভত কয়লাবোৰ স্তৰে স্তৰে সঞ্চিত হৈ থকা দেখা যায়।

পৃথিৱীৰ প্ৰায় সকলো দেশতে কয়লা পোৱা যায়। ভাৰতৰ ৰাণীগঞ্জ কয়লাৰ কাৰণে বিখ্যাত। আমাৰ অসমৰ মাৰ্ঘেৰিটা, লিডু আদি ঠাইত কয়লাৰ খনি আছে।

ওপৰৰপৰা কাটি কাটি গৈ ক্রমে কয়লাবোৰ খনিৰপৰা কঢ়িয়াই অনা হয়। কয়লা খনিৰপৰা কঢ়িয়াই অনাটো বৰ কষ্টকৰ আৰু বিপজ্জনক। আজি কালি উন্নত বৈজ্ঞানিক উপায়েৰে যথেষ্ট সতর্কতা সহকাৰেই কয়লা খনিৰ কাম পৰিচালনা কৰা হয়। তথাপিও ওপৰৰ মাটি খহি গৈ, পানী বন্ধ হৈ নতুবা বিস্ফোৰণ আদি নানান দুর্ঘটনা ঘটি খনিত কাম কৰা বনুৱা কৰ্মচাৰীৰ প্ৰায়ে মৃত্যু হোৱা দেখা যায়। এনে বিপদ সংকুল অৱস্থাৰ মাজেৰেও কাম কৰি কৰি যিবোৰ কনুৱাই কয়লা উত্তোলন কৰে, সিবোৰৰ প্ৰতি মানৱ জাতি কৃতজ্ঞ হোৱা উচিত।

কয়লা আমাৰ বহুত কামত লাগে। পেট্রোল, ডিজেল আৰু ঘাইকৈ বিদ্যুৎ-শক্তি আৱিষ্কাৰ হোৱাৰ পূৰ্বে ডাঙৰ ডাঙৰ কল-কাৰখানা আদিৰ ইঞ্জিন-মটৰবোৰৰ কালাই আছিল একমাত্র প্রজ্বালক। ৰেল-ইঞ্জিন আৰু ভালেমান কাৰখানাৰ কামত ব্যৱহাৰ হোৱা ইঞ্জিনসমূহ কয়লাৰে চলোৱা হৈছিল। ৰন্ধা-বঢ়া আৰু কমাৰশালৰ কামৰ নিচিনা অনেক সৰু-সৰু কামত নিতৌ আমি কয়লা ব্যৱহাৰ কৰিবই লাগিছোঁ। শীতপ্রধান ঠাইত কয়লাৰ জুইৰে ঘৰৰ কোঠালিও গৰম কৰি ৰখাৰ ব্যৱস্থা আছে। ভালেমান বং আৰু অন্যান্য সামগ্ৰী আদিও কালাৰপৰাই উপৰুৱা উৎপাদন হিচাপে পাব পাৰি। আল্‌কাা, ফেনাইল, কাঠত দিয়া তেল আদিও কয়লাৰপৰাই তৈয়াৰ কৰা হয়। ক্যালাৰপৰা ‘চেকাৰিণ’ নামৰ এবিধ মিঠা বস্তুও আৱিষ্কাৰ কৰা হৈছে। ইয়াক চেনিৰ সলনি ব্যৱহাৰ কৰিব পাৰি।

শাক-পাচলিৰ বিষয়ে অসমীয়া ৰচনা | Vegetables Assamese Essay in Assamese

কবি অসমীয়া ৰচনা | Cabbage Assamese Essay in Assamese

শুদা ভাত বা অকল দাইল-ভাত খাই আমি জীয়াই থাকিব নোৱাৰোঁ। সেইবাবে খাদ্যৰ অঙ্গ হিচাপে সকলো দেশৰ লোকেই শাক-পাচলি গ্ৰহণ কৰিছে। শাক-পাচলিৰ ভিতৰত কবি মানুহৰ অতি প্রিয় খাদ্য। কবি তিনি জাতৰ আছে। যেনে—–বান্ধা কবি, ফুল কবি আৰু ওল কবি।

বন্ধা কবিৰ কোমল পাতবোৰ ঠাহ্ খাই এটা বলৰ আকৃতিৰ দৰে হয়। ভিতৰৰ পাতবোৰ সদায় কোমল হৈ থাকে । ফুল কবি পাতৰ মাজত হোৱা এটা ফুল। এই ফুলটোহে মানুহে খায়। ফুল কবি খাবলৈ বৰ সোৱাদ আৰু পুষ্টিকৰ। ওল কবি পাতৰ তলত গছজোপাৰ গুৰিত হয়। ইয়াৰ আকৃতি ঘূৰণীয়া আৰু তাৰ ওপৰত দীঘল পাতবোৰ থিয় হৈ থাকে। খাবলৈ এইবিধ কবিও বেছ সোৱাদ।

কবি খেতি কৰাৰ নিয়ম আৰু সময় আছে। ই ৰবি শসা, সেই কাৰণে আমাৰ দেশৰ মানুহে সাধাৰণতে শৰৎকালত ইয়াৰ খেতি কৰে। মানুহে প্ৰথমে এডৰা সাৰুৱা ঠাইত কবিৰ গুটি সিঁচে। সেই গুটিবোৰ গজি উঠি পুলিবোৰ যেতিয়া তিনি-চাৰিপতীয়া হয়, তেতিয়া তাক তুলি নি নিৰ্দিষ্ট ঠাইত ৰোৱা হয়। কবি ৰোৱ মাটিডৰা খুব ভালকৈ চাহ কৰিব লাগে। কবিৰ পুলিবোৰ ঠন ধৰি উঠিলে তাৰ গুৰিত পানী দিব লাগে।

যিমানেই পানী দিয়া হয়, কৰিবোৰ সিমানেই বেছি ডাঙৰ হয়। কবিৰ গুৰিত নানাবিধ সাৰ দিব লাগে। আজি কালি ৰাসায়নিক পদ্ধতিৰে তৈয়াৰ কৰা সাৰ দিলে কবি সোনকালে ডাঙৰ হয়। কবিৰ পুলিবোৰ সৰু হৈ থাকোতে নানাবিধ পোকে ধৰে। সেই কাৰণে ওচৰত থকা কৃষি বিভাগৰ পৰামৰ্শমতে কবি-গছত নানাবিধ দৰব ছটিয়াব লাগে আৰু গুৰিৰ মাটিবোৰ ঘনাই খুঁচৰি দিব লাগে। মাটিডৰাত যাতে অনবৰত ৰ’দ পৰে, তালৈ লক্ষ্য ৰাখিব লাগে।

লাই আৰু পালেং শাক অসমীয়া ৰচনা

ৰবি শস্যৰ ভিতৰত আৰু মানুহে খোৱা শাকৰ ভিতৰত লাই আৰু পালেং শাকেই বৰ প্ৰিয়। অসমৰ সকলো মানুহেই কম-বেছি পৰিমাণে ইয়াৰ খেতি কৰে। এই শাকৰ খেতি কৰোঁতে বেছি কষ্ট কৰিব নালাগে। অলপ ঠাই হ’লে মাটিডৰা ভালদৰে কোৰ মাৰিয়েই চহাব পাৰি। মাটি ভালদৰে চাহ হ’লে সাৰ মিহলাই গুটি সিঁচিব লাগে। এসপ্তাহৰ ভিতৰতেই লাই শাকৰ গুটি গজি উঠে। পালেং শাকৰ গুটি গজিবলৈ কেইদিনমান সময় লাগে। সোনকালে গুটিবোৰ নগজিলে সাধাৰণভাৱে পানী ছটিয়াই দিব লাগে।

আমাৰ দেশৰ বেছিভাগ মানুহেই একেডৰা মাটিতে লাই আৰু পালেঙৰ খেতি কৰে আৰু সেইডৰা মাটিতেই শাকবোৰ ডাঙৰ হ’বলৈ দি পাছত তুলি নি খায়। কোনোৱে আকৌ সিঁচা ঠাইৰপৰা নিচেই সৰুতে শাকৰ গুলিবোৰ তুলি নি আন ঠাইত ৰোৱে। প্ৰকৃততে এনেকৈ ৰোৱাই নিয়ম। কিয়নো এনেকৈ কলে শাকৰ পাত আৰু গা-গছ ডাঙৰ হয়। শাক ৰোৱাৰ পিছত গুৰিবোৰ সঘনে খুঁচৰি থাকিব লাগে। লাই-পালেং শাকৰ বাবে গৰুৰ পচা গোবৰ উত্তম সাৰ।

লাই শাকৰ জাত কেইবাটাও, যেনে : বৰ লাই, সক লাই, পদ্ম লাই ইত্যাদি। ইয়াৰ ভিতৰত পদ্ম লাই দেখিবলৈ শুৱনি আৰু খাবলৈকো সোৱাদ। পালেং শাকৰ তেনে কোনো জাত নাই। লাই শাকতকৈ পালেং শাকত ভিটামিন (খাদ্য প্রাণ) বেছি থাকে।

জীৱনীমূলক অসমীয়া ৰচনা | Biographical Assamese Essay in Assamese Language

শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া ৰচনা | Srimanta Sankardeva Assamese Essay in Assamese

পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া স্থান-কাল-পাত্র ভেদে একো একোজন মহাপুৰুষে ধর্মৰক্ষা কৰিবলৈ জন্মগ্ৰহণ কৰে। এনে এজন মহাপুরুষ শ্ৰীমন্ত শঙ্কৰদেৱ । ইং ১৪৪৯ খ্রীষ্টাব্দত (১৩৭১ শক) নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত শঙ্কৰদেৱৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্য- সন্ধ্যা।

শ্ৰীমন্ত শঙ্কৰদেৱ সৰুৰেপৰাই বলী, সাহসী আৰু নিৰ্ভীক আছিল। ল’ৰালি কালৰ কেইবাটাও বছৰ নানারকমে খিতিঙালি কৰি কটাই দিয়াৰ পাছত এদিন বুঢ়ীমাক খেৰসূতিয়ে গালি-শপনি পাৰি, গা-পা ধুৱাই মহেন্দ্ৰ কন্দলি শিক্ষা-কৰ টোলত থৈ আহিল। আৰম্ভ হ’ল বিদ্যাশিক্ষা। অলপ দিনৰ ভিতৰতে আন আন মেধাৱী ছাত্ৰৰ লগত সমানে ফেৰ মাৰিব পৰা হ’ল। বৰ্ণমালাৰ সৈতে পৰিচয় হৈয়ে আকাৰ উকাৰ নথকা ঈশ্বৰ বন্দনা লিখি সকলোকে আচৰিত কৰি তোলে। টোলত কেইবছৰমান থকাৰ পাছত তেওঁ সকলো শাস্ত্ৰত পাগত হৈ শিক্ষা শেষ কৰি ঘৰলৈ ঘূৰি আহে।

শিক্ষা শেষ কৰি আহি তেওঁ শিৰোমণি তাৰ বিষয় বা লয়। ২১-২২ বছৰ বয়সতে তেওঁ সূর্যদেৱীক বিয়া কৰাই গার্হস্থ্য জীৱন আৰম্ভ কৰে। তিনি-চাৰি বছৰৰ পাছত তেওঁৰ মনু নামৰ ছোৱালী এজনীৰ পিতৃ হয়। মনুৰ জন্মৰ ন-মাহ পাছত পত্নী সূর্যদেৱীৰ মৃত্যু হোৱাত দ্বিতীয়বাৰ কালিন্দিক বিয়া কৰায়।

প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত ১৪০৩ শকত ১৭ জন লগৰীয়া লৈ ভাৰতৰ বিভিন্ন তীর্থ ভ্ৰমণ কৰিবলৈ যায়। ১২ বছৰ ধৰি মথুৰা, কাশী, বৃন্দাবন, গয়া, বদৰিকা আশ্রম আদি নানা তীর্থ ভ্ৰমণ কৰে। ১৭ বছৰ বয়সত গুৰুজনাই ছ’কুৰি ভকত লগত লৈ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিছিল ।

প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি ঘূৰি অহাৰ পাছত ‘চিহ্ন যাত্রা’ নাট ৰচনা কৰি ভাওনা কৰে। এই ভাওনা দেখি তেওঁৰ প্ৰতি ৰাইজৰ প্ৰগাঢ় ভক্তি জন্মিল। ইয়াৰ লগে লগে তেওঁৰ জীৱনত ডাঙৰ পৰিৱৰ্তন ঘটিল। শিক্ষাগুরু মহেন্দ্ৰ কন্দলিকে আদি কৰি কেইবাজনো ব্যক্তিয়ে শৰণ ল’লে। অসমত নৱবৈষ্ণৱ ধৰ্মৰ জোৱাৰ উঠিল।

মাধৱদেৱ আছিল শংকৰদেৱৰ অতি প্ৰিয় আৰু প্ৰধান শিষ্য- ‘মাধৱ বান্ধব’। দুয়ো লগ লাগি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। শঙ্কৰ-মাধৱৰ এই মিলনক ‘মণিকাঞ্চন’ সংযোগ বুলি কোৱা হয়।

তেওঁৰ ধৰ্মৰ মূল বস্তু ঈশ্বৰৰ নাম। ঈশ্বৰ চিন্তাৰ প্ৰধান ক্ষেত্ৰ মানুহৰ বিশুদ্ধ হৃদয় আৰু বিশুদ্ধ মন। সৎ চিন্তা আৰু সৎ ভাবে মানুহক ঈশ্বৰ উপলব্ধিত সহায় কৰে। তেওঁৰ ধৰ্মত সকলো সমান। জাতি বা মানুহৰ কোনো ডাঙৰ-সৰু নাই।

শঙ্কৰদেৱ অসমীয়া ভাষা-সাহিত্যৰ জনক। তেওঁ ভাগৱতৰ দশম স্কন্ধ, কীর্তন, বৰগীত, ভক্তি প্রদীপ আদি পুথি ৰচনা কৰাৰ উপৰিও চিহ্ন যাত্ৰা, পাৰিজাত হৰণ, পত্নী-প্ৰসাদ আদি নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ যায়।

‘কীৰ্তন’ গুৰুজনাৰ সাহিত্যৰ বিজয় স্তম্ভ। ই প্ৰতিজন অসমীয়াৰ আপোন, চিৰ পৰিচিত এক আপুৰণীয়া সম্পদ। গুৰুজনাই প্ৰায় ছ’কুৰি বছৰ জীয়াই থাকি অসমীয়া জাতি, অসমীয়া সমাজ আৰু অসমীয়া ভাষাক নতুন ভেটিত প্ৰতিষ্ঠিত কৰি ১৫৬৮ চনত (১৪৯০ শকত) কোচবিহাৰত বৈকুণ্ঠ প্ৰয়াণ কৰে।

ইয়াত পঢ়ক:-

আনন্দৰাম বৰুৱা অসমীয়া ৰচনা | Anandaram Barua Assamese Essay in Assamese

জন্ম আৰু বংশ পরিচয় :— ইং ১৮৫০ চনত উত্তৰ গুৱাহাটীত আনন্দৰাম বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ উত্তৰ গুৱাহাটীৰ প্ৰখ্যাত বৰুৱা বংশৰ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুর্লভেশ্বৰী বৰুৱানী। আনন্দৰাম বৰুৱাৰ পূৰ্বপুৰুষসকল অসমৰ নামজ্বলা বংশৰ নৈষ্ঠিক পৰিয়ালৰ মানুহ আছিল।

শিক্ষা— আনন্দৰাম বৰুৱাই প্ৰথমে ঘৰতে সংস্কৃত পঢ়িছিল। সৰু কালৰেপৰা সংস্কৃত চৰ্চা কৰি বৰুৱাই ইংৰাজী শিক্ষা আৰম্ভ কৰে। চৈধ্য বছৰ বয়সতে তেওঁ | গুৱাহাটীৰপৰা হাইস্কুলৰ শেষ পৰীক্ষা দিয়ে আৰু সেই পৰীক্ষাত দক্ষতাৰে উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু প্ৰেচিডেন্সি কলেজত চাৰি বছৰ পঢ়ি বি. এ. পাচ কৰে।

সেই সময়ত আমাৰ দেশত শিক্ষিত লোকৰ সংখ্যা বৰ কম আছিল। বৰুৱাদেৱৰ মেধাৱী শক্তি দেখি চৰকাৰে তেওঁক উৎসাহিত কৰে আৰু মাহিলি ৬০০.০০ টকা বৃত্তি দি বিলাতলৈ | পঠিয়ায়। বিলাতত তেওঁ তিনি বছৰ পঢ়ে আৰু তাৰপৰা বাৰ এট-ল অর্থাৎ বেৰিষ্টাৰী পৰীক্ষা আৰু চিভিল চাৰ্ভিচ পৰীক্ষা পাচ কৰে। তেওঁ অসমৰ প্ৰথম “চিভিলিয়ান’ আৰু প্ৰথম বেৰিষ্টাৰ। বিলাতৰপৰা উভতি আহোঁতে তেওঁ বাটতে কলিকতাত সংস্কৃতৰ এটা বিশেষ পৰীক্ষা দি চৰকাৰৰপৰা দুহাজাৰ টকা পুৰস্কাৰ পায়।

কৰ্মজীৱন :- বৰুৱাদেৱে প্ৰথমে উচ্চ ন্যায়ালয়ত ওকালতি কৰে। তাৰ পাছত চৰকাৰে তেওঁক সহকাৰী হাকিম পদত নিযুক্ত কৰি শিৱসাগৰত ৰাখে৷ তাত তেওঁ ভালেমান দিন অতি সুখ্যাতিৰে চাকৰি কৰাত চৰকাৰে আনন্দ পায় আৰু কলিকতালৈ | বদলি কৰি বিচাৰকৰ পদত নিযুক্ত কৰে। তেওঁ বঙ্গদেশৰ কেইবাখনো ঠাইত বিচাৰক হিচাপে কাম কৰিছিল।

চৰিত্ৰ—চাকৰি-জীৱনত বৰুৱাদেৱে বৰ সুনাম অৰ্জন কৰিছিল। চৰকাৰ আৰু দেশৰ লোকে তেওঁক বৰ শ্ৰদ্ধা কৰিছিল। বিচাৰক হৈ থাকোঁতে তেওঁ সদায় সত্যৰ সপক্ষে ৰায় দিছিল। তেওঁ বৰ দয়ালু পুৰুষ আছিল আৰু দুখীয়াক মুক্তহস্তে দান কৰিছিল।

তেওঁ অত্যন্ত পৰিশ্ৰমী আছিল। অত্যধিক পৰিশ্ৰমৰ বাবে অতি কম বয়সতে তেওঁৰ স্বাস্থ্য হানি হয়। পিছত যদিও স্বাস্থ্যৰ কাৰণে যত্ন কৰিছিল, তাৰ ফল কিন্তু নধৰিলে। মাত্র ৩২ বছৰ বয়সতে তেওঁ ইহ সংসাৰৰপৰা বিদায় ল’লে।

আনন্দৰাম বৰুৱা এজন মেধাৱী আৰু চিন্তাশীল পুৰুষ আছিল। তেওঁ সংস্কৃত ভাষাৰ অগাধ পণ্ডিত আছিল আৰু তেওঁৰ পাণ্ডিত্যই অসমীয়া, বঙালী, ইংৰাজ আদি সকলো লোককে মোহিত কৰিব পাৰিছিল।

ইয়াত পঢ়ক:-

ৰসৰাজ বেজবৰুৱা অসমীয়া ৰচনা | Rasraj Bezbaruah Assamese Essay in Assamese

জন্ম আৰু বংশ পরিচয়ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ চনৰ আহিন মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা।, লক্ষ্মীনাথ বেজবৰুৱা এজন অসাধাৰণ সাহিত্যিক আছিল আৰু তেওঁৰ সাহিত্যই সকলো পাঠককে আমোদ দিব পাৰিছিল। সেই কাৰণে লোকে তেওঁক ৰসৰাজ বেজবৰুৱা বোলে।

শিক্ষা : লক্ষ্মীনাথ বেজবৰুৱাই শিৱসাগৰৰ ইংৰাজী বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষা পাচ কৰে। তেতিয়া অসমত কলেজ নাছিল। সেই কাৰণে বেজবৰুৱা উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু কলিকতাৰ কলেজৰপৰা ১৮৯১ চনত বি. এ. পৰীক্ষা দি উত্তীৰ্ণ হয়। বি. এ. পাচ কৰাৰ পাছত সেই বছৰতেই বঙ্গদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালত তেওঁ বিয়া কৰায়। তেওঁৰ পত্নীৰ নাম আছিল প্ৰজ্ঞাসুন্দৰী দেৱী

সাহিত্যিক জীৱন : সাহিত্যিক হিচাপে লক্ষ্মীনাথ বেজবৰুৱা অসমীয়াৰ মাজত অদ্বিতীয়। তেওঁ একাধাৰে গল্প, উপন্যাস, নাটক, কবিতা আৰু খুহুটীয়া কথাৰে সাহিত্য ৰচনা কৰিছিল।  আগেয়ে অসমীয়া সাহিত্যত চুটি গল্প কোনেও লিখা নাছিল, বেজবৰুৱাৰ হাততেই অসমীয়া চুটি গল্পই জন্ম পায়। তেওঁ ভালেমান সাধুকথাও লিখে। ‘জুনুকা’, ‘বুঢ়ী আইৰ সাধু’, ‘ককা দেউতা আৰু নাতি ল’ৰা’ আদি। এক কথাত ক’ব লাগিলে, সাহিত্য ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ বহুমুখী প্রতিভা আছিল।

সামৰণি ঃ বেজবৰুৱাই অসমীয়া সাহিত্যত এটা নতুন যুগৰ সৃষ্টি কৰিছিল। অসমীয়া সাহিত্যক নিভাজ আৰু টনকিয়াল কৰাই বেজবৰুৱাৰ একমাত্ৰ উদ্দেশ্য আছিল। সেই কাৰণে তেওঁক সাহিত্যৰথীও বোলা হয়। এইদৰে আজীৱন সাহিত্য সাধনা কৰি ১৯৩৮ চনত ডিব্ৰুগড়ত তেখেত স্বর্গী হয়। বেজবৰুৱা যদিও আজি আমাৰ মাজত নাই, তথাপি তেওঁৰ লিখনিয়ে তেওঁক এতিয়াও জীয়াই ৰাখিছে।

ইয়াত পঢ়ক:-

অম্বিকাগিৰি ৰায়চৌধুৰী অসমীয়া ৰচনা | Ambikagiri Roychowdhury Assamese Essay in Assamese

জন্ম : অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ১৮৮৪ চনত বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম কৃষ্ণৰাম চৌধুৰী।

শিক্ষা : অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰথমে বৰপেটাত প্রাথমিক শিক্ষা লাভ কৰে আৰু গুৱাহাটীলৈ আহি ইংৰাজী স্কুলত পঢ়ে। তেওঁ তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। কিন্তু উচ্চ ইংৰাজী বিদ্যালয়ৰ ৮ম মানলৈকে পঢ়িয়েই দেশৰ মুক্তি আন্দোলনত যোগ দিয়ে।

জীৱনৰ ব্ৰত ঃ অসমৰ পৱিত্ৰ ভূমিক সকলো বাহিৰা আক্ৰমণৰপৰা ৰক্ষা কৰি স্বাধীন হৈ থকাই অম্বিকাগিৰিৰ জীৱনৰ ব্ৰত আছিল। সেই বাবেই তেওঁ স্বদেশ-প্রেমমূলক কবিতা, প্ৰৱন্ধ আদি লিখি অসমীয়া ডেকা-গাভৰুৰ মনত | মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জগাবলৈ চেষ্টা কৰিছিল। তেওঁ আজীৱন দেশ-সেৱাৰ | কামত নিঃস্বার্থভাৱে লাগি আছিল আৰু অসমীয়া জাতিক সাহিত্য-সেৱী আৰু দেশপ্রেমী হ’বলৈ সকীয়াই দিছিল ।

ৰায়চৌধুৰীৰ প্ৰতিভা সৰু কালৰপৰাই প্ৰকাশ পাইছিল। তেওঁ নিজে কবি, সাহিত্যিক, দেশপ্রেমিক আৰু এগৰাকী স্পষ্টবাদী দেশ-সেৱক আছিল। তেওঁ বৰ স্বাধীনচিতীয়া মনোভাৱৰ লোক আছিল। নিজৰ মতামত স্পষ্টভাবে প্রকাশ কৰিছিল। দেশবাসীৰ উন্নতি সাধনেই আছিল তেওঁৰ জীৱনৰ উদ্দেশ্য। অসমীয়া ৰাইজে তেখেতৰ কামত মুগ্ধ হৈ তেখেতক ‘অসম কেশৰী’ উপাধিৰে বিভূষিত কৰিছিল।

সামৰণি : স্বদেশৰ কাৰণে জীৱন আহুতি দি আজীৱন দেশ আৰু দেশবাসীৰ কল্যাণৰ কাৰণে কাম কৰি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে তেওঁৰ জীৱনলীলা সমাং কৰে। ১৯৬৭ চনৰ ২ জানুৱাৰী সোমবাৰে ৰায়চৌধুৰী ডাঙৰীয়াৰ বিয়োগ ঘটে। অসমবাসীয়ে এইজনা মহান ব্যক্তিৰ কথা সদায় শ্ৰদ্ধাৰে সুঁৱৰিব।

মহাত্মা গান্ধী অসমীয়া ৰচনা | Mahatma Gandhi Assamese Essay in Assamese

পৰিচয় : মহাত্মা গান্ধীৰ আচল নাম – মোহনদাস কৰমচাঁদ গান্ধী। দেশৰ জনসাধাৰণে তেওঁক ‘বাপুজী’ বুলি মাতিবলৈহে ভাল পাইছিল। ‘বাপুজী’ মানে পিতা। মহাত্মা গান্ধী সঁচাকৈয়ে আমাৰ বাপুজী আছিল। মহাত্মা তেওঁৰ উপাধিহে। জন্ম : (১৮৬৯ চনৰ ২ অক্টোৱৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত তেওঁৰ জন্ম হয়। পিতাকৰ নাম কমচাঁদ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাঈ।

শিক্ষা : ছাত্ৰ কালৰেপৰা বাপুজী সত্যবাদী আছিল। তেওঁ মাক-বাপেকক অত্যন্ত ভক্তি কৰিছিল। তেওঁলোকৰ উপদেশ আদি কেতিয়াও অমান্য নকৰিছিল। প্ৰৱেশিকা =ৰিীক্ষা পাচ কৰি উচ্চ শিক্ষাৰ কাৰণে তেওঁ বিলাতলৈ যায় আৰু তাৰপৰা বেৰিষ্টাৰ হৈ দেশলৈ ঘূৰি আহে।

কর্মজীবন ঃ তেওঁ পোনতে বোম্বাইত আইন ব্যবসায় আৰম্ভ কৰে। তাৰ পিছত তেওঁ দক্ষিণ আফ্ৰিকালৈ যায় আৰু তাতেও আইন ব্যৱসায় কৰিবলৈ লয়। দক্ষিণ আফ্ৰিকাত ভালেমান ভাৰতীয় লোকে বসবাস কৰিছিল। কিন্তু ইংৰাজসকলে তেওঁলোকৰ ওপৰত নানা প্ৰকাৰ জুলুম কৰিছিল।

গান্ধীজীয়ে তেওঁলোকক এই অত্যাচাৰৰপৰা ৰক্ষা কৰিবলৈ যত্ন কৰে। অৱশেষত দক্ষিণ আফ্ৰিকাৰপৰা নিজ দেশলৈ উলটি আহে আৰু পৰাধীন ভাৰতবৰ্ষত স্বাধীন কৰিবলৈ আন্দোলন কৰে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ মহাসভাৰ গুৰি ধৰে। মহাত্মা গান্ধী আৰু কেইগৰাকীমান নেতাৰ অশেষ চেষ্টাত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমি স্বাধীনতা লাভ কৰিলোঁ।

জীৱনৰ মূলমন্ত্ৰ :- সত্য আৰু অহিংসা বাপুজীৰ জীৱনৰ মূলমন্ত্ৰ আছিল। তেওঁ সতা আৰু অহিংসাৰ পথত থাকি পৰাধীন ভাৰতৰ স্বাধীনতাৰ কাৰণে আপ্রান চেষ্টা কৰিছিল। দেশৰ দৰিদ্ৰ জনতাৰ প্ৰতীকস্বৰূপে আঁঠুৰীয়া চুৰিয়া পিন্ধিছিল আৰু সদায় সূতা কাটিছিল। বিদেশী ইংৰাজ চৰকাৰে তেওঁক কেইবাবাৰো ফাটেক দিয়ে। কিন্তু তেওঁ সঙ্কল্প পৰিহাৰ নকৰিলে।

মৃত্যুঃ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে বাপুজীৰ বিয়োগ ঘটিল। দিল্লীৰ প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম গড়তে নামৰ এজন লোকে তেওঁক গুলীয়াই হতা কৰে। তেওঁৰ মৃত্যুত দেশ-বিদেশত শোকৰ ছাঁ পৰিছিল।

ইয়াত পঢ়ক:-

পণ্ডিত জৱাহৰলাল নেহৰু অসমীয়া ৰচনা | Pandit Jawaharlal Nehru Assamese Essay in Assamese

জন্ম আৰু শিক্ষা : ১৮৮৯ চনৰ ১৪ নৱেম্বৰৰ দিনা এলাহাবাদ চহৰত জৱাহৰলাল নেহৰুৰ জন্ম হয়। তেওঁৰ পিতৃ পণ্ডিত মতিলাল নেহৰু এগৰাকী উকিল আৰু ৰাজনীতিবিদ পুৰুষ আছিল। জৱাহৰলাল নেহৰুৱে সৰুতে ঘৰুৱা শিক্ষকৰ অধীনত পঢ়ে আৰু ১৫ বছৰ বয়সতে বিলাতলৈ পঢ়িবলৈ যায়।

কৰ্মজীৱন : বিলাতৰপৰা উভতি আহি নেহৰুৱে প্ৰথমে ওকালতি কৰিছিল। তাৰ পিছত তেওঁ মহাত্মা গান্ধীৰ আহ্বানক্রমে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰে। ইয়াৰ ফলত তেওঁ ইংৰাজ চৰকাৰৰ হাতত কেইবাবাৰো কাৰাবৰণ কৰিবলগীয়া হৈছিল।

তথাপি তেওঁ হতাশ নহৈ কেৱল দেশৰ কাম কৰি গৈছিল। সেই সময়তে তেওঁৰ পত্নী কমলাদেৱীৰো মৃত্যু হয়। নেহৰুৱে একমাত্র সন্তান জীয়েক প্রিয়দর্শিনী ইন্দিৰাক লৈ দেশ-সেৱাত আত্মনিয়োগ কৰিলে।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ ভাৰতৰ প্ৰধানমন্ত্রী হয়। স্বাধীন ভাৰতৰ তেওঁ প্র প্রধানমন্ত্ৰী আৰু মৃত্যুৰ আগলৈ ওঠৰ বছৰকাল সেই পদতেই থাকে। তেওঁ ভাৰতৰ উন্নতিৰ কথা চিন্তা কৰাৰ উপৰিও সমগ্ৰ বিশ্বৰ মঙ্গলৰ বাবেও চিন্তা কৰিছিল। পঞ্চশীল নীতি তেৱেঁই প্ৰৱৰ্তন কৰে ; ইয়াৰ ফলত বিশ্বৰ সকলো জাতিয়েই তেওঁক নেতা আৰু শ্ৰেষ্ঠ ৰাজনীতিবিদ বুলি স্বীকাৰ কৰে। নেহৰু অকল যে ৰাজনীতিবিদহে আছিল তেনে নহয়, তেওঁ এগৰাকী সাহিত্যিকো আছিল। জীৱনৰ অভিজ্ঞতা সম্পর্কে বিৱৰণ দি তেওঁ কেইবাখনো মূল্যৱান গ্রন্থ লিখিছে।

সামৰণি : নেহৰুৱে আমাৰ দেশৰ শিশুসকলক বৰ মৰম কৰিছিল সেই কাৰণে সকলোৱে তেওঁক ‘নেহৰু খুৰা’ বুলিছিল। ১৯৬৪ চনৰ ২৭ মে’ তাৰিখে এইগৰাকী বিশ্ববৰেণ্য নেতাৰ মৃত্যু হয়।

ইয়াত পঢ়ক:-

ডঃ জাকিৰ হুচেইন অসমীয়া ৰচনা | Dr. Zakir Hussain Assamese Essay in Assamese

জন্ম আৰু শিক্ষা : ১৮৯৭ চনত হায়দাবাদত ডঃ জাকিৰ হুচেইনৰ জন্ম হয়। তেওঁ সৰু কালৰ শিক্ষা হায়দাবাদতে লয়। আলিগড় বিশ্ববিদ্যালয়ত কলেজীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে তেওঁ জার্মান দেশলৈ যায় আৰু বাৰ্লিন বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পৰীক্ষা পাচ কৰে। ইয়াৰ পিছত তেওঁ সেই বিশ্ববিদ্যালয়তে চাৰি বছৰকাল গৱেষণা কৰি ডক্তৰেট উপাধি লাভ কৰে। তাৰ পিছত তেওঁ স্বদেশলৈ উভতি আহে।

কৰ্মজীৱন : ডঃ হুচেইনে বিদেশৰপৰা উভতি আহি শিক্ষকতা কৰে। কর্মময় | জীৱনৰ মাজতে তেওঁ দেশ-সেৱাও কৰিছিল। স্বাধীনতাৰ পিছৰপৰা তেওঁ একান্তভাৱে দেশ-সেৱা কৰে আৰু ৰাষ্ট্ৰৰ দ্বিতীয় সম্মান ‘পদ্মবিভূষণ’ উপাধি লাভ কৰে। তাৰ পিছত তেওঁ ভাৰতৰ শ্ৰেষ্ঠ সন্মান ‘ভাৰতৰত্ন’ উপাধি লাভ কৰে আৰু শেষত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।

ডঃ জাকিৰ হুচেইন ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁৰ কাৰ্যকাল শেষ নহওঁতেই ১৯৬৯ চনৰ মে’ মাহৰ ৩ তাৰিখৰ দিনা মৃত্যু হয়। তেওঁ এগৰাকী চিন্তাশীল, মেধাৱী আৰু আদৰ্শৱান শিক্ষাবিদ আছিল।

ইয়াত পঢ়ক:-

কৃষি-বিষয়ক অসমীয়া ৰচনা  | Essay On Agriculture in Assamese

মৰাপাট খেতি অসমীয়া ৰচনা | Jute cultivation Assamese Essay in Assamese

বিৱৰণ – মৰাপাট এবিধ ওষধি জাতীয় গাছ। দেশী, বিদেশী আৰু ৰঙা-হিচাপে মৰাপাট নানা বিধৰ আছে।

আকৃতি—মৰাপাটৰ গা-গছডাল এডাল দীঘল ঠাৰিৰ নিচিনা। গুৰিৰপৰা আগলৈ ক্ৰমে সৰু। আগৰ ফালে দুই-চাৰিটা ঠাল-ঠেঙুলি ওলায়। ইয়াৰ ঘাই শিপা আছে। পোৱাৰ ঠাই—ভাৰত আৰু বাংলাদেশত মৰাপাটৰ খেতি বেছিকৈ হয়। বেি বৰষুণ হোৱা গৰম দেশবোৰেও আজি কালি মৰাপাটৰ খেতি কৰিবলৈ লৈছে। পশ্চিমবঙ্গ আৰু অসমত প্ৰচুৰ পৰিমাণে মৰাপাট উৎপন্ন হয়।

উৎপাদন প্রণালী—মৰাপাটৰ খেতিৰ বাবে পলসুৱা মাটি উপযোগী। খৰালি কালতে মাটি ভালকৈ চহাই চ’ত-ব’হাগ মাহত মৰাপাটৰ গুটি পাতলকৈ ছটিয়াই দিব লাগে। পুলিবোৰ অলপ ডাঙৰ হ’লে নিৰাই দি ঘন পাতল মাৰিব লাগে। শাওণ-ভাদ মাহত মৰাপাটৰ গুটি ধৰে। তেতিয়া কাটিবৰ হয়। মৰাপাট কাটি মুঠা মুঠাকৈ বান্ধি পানীত গোৰাব লাগে। মৰাপাটৰ ছাল গেলিলে পানীৰপৰা তুলি ছাল বখলিয়াই পানীত ভালকৈ ধুই ৰ’দত শুকুৱাব লাগে।

উপকাৰিতা—মৰাপাটেৰে আমি ৰছী বা জৰী তৈয়াৰ কৰোঁ। মৰাপাটৰ কলত ইয়াৰ সূতাৰে থৈলা, চট-কাপোৰ আৰু নানা প্ৰকাৰ ডাঠ কাপোৰ তৈয়াৰ কৰা হয়। মৰাপাটৰ পাত ৰ’দত শুকুৱাই ‘শোকোতা’ কৰি খায়। সৰহীয়াকৈ মৰাপাট খেতি কৰিলে খেতিয়কৰ যথেষ্ট লাভ হয়।

ধান খেতি অসমীয়া ৰচনা | Paddy Cultivation Assamese Essay in Assamese

বিৱৰণ—ধান এবিধ খেতিত হোৱা তৃণ-জাতীয় উদ্ভিদ। ধান সাধাৰণতে দুবিধ। আহু আৰু শালি। শালি ধান আকৌ দুবিধ –বাও আৰু ৰোৱা শালি। আজি-কালি বৰো আৰু টাইচুং নামেৰে দুবিধ খেতিও আমাৰ দেশত হৈছে।

আহু-খেতি ফাগুন-চ’ত মাহত সিঁচে আৰু শাওণ-ভাদ মাহত চপায় । শালি খেতি আহাৰ-শাওণত ৰোৱে আৰু আঘোণ-পুহ মাহত চপাব লাগে। বৰো ধানৰ খেতি শীতকালত ৰুই ব’হাগ-জেঠ মাহত চপাব লাগে, টাইম খেতি শীত আৰু বাৰিষা দুবাৰ কৰিব পাৰি।

খেতি কৰা প্ৰণালী—আহু ধানৰ খেতিৰ বাবে ফাল্গুন-চ’ত মাহত মাটি ভালকৈ চহাই বন-জাবৰ গুচাই পৰিষ্কাৰ কৰিব লাগে। আৱশ্যক অনুপাতে শুকান গোবৰ নাইবা ৰাসায়নিক সাৰ দিয়া উচিত। মাটি চাহ হ’লে ধান সিঁচি দীঘে-পথালিয়ে দুচাহ হাল বাই, মৈয়াই দিব লাগে। ধান-গছ গজি ১২–১৪ চেণ্টিমিটাৰমান ওখ হ’লে বিন্ধাব লাগে। বিন্ধাই দিয়াৰ পিছত খন্তিৰে বন-পাত গুচাই নিৰাই দিব লাগে।

শালি ধানৰ খেতি কৰিবলৈ হ’লে, শালিতলী জেঠ মাহতে ২/১ চাহ হাল বাই থ’ব লাগে। জেঠ মাহত শালি ধানৰ কঠীয়া সিঁচিব লাগে। কিছুমান মাটিৰ বাবে আহাৰ মাহত কঠীয়া সিঁচিলেও হয়। আহাৰ-শাওণ মাহত বৰষুণ হোৱাৰ লগে লগে শালিতলী হাল বাই, মৈয়াই বোকা কৰিব লাগে আৰু পানী যাতে ৰয়, তাৰ বাবে মাজে মাজে আলি দিব লাগে। শালিতলীত কঠীয়া শাৰী শাৰীকৈ পাতলাই কব লাগে ।

বৰো ধানৰ খেতিৰ বাবে আহিন কাতি মাহত কঠীয়া সিঁচি পুহ-মাঘ মাহত মাটি বোকা কৰি ৰুব লাগে। এই ধানৰ গুৰিত সকলো সময়তে পানী থাকিব লাগে। আৱশ্যক মতে পানী যোগান ধৰি ধানৰ গুৰিত সদায় পানী জমা ৰাখিব লাগে।

টাইচুং খেতি কৰিবলৈ হ’লে শালি আৰু বৰো ধানৰ দৰেই কঠীয়া সিঁচির লাগে। ইয়াতো পানী যোগান আৰু সাৰ দিব লাগে। প্রয়োজন—ভাত আমাৰ দেশৰ প্ৰধান আহাৰ। ঢেঁকী বা কলত ধান বানি চাউল উলিয়ায়। চাউল সিজালেই ভাত হয়৷ ধানৰপৰা চিৰা, আখৈ আৰু চাউলৰ পৰা মুড়ি, পিঠাগুড়ি, সান্দহ আদি জলপান কৰি মানুহে খায়। ধান খেৰ আৰু তুঁহ-গুড়ি গৰুৰ খাদ্য।

নাৰিকল গছ অসমীয়া ৰচনা | Coconut tree Assamese Essay in Assamese

পৰিচয় নাৰিকল এবিধ ঠাল-ঠেঙুলি নোহোৱা গছ। ই তামোল গছৰ দৰে, কিন্তু ইয়াৰ গা-গছ শকত, পাতবোৰ তামোলৰ পাততকৈ দীঘল আৰু ছিৰলা-ছিৰলী। গছৰ ওপৰ ভাগত পাতবোৰ ওলমি থাকে। পাতৰ বৌখাৰ গুৰিয়েদি নাৰিকলৰ থোক ওলায়। থোকত নাৰিকলবোৰ ওলমি থাকে। নাৰিকলৰ ভিতৰখন ফোপোলা। তাত পানী ভৰি থাকে।

পোৱাৰ ঠাই লুণীয়া আৰু গৰম দেশত, বিশেষকৈ সাগৰৰ উপকূল অঞ্চলত নাৰিকল গছ বেছি হয়। ভাবতন দাক্ষিণাত্যত আৰু পশ্চিমবঙ্গৰ দক্ষিণ অংশত নাৰিকল গছ ভাল হয়। কিন্তু ভাৰতৰ উজনি অঞ্চলত নাৰিকল গছ কিছু পৰিমাণে হয়।

উপকাৰিতা আৰু ব্যৱহাৰ নাৰিকল — গছৰ গা-গছ, ফল আৰু পাত আ সকলো আমাৰ ব্যৱহাৰত লাগে। ফলবোৰক কেঁচাতে ডাব নাৰিকল বোলে। ডাব। পানী বৰ সোৱাদ আৰু উপাদেয়। পূৰঠ ফলবোৰৰ ভিতৰত শাহ্ হয়। পূৰ নাৰিকল ঝুনা নাৰিকলো বোলে।

ঝুনা নাৰিকলৰ শাহখিনি আমাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। তাৰপৰা নানাবিধ মিঠাই কৰে আৰু মূল্যৱান তেল উলিওৱা হয়। এই তেল মূৰত লওঁ। শুকান নাৰিকলৰ বাকলিৰপৰা ভাল ৰছী হয়। খোলাটোৰে হোৱা আৰু পাতৰ ঠাৰিবোৰেৰে বাঢ়নি আদি সাজে। মুঠতে নাৰিকল গছ আমাৰ বৰ উপকাৰী গছ। ইয়াৰ সকলো অংশ আমাৰ কামত লাগে।

বিবিধ-বিষয়ক অসমীয়া ৰচনা | Miscellaneous Assamese Essay in Assamese

শ্ৰেণীৰ যাৱতীয় সা-সঁজুলি

আৰম্ভণি ঃ— * শ্ৰেণী-কক্ষই হ’ল আমাৰ জ্ঞান আহৰণৰ স্থান। ইয়াতে বহি লগৰীয়াসকলৰ সৈতে শিক্ষকৰপৰা যাৱতীয় জ্ঞান লওঁ। আমাৰ ব্যক্তিগত চা-চিকুণতা আৰু শৃঙ্খলাৰ ওপৰতে শ্ৰেণী কক্ষৰো চা-চিকুণতা আৰু শৃঙ্খলা নিৰ্ভৰ কৰে।

বিদ্যালয় আৰম্ভ হোৱাৰ পোন্ধৰ-বিশ মিনিটমান আগে আগে শ্ৰেণী-কক্ষত প্ৰৱেশ কৰা নিয়ম। প্রৱেশ কৰিয়েই কক্ষৰ দুৱাৰ খিৰিকীবিলাক মেলি দি পোহৰ আৰু বতাহ চলাচলৰ ব্যৱস্থা কৰি ল’ব লাগে। পিছত সাৰি-পুচি জাবৰ-জোঁথৰবোৰ বিদ্যালয়ৰ পচন সাৰৰ গাঁতত পেলাই দিব লাগে। বিদ্যালয়ৰ নিয়ম-শৃঙ্খলা মানি শ্রেণী-কক্ষ ব্যৱহাৰ কৰিলেই ছাত্ৰৰ জ্ঞানার্জনত কোনো প্ৰকাৰৰ বাধা নপৰে।

শ্রেণী-কক্ষৰ আবাব ঃ— শ্ৰেণী-কক্ষৰ আচ্‌বাবৰ ভিতৰত ডেক্স আৰু বেঞ্চেই প্ৰথম আৰু প্ৰধান। ইয়াৰ পিছতে শিক্ষকৰ চকী আৰু মেজ। স্কুল ঘৰৰ অৱস্থিতিলৈ লক্ষ্য ৰাখি সুবিধা অনুযায়ী শ্রেণী-কক্ষৰ ডেক্স, বেঞ্চবিলাক সজাই ল’ব লাগে। এযোৰ ডেক্স-বেঞ্চৰপৰা আনযোৰলৈ প্ৰায় আধা মিটাৰমান ঠাই মুকলি হৈ থাকিব লাগে।

চিয়াঁহী পেলালে বা অন্য প্ৰকাৰে ডেক্স-বেঞ্চত দাগ লগালে দেখিবলৈ বৰ বেয়া হয়। তেনে কৰা অনুচিত। শ্ৰেণী-কক্ষত শিক্ষকৰ বাবে থকা চকী-মেজ পৰিষ্কাৰ কৰি ৰখাটো সকলো ছাত্ৰৰে কৰ্তব্য।

শ্রেণী-কক্ষৰ অন্যান্য সা-সঁজুলি ঃ – বোর্ড : সকলো ছাত্রই দেখাকৈ বোর্ডখন শ্ৰেণীকক্ষৰ কোনোবা এটা চুকত থ’ব লাগে। বোৰ্ডত লিখি দিয়া আখৰ যাতে কোনেও নেদেখাকৈ নাথাকে বা দেখাত যাতে কাৰো অসুবিধা নহয়, বিশেষভাৱে লক্ষ্য ৰাখিব লাগে। সকলো সময়তে বোর্ড পৰিষ্কাৰ কৰি ৰখাৰ নিয়ম তাৰ প্ৰতি

বোর্ড মোহাৰিবৰ বাবে ডাষ্টাৰ, ব্ৰাচ বা কাপোৰ ব্যৱহাৰ কৰিব লাগে। ডাষ্টাৰ, ব্ৰাচ বা কাপোৰ আদি বোর্ড মোহৰাৰ পিছত ভালকৈ ৰাখিব লাগে। য’তে-ত’তে পেলাই থ’লে লেতেৰা হ’ব আৰু হেৰাবও পাৰে।

তোমাৰ স্কুলৰ বঁটা বিতৰণী সভা

(প্ৰশ্ন কাকতত তোমাৰ বুলি থাকিলে শিতানৰ নামটো সেইমতে ৰাখিলে লিখোঁতে মোৰ বা আমাৰ বুলি লিখিব লাগে)।

আজি-কালি আমাৰ স্কুলসমূহৰ প্ৰত্যেকখনতে বছৰি বঁটা বিতৰণী সভা পাি কৃতী ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা দেখা যায়। আমাৰ স্কুলত প্ৰত্যেক বছৰেই বাঁ বিতৰণী সভা উদ্যাপিত হৈ আহিছে।

বঁটা বিতৰণী সভাখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা আনন্দ উৎসৱৰ নিচিনা এই সভাৰ কিছুদিন আগে আগে স্কুলৰ বছৰেকীয়া খেল-ধেমালিৰ প্ৰতিযোগিত সাহিত্য প্রতিযোগিতা, নাচ-গান- ভাওনাৰ প্ৰতিযোগিতা, তর্ক প্রতিযোগিতা, শৰী চৰ্চা বা ব্যায়াম আদিৰ প্ৰতিযোগিতা পতা হয়।

বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতি বা বিচিত্রানুষ্ঠানৰো আয়োজন কৰা হয়। সেইবাবে সভাৰ কিছুদিন আগৰেপ এইবোৰৰ আখৰাৰ ধূম পৰি যায়। সভাৰ কাৰণে সভাঘৰ বা স্কুলৰ প্রাঙ্গণত ব দি মঞ্চ আদি সজা হয়। সভাত পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰী বহিবৰ কাৰণে নিৰ্দিষ্ট কৰি দিয়া হয় ; ফুল-পাত আদিৰে ৰভাস্থলী সুন্দৰকৈ সজোৱা হয়।

এটা ভক্তিমূলক বা দেশ-প্ৰেমমূলক সমৱেত সঙ্গীতেৰে সভাৰ শুভাৰম্ভ ব হয়। গীতৰ ঠিক পিছতে প্রধান শিক্ষক বা ছাত্র একতা সভাৰ সভাপতি (শিক্ষক) মহাশয়ে সেইদিনাৰ সভাৰ সভাপতি, মুখা অতিথি আৰু নিৰ্দিষ্ট বক্তাসকলক চিনাকি দি যথা-নির্দিষ্ট আসন গ্ৰহণ কৰি সভাৰ কাম চলাবৰ কাৰণে তেখেতসকলক অনুৰোধ জনায়। তেখেতসকলে আসন গ্রহণ কৰাৰ লগে লগেই তেখেতসকললৈ একোধাৰী মালা আগবঢ়োৱা হয় ।

পিছত নিৰ্দিষ্ট কার্যসূচী অনুযায়ী প্রধান শিক্ষক আৰু ছাত্র-সভাব সম্পাদকে নিজৰ নিজৰ প্ৰতিৱেদন পাঠ কৰে। প্ৰতিবেদন পাঠৰ পাছতে সাধাৰণতে বঁটা বিতৰণৰ কাম আৰম্ভ কৰা হয়। স্কুলৰ বছৰেকীয়া পৰীক্ষাত ১ম, ২য় আৰু ৩য় স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীক প্রথমে বঁটা দিয়া হয়।

তাৰ পাছত ক্ৰমে সর্বোচ্চ নম্বৰ পাওঁতা, শ্ৰেণীত আটাইতকৈ সৰহ দিনত উপস্থিত থকা, সাহিত্য-সংস্কৃতি আৰু খেল-ধেমালি আদিৰ প্ৰতিযোগিতাত কৃতিত্ব অর্জন কৰা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ দিয়া হয়।

ইয়াৰ পিছতে নির্দিষ্ট বক্তা, মুখ্য অতিথি আৰু সভাপতি আদিয়ে ভাষণ দিয়ে। এওঁলোকৰ ভাষণৰ পিছত সমজুৱাসকলকে দুই-চাৰি আষাৰ ক’বলৈ অনুৰোধ কৰা হয়। সভাৰ কাম যাতে আমনিয়দায়ক নহয়, তাৰ বাবে ছাত্র-সভাৰ ফালৰপৰা মাজে মাজে গীত, আবৃত্তি, নাট-দৃশ্য আদি পৰিৱেশন কৰা হয়।

বঁটা বিতৰণী সভা সচৰাচৰ আবেলি অনুষ্ঠিত হয় আৰু শেষ হওঁতে গধূলি হয়গৈ। মূলসভা ভঙাৰ পিছত নিশাৰ ফালে বিচিত্রানুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াত ছাত্র-ছাত্রীসকলে গীত-নাচ, নাট-ভাওনা, আবৃত্তি আদি পৰিৱেশন কৰি নিজৰ কৃতিত্ব দেখুউৱাৰ লগতে দর্শকমণ্ডলীকো আমোদ দিয়ে।

কৃতী ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলি শিক্ষাৰ মানদণ্ড উন্নত কৰাই বঁটা বিতৰণী সভাৰ ঘাই উদ্দেশ্য। যদিও বঁটা সকলোৱে লাভ নকৰে আৰু বঁটা নোপোৱা ছাত্ৰ-ছাত্ৰীৰ মাজতো সম্ভাৱনাময় ছাত্র-ছাত্রী নথকা নহয় আৰু বঁটা নোপোৱা দুই-একৰ মনত কেতিয়াবা-কাচিং বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ আশঙ্কাও নথকা নহয়, তথাপি বঁটা বিতৰণী সভাৰদ্বাৰা ইয়াৰ উদ্দেশ্য সিদ্ধ হোৱা বুলিয়ে মোৰ বিশ্বাস হৈছে।

কিয়নো বঁটা বিতৰণী সভাৰ প্ৰভাৱ মোৰ জীৱনতো নপৰা নহয়। যথেষ্ট বিনয় সহকাৰে স্বীকাৰ কৰোঁ যে ম‍ই মেধাৱী ছাত্ৰ নহওঁ। বঁটা বিতৰণী সভাত মোৰ সহপাঠী বন্ধুসকলৰ কোনো কোনোৱে বঁটা লাভ কৰা দেখি মোৰো মনত বঁটা লাভৰ আকাঙ্ক্ষা ওপজে আৰু সেই বাবেই এতিয়া মই পঢ়াত অধিক মনোযোগ দিছোঁ মই ভাবোঁ বঁটা বিতৰণী সভাই ছাত্ৰ-ছাত্ৰীৰ পৰম উপকাৰ সাধে আৰু সকলো স্কুলতে প্রত্যেক বছৰে যথাৰীতি বঁটা বিতৰণী সভা পতা উচিত।

ছাত্ৰৰ কৰ্তব্য ৰচনা | Student Duty Assamese Essay in Assamese

স্কুল-কলেজ আদি শিক্ষানুষ্ঠানত পঢ়ি থকা জীৱনৰ আগডোখৰ কালকে ছাত্রজীবন বোলা হয়। স্কুল-কলেজত পঢ়ি-শুনি ভবিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ আৰু দেশৰ মুখ উজলাব— ছাত্ৰৰপৰা সকলোৱে ইয়াকে আশা কৰে। শিকি বুজি এজন লায়কৰ মানুহ হোৱাটোৱে ছাত্ৰৰ মূল লক্ষ্য আৰু সেই লক্ষ্য গাধনৰ কাৰণে কৰিবলগীয়া কামসমূহেই ছাত্ৰৰ কৰ্তব্য।

 গতিকে প্রকৃত মানুহ হ’বলৈ যিবিলাক গুণৰ দৰকাৰ, ছাত্র অবস্থাতে সেই গুণসমূহ আয়ত্ত কৰিব লাগিব। পিছে আজি-কালি আমাৰ ছাত্ৰসকলৰ বেছি ভাগেই এই প্রাথমিক কর্তব্যােকে নিয়াৰিকৈ কৰা দেখা নাযায়। পৰীক্ষাত উত্তীৰ্ণ হোৱাটোকে ছাত্ৰ জীৱনৰ একমাত্র উদ্দেশ্য বুলি ধৰি লৈ কোনোৱে আকৌ তাৰ কাৰণে প্ৰায় অসাধু উপায় অবলম্বন কৰে। এনে কৰাৰ পৰা নিজৰ জীৱনক ফাঁকি দিয়াহে হয়।

আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক’ : ‘ছাত্ৰসকল দেশৰ ভৱিষ্যৎ আশা-ভাৰসাৰ স্কুল’ এইবোৰ কথা প্ৰায়ে কোৱা হয় আৰু এইবোৰ নিৰৰ্থকো নহয়। ছাত্ৰসকলৰ মাজৰপৰাই ওলাব লাগিব বিচক্ষণ ৰাজনীতিজ্ঞ, সুদক্ষ প্রশাসক, ন্যায়নিষ্ঠ বিচাৰক, আদর্শ শিক্ষক আৰু নিষ্ঠাৱান ত্যাগী সমাজকর্মী। কিন্তু শ্রেণীত অবাধ্য উদ্বুদ আৰু পৰীক্ষাত নকল কৰা ছাত্ৰই জানো সুনাগৰিক হ’ব পাৰিব ? তেনে ছাত্ৰৰ দ্বাৰাই জানো দেশৰ আশা-আকাঙ্ক্ষা পূৰণ হ’ব ?

সেয়ে ছাত্ৰৰ সৰ্বপ্ৰথম কর্তবা হৈছে চৰিত্ৰ গঠন। সংযম, সততা, ন্যায়-নিষ্ঠা, ধৈর্য-ধৃতি, ক্ষমা, উদাৰতা, বিনয় আদি গুণসমূহ চৰিত্ৰৰ ঘাই উপাদান। এইবোৰ গুণ ছাত্ৰ অৱস্থাতে আয়ত্ত কৰিব নোৱাৰিলে পাছত হাজাৰ চেষ্টা কৰিলেও আয়ত্ত কৰিব পৰা নাযায়।

আনহাতে ছাত্ৰৰ কোমল অন্তৰত এইবোৰ ভাব জগাই তুলিব পাৰিলে সি চিকলীয়া হৈ ৰ’ব। এই মানসিক গুণৰাজি বিকাশৰ কাৰণে সৎ গ্ৰন্থ অধ্যয়ন আৰু সং সংগৰ একান্ত প্রয়োজন। অসৎ সংগই অসৎ কাৰ্যলৈ উচটাই ছাত্রক অধঃপাতে নিয়ায়।

ছাত্ৰ অৱস্থাতে জীৱনৰ লক্ষ্য থিৰ কৰি লৈ ভৱিষ্যতৰ কৰ্ম-পন্থা বাছি ল’ব লাগে আৰু সেইমতে নিজক প্ৰস্তুত কৰিবলৈ যত্ন কৰিব লাগে। আমাৰ ছাত্ৰসকলে চাকৰিমুখী হোৱাতকৈ স্বাধীনভাৱে জীৱিকা অৰ্জনৰ পথ বাছি লৈ সেইমতেহে আৱশ্যকীয় শিক্ষা লোৱাৰ দিহা কৰিব লাগে।

আনহাতে নিজৰ জীৱিকা অর্জনেই ছাত্ৰৰ পৰৱৰ্তী জীৱনৰ একমাত্ৰ কৰ্তব্য হ’ব নালাগিব। জীৱিকাৰ লগতে মানৱীয় গুণসমূহৰো অধিকাৰী হোৱাৰ লক্ষ্য ছাত্ৰসকলে আগত ৰাখিবই লাগিব।

মোৰ বন্ধু ৰচনা | My Friend Assamese Essay in Assamese

মুঠতে যি কাম কৰিবলৈ নিবিচাৰক বা কে বাছি নলওক, তাত সিদ্ধিলাভ কৰাৰ অৰ্হতা ছাত্ৰ-জীৱনতে আর্জি লাগিব আৰু আনৰদ্বাৰাহে সেই অইতা লাভ হ’ব, যিহেতু জ্ঞানেই প্রকৃত শক্তি। অধ্যয়ন জ্ঞান আহৰণৰ সর্বোৎকৃষ্ট উপায়; গতিকে অধ্যয়নকেই জ্ঞান বুলিব পাৰি।

মোৰ বন্ধুজনৰ নাম শ্ৰীঅৰবিন্দ দাস। তেওঁ পঢ়াত বৰ চোকা। ঘৰ নাৰায়ণ পুৰত। সদায় ৰাতিপুৱা দহ বজাত তেওঁ মোৰ তালৈ আহে আৰু আমি দুয়ো একেলগে স্কুললৈ যাওঁ। অৰবিন্দই সদায় পাইজামা আৰু কামিজ পিছে।

পিছন-উৰণত তেওঁ বৰ পৰিপাটি। তেওঁ বাটে বাটে ডাঙৰ ডাঙৰ মানুহৰ কথা কৈ আহে। কোনজন মহৎ লোকে কেনেকৈ তেওঁৰ মহত্ত্ব প্ৰকাশ কৰিছিল, তেনে আলোচনা তেওঁ সদায় কৰে। শ্ৰেণী কক্ষত শিক্ষক সোমালে অৰবিন্দই কোনো কথা নয়। কেৱল শিক্ষকৰ কথালৈ কাণ দি থাকে। শিক্ষকসকলেও তেওঁক বৰ মৰম কৰে।

খেল-ধেমালিত তেওঁৰ যথেষ্ট ৰাপ আছে। যোৱাবাৰ “স্কুল সপ্তাহত’ তেওঁ “বেষ্টমেন’ প্রাইজ পাইছিল। ফুটবল খেল হ’লে তেওঁ চাবলৈ যায়, কিন্তু কোনো দিনে খেলা নাই। বেডমিণ্টন হ’লে খুব খেলে।

শিক্ষকে পাঠ বুজাওঁতে ভালকৈ বুজি নাপালে অৰবিন্দই ‘বুজা নাই ছাৰ আকৌ এবাৰ বুজাই দিয়ক’ বুলি তৎক্ষণাৎ কয়। আনবোৰ ছাত্ৰই হ’লে একো নকয়। আমাৰ স্কুলৰ আলোচনীখনত এইবাৰ তেওঁৰ এটা গল্প প্ৰকাশ পাইছে। আমাৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁক ভাল পায়।

ৰেল-গাড়ী ৰচনা | Rail Assamese Essay in Assamese

ৰেল গাড়ী আমাৰ দেশৰ মানুহৰ দৈনন্দিন জীৱনৰ বাবে এবিধ অতি আৱশ্যকীয় বাহন। এই বাহনত উঠি মানুহে দূৰণিলৈ ভ্ৰমণ কৰে; বস্তু অন্য-নিয়া কৰে আৰু বেহা-বেপাৰৰ সামগ্রী আমদানি আৰু ৰপ্তানি কৰে। দুডাল লো’ৰ ওপৰত লো’ৰ একা লগোৱা ডাবোৰ শাৰীকৈ জোঁটা হয়। গাড়ীখন এটা ইঞ্জিনে টানি নিয়ে। ইঞ্জিন চলাবলৈ চালক থাকে। গাড়ী তত্ত্বাৱধানৰ দায়িত্বত একোজন ‘গার্ড’ থাকে। ঠায়ে ঠায়ে গাড়ীবোৰ কিছু সময় ৰৈ ৰৈ যায়। তাত যাত্রী উঠা-নমা কৰে।

মাল-বস্তুও তোলে বা নমায়। সেই ঠাইবোৰক ৰেল ষ্টেচন বোলে। বেল-গাড়ী সাধাৰণতে বিএবিধ যাত্রী কঢ়িওৱা গাড়ী। তাকে ‘যাত্ৰীবাহী ৰেল-গাড়ী খোলা হয়। আনবিধ মাল বস্তু কঢ়িওবা গাড়ী। তাক ‘মাল-গাড়ী’ বোলে।

আজি-কালি আমি উঠা ৰেল গাড়ীবোৰৰ এদিনতে ইমান উন্নতি হোৱা নাই। মানুহৰ বহু দিনৰ চিন্তা, সাধনা আৰু অধ্যৱসায়ৰ ফলত আমি আজিৰ বেল-গাড়ীৰ অৱস্থা দেখিছোঁ। ইং ১৭৪৬-৪৭ চনত ‘জেমচ্ ওৱাট্’ নামৰ ইংল্যাণ্ড দেশৰ এজন সৰু ল’ৰাই চাহৰ কেট্‌লিত পানী উতলোৱা চাই আছিল। পানী উতলি আছিল আৰু কেইলিটোৰ ঢাকনিখন পানীৰ ভাপৰ হেঁচাত কঁপি আছিল।

 বুদ্ধিমান ওৱাটৰ মগজুত এই কথাই ভাললৈ থিতাপি ল’লে। শেষত ডাঙৰ হৈ এই বিষয়ে চিন্তা কৰি ১৭৬৫ চনত এটা ভাপৰ ইঞ্জিন তৈয়াৰ কৰি উলিয়ালে। এয়ে ৰেল-ইঞ্জিনৰ আদি কথা।

অৱশ্যে সেই সময়ত এইবিধ ভাপৰ ইঞ্জিনৰ দ্বাৰা ৰেল গাড়ী চলোৱাৰ কথা মানুহে ভাবিবই পৰা নাছিল। বহু বছৰৰ মূৰত ফ্রান্স দেশৰ বিজ্ঞানী কুনো চাহাবে ডাপৰ ইঞ্জিনেৰে এবিধ তিনিচকীয়া গাড়ী চলাবলৈ লয়।

কিন্তু এদিন “ইঞ্জিন-বয়লাৰ কাটি গ’ল আৰু গৈ থাকোঁতে এখন দেৱালত খুন্দা খালে। ফলত এটা দুর্ঘটনা ঘটে। আইনৰ বিচাৰত কুনোৰ জেল হ’ল। তেওঁৰ গাড়ীখন জব্দ হ’ল।

কিন্তু মানুহৰ সন্ধানী মনে সন্ধানৰ কাৰ্য্য চলায়ে থাকিল। ইংৰাজ বিজ্ঞানী এগৰাকীয়ে আকৌ দুটা ভাপৰ ইঞ্জিন সাজি উলিয়ালে। এই ইঞ্জিন খনিত কয়লাৰ গাড়ী টনা কামত ব্যৱহাৰ কৰিছিল (১৮০৪ ইং)। এই দৰে নানা পৰীক্ষা-নিৰীক্ষা চলিয়ে থাকিল।

অৱশেষত জর্জ ষ্টিফেন্‌চন নামৰ ইংৰাজ বিজ্ঞানী এগৰাকীয়ে ৰেল গাড়ী টনা ইঞ্জিন আৱিষ্কাৰৰ গৌৰৱ অৰ্জন কৰিলে। ষ্টিফেন্‌চন কয়লা খনিৰ বনুৱা আছিল। কয়লা খনিত ব্যৱহাৰ কৰা ভাপৰ ইঞ্জিন দেখি তেওঁ এই নতুনকৈ ব্যৱহাৰ কৰা ৰেল-গাড়ীৰ ইঞ্জিন আৱিষ্কাৰৰ সপোন দেখিছিল (১৮১৩ ইং)।

১৮২৬ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে তেওঁৰ সপোন দিঠকত পৰিণত হ’ল। সেই দিনা ৰেল-গাড়ী চলোৱা চাবলৈ ৰেলৰ নতুনকৈ সাজি উলিওৱা কোঠাটোৰ দুয়োকাৰে লোকে লোকাৰণা হ’ল। যথাসময়ত ইঞ্জিনে গতি কৰিলে। ৰেল গাড়ী চলিল আৰু ৰাইজে বিপুল হর্ষধ্বনিৰে অভিনন্দন জনালে।

ডিফেন্‌চন চাহাবৰ এই ইঞ্জিনটোৱে প্ৰথম ৰেল উনা ইঞ্জিন। এইটো ইঞ্জিন চলিছিল কয়লাৰ জুইৰে; কিন্তু আৰু এখোপ উঠিল। এতিয়া বিছুলী শক্তিৰেও ৰেল চলায়। ৰেলগাড়ীৰে যাত্ৰী আৰু বহু কঢ়িওৱাৰ কাৰণে চৰকাৰে নিৰাশিতভাৱে তাৰা লয়।

অন্য দিশত ৰেল-বিভাগত চাকৰি কৰি কত লাখ লাখ লোকে জীৱিকাৰ পথ মুকলি কৰিব পাৰিছে। ঠাইৰপৰা ৰেলগাড়ীৰে আৱশ্যকীয় বয় বেহানি অন্য-নিয়া কৰোঁতে খৰচো কম আৰু সময়ো বেছি নালাগে। ভবিষ্যতে ৰেল- গাড়ীতে আৰু উন্নত অবস্থা পাব বুলি আশা কৰিব পাৰি।

আমাৰ গাঁও ৰচনা | My Village Assamese Essay in Assamese

পৰিচয় আমাৰ গাঁওখনৰ নাম জনকপুৰ। এই গাঁৱৰ উত্তৰ ফালে মাণিকপুৰ পাহাৰ আৰু দক্ষিণ ফালে ব্ৰহ্মপুত্র নদ। পূবে খেতিৰ পথাৰ আৰু পশ্চিমে চৰকাৰী আলিবাটৰ এক অংশ পৰিছে। প্ৰাকৃতিক দৃশ্যত আমাৰ গাঁওখন বৰ শুৱনি।

গাঁওখনৰ প্রায় ভাগ লোকে খেতি-বাতি কৰে আৰু কিছুমানে অলপ-অচৰপ বেহা-বেপাৰ কৰি সুখেৰে বসতি কৰি আছে। গাঁওখন দীঘে প্রায় এক কিলোমিটাৰ আৰু পথালিয়ে আধা কিলোমিটাৰমান হ’ব।

বৰ্ণনা — জনকপুৰ গাঁওখনত তিনিটা চুবুৰি। ইয়াত প্রায় তিনি শ ঘৰমান লোকে বাস কৰে। পশ্চিমফালৰ ৰাজ-আলিৰপৰা পূবফাললৈ এটা পঞ্চায়তৰ ভাল আলিবাট আছে। এই বাটটোৰ দুয়োফালে মানুহৰ ঘৰবোৰ শাৰী শাৰীকৈ পতা। ঘৰৰ পিছফালে পাণ-তামোলৰ বাৰী আৰু সন্মুখত নাৰিকল গছৰ শাৰীবোৰ দেখি বৰ ভাল লাগে। ডুবুৰিয়ে প্ৰতি পানীৰ বাবে একোটা পকা নাম আৰু প্ৰাৰ্থনাৰ বাবে একোটা নামঘৰ আছে।

শিক্ষা—গাঁওখনত লিখা-পঢ়া জনা লোকৰ সংখ্যা ক্রমে বাঢ়ি আহিছে। ইয়াত এখন নিম্ন বুনিয়াদী বিদ্যালয় আছে। নিম্ন বুনিয়াদী পৰীক্ষা পাচ কৰি ছাত্ৰসকলে চহৰৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পড়েগৈ।

অন্যান্য প্রতিষ্ঠান — গাঁৱৰ মাজতে গাঁও পঞ্চায়তৰ অফিচ আৰু এটা সৰু ডাকঘৰ আছে। উত্তৰ ফালে থকা পাহাৰৰ ওপৰত এটা পুৰণি শিৱ মন্দিৰ আছে। ইয়াত শিৱৰাত্ৰিৰ দিনা মেলা হয়। এই মেলালৈ অইন গাঁৱৰপৰাও লোক আছে।

সামৰণি – আমাৰ গাঁৱৰ মানুহৰ স্বাস্থ্য সাধাৰণতে ভাল। তথাপি অসুখ-বিসুখ আদিব ৰাৰে চৰকাৰী ডাক্তৰখানা এখনৰ আৱশ্যক। চৰকাৰে এই বিষয়ে বিবেচনা কৰিবলৈ গাত লৈছে। এই গাঁৱৰপৰা গুৱাহাটীলৈ চৰকাৰী মটৰ-ৰাচ চলে।

আমি বাস কৰা আমাৰ গাঁওখন অতি মৰমৰ। গতিকে গাঁওখনৰ মান ৰা আমি পঢ়া-শুনা, চলন-ফুৰণ আদিত মনোযোগ দিয়া উচিত।

বানপানী ৰচনা | Flood Assamese Essay in Assamese

বানপানী এটি প্রাকৃতিক দুর্যোগ। সাধাৰণতে বাৰিষা কালতেই বানপানী হয়। বানপানীৰ তাণ্ডৱ-লীলা অতি ভয়ঙ্কৰ। খৰালি কালত আমি খাল, বিল, নৈ আদিৰ পানী শুকাই থকা দেখা পাওঁ; কিন্তু বাৰিষা কালত চাওঁতে চাওঁতেই বাঢ়নি পানী আহি সেইবোৰ ওপচাই ঘৰ, চৌতাল, বাৰী, আলিবাট আদি বুৰাই পেলায়। ঘৰ-দুৱাৰ, গছ-গছনি, গৰু-ছাগলী, বস্তু-বেহানী, আন নালাগে মানুহ পৰ্য্যন্ত উটি ভাহি যায়।

বানপানীৰ সময়ত মানুহে জীৱন মৰণ সমস্যাৰ মাজত থাকে আৰু অশেষ নিকাৰ ভুঞ্জে। এনে বিপদৰ সময়ত বাহিৰৰপৰা মানুহে সহায় নকৰিলে জীয়াই থাকিবলৈ টান হয়। আজি কালি চৰকাৰে আৰু কিছুমান বেচৰকাৰী অনুষ্ঠানেও চাউল, খোৱা বস্তু, কাপোৰ আদি সাময়িকভাৱে যোগান ধৰে।

বানপানীৰ লগে লগে হাইজা আৰু আন আন মহামাৰীৰো উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে। বানপানী শাম কাটি যোৱাৰ পিছত ঠাইবোৰ জেকনি লাগি লেতেৰা হয়। তেতিয়া সাৱধানে নাথাকিলে জ্বৰ, কাহ, হাইজা আদি বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। বহুতে এইবোৰ বেমাৰত পৰি মৃত্যুৰ মুখতো পৰে।

প্রতি বছৰেই অসমত বানপানী হৈ অনেক ক্ষতি সাধন কৰে। ফলত অসমৰ খাদ্য সমস্যা দিনে দিনে জটিল হৈ পৰিছে। বানপানীয়ে বছৰি পাবলগীয়া শস্যবোৰো নষ্ট কৰে। নতুনকৈ খেতি কৰিবলৈ খেতিয়কে সূচল নাপায়। পানী কমি যাওঁতে যাওঁতে খেতিৰ বতৰা উকলি যায়।

বানপানীয়ে আমাৰ উপকাৰো সাধে। পলস পৰি পথাৰবোৰ সাৰুৱা হয় তেতিয়া খেতি-বাতি বৰ ভাল হয়; ফচল বাঢ়ে।

বিশেষকৈ অসমত পানী ওলাই যোৱা ব্যৱস্থা, মথাউৰি বন্ধা আৰু পানীৰ গতি অনুসৰি খাল খন্দাটো প্ৰয়োজন হৈ পৰিছে। বর্তমান চৰকাৰে এই ব্যৱস্থা হাতত লৈছে।

ইয়াত পঢ়ক:-

কাকত ৰচনা | Newspaper Assamese Essay in Assamese

আৰম্ভণি – কাকত বুলিলে সাধাৰণতে লিখা কাকতকে বুজায়। কিন্তু লিখা কাৰ্যৰ উপৰিও কাকত নানা কামত ব্যৱহাৰ কৰা হয়। মুঠৰ ওপৰত কাকত সভ্য জগতৰ কাৰণে বৰ লাগতিয়াল বস্তু।

পুৰণি কালত যেতিয়া কাকত নাছিল, তেতিয়া মানুহে সাহৰি বাকলি, পাত আৰু ছাৰাৰ ওপৰত বহুমূলীয়া কথাবোৰ লিখি ৰাখিছিল। সাঁচিপতীয়া পুৰণি পুথিবোৰ আমাৰ দেশৰ এটা অমূল্য সম্পদ।

উৎপাদন কাকতক আমি তুলাপাত বুলিও কওঁ। কাৰণ অতীজত তুলাৰপৰা পোনতে লিখাৰ উপযোগীকৈ কাকত তৈয়াৰ কৰা হৈছিল। কাকত তৈয়াৰ কৰিবলৈ বাঁহ জাতীয় উদ্ভিদ্ ব্যৱহাৰ কৰা হয়। বাঁহ, বিশেষ ধৰণৰ কাঠ, যাঁহ আদি বস্ত্ৰ যন্ত্ৰৰ দ্বাৰা মণ্ড তৈয়াৰ কৰে।

এইবোৰ কলত চেপি কাকত কৰা হয়। হস্ত-শিল্প হিচাপেও কোনো কোনোৱে কাকত তৈয়াৰ কৰা দেখা যায়। সম্প্ৰতি আমাৰ অসমত যোগীঘোপা আৰু জাগীৰোডৰ ওচৰত কাকতৰ কল স্থাপন হৈছে। কাকতৰ প্ৰকাৰ ব্যৱহাৰৰ সুবিধাৰ কাৰণে নানাবিধ কাকত তৈয়াৰ কৰা হয়।

লিখাৰ কাৰণে, ছপা কামৰ বাবে আৰু বয়-বস্তু আদি বান্ধিবলৈও নানাবিধ কাকত ব্যৱহাৰৰ উপযোগী কৰি তৈয়াৰ কৰি লোৱা হয়। উপকাৰিতা—কাকতৰ উপকাৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। শিক্ষা আৰু সভ্যতাৰ কাৰণে কাকত অতি আৱশ্যকীয় বস্তু। লিখা কামৰ উপৰিও কিতাপ-পত্র, বাতৰি কাকত আদি কাকতত প্ৰকাশ হয়। গতিকে কাকত নহ’লে আমি এক মুহূর্তও চলিব নোৱাৰে।

সামৰণি – আমাৰ অসমত কাকত তৈয়াৰ কৰিব পৰা নানাবিধ দ্রব্য, বাঁহ, ঘাঁহ-বন আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। আমি আশাকৰোঁ যেন অসমত আৰু কেইবাটাও কাকতৰ কল স্থাপন হয়।

ইয়াত পঢ়ক:-

শৰৎকাল ৰচনা

আমাৰ ছ’টা ঋতুৰ ভিতৰত শৰৎ অন্যতম। ঋতুৰ ৰজা বসন্ত আৰু ৰাণী শৰৎ । প্রকৃতিক ভাল পোৱা মানুহে যুগে যুগে শৰতৰ ৰূপ বৰ্ণনা কৰি আহিছে। আমাৰ ভাদ মাহ শেষ হোৱাৰ লগে লগে মিঠা শৰতে নতুন ওৰণি লৈ ভূমুকি মাৰে। ভাদ যায়। লগতে যায় বাৰিষাৰ বিপৰ্যয় আৰু আতংক।

শৰতৰ আগমনে প্ৰকৃতিৰ ৰূপত পৰিৱৰ্তন ঘটায়। বাট-পথ শুকায়, পানী নির্মল হয়। শেৱালি ফুলে। ভেঁট-পদুমে পাহ মেলে। বর্ষা-ক্লিষ্ট গছ-বন-লতাই নতুন। পাত ধৰে। ভোমৰাই ফুলৰ পাহে পাহে ফুল-মধু পান কৰি ফুৰে। সজীৱ হৈ উঠে দুৱৰিবনৰ দলিচা।

প্রকৃতিৰ এনে পৰিৱৰ্তনৰ লগতে মানুহৰ মনো যেনে পৰিৱৰ্তিত হয়। বৰ্ষত হাড়-ভঙা পনিশ্ৰম কৰি বোকা-পানী খচকী খেতিয়কে শৰতত জিৰণি পায়। আশাৰে বার্ট চাই থাকে আঘোণৰ সোণালী পথাৰৰ বাবে। শৰতৰ সেউজী পথাৰ আঘোণত হৈ পৰিব সোণালী।

আনি দিব ভঁৰাল ভৰা ধান। শরৎকাল জিৰণিৰ সময় বুলিয়ে খেতিয়কে হাত সাৱটি বহি নাথাকে। পথাৰৰ কাম এৰি ঘৰুৱা কামত হাত দিয়ে। শৰৎকালৰ ভিতৰতে খেতিয়কে শীতকালীন শাক-পাচলি, সৰিয়হ আদিৰ খেতি কৰি বাৰী ঘৰ শুৱনি কৰে। প্ৰকৃতিৰ এই ৰূপৰ মাজতে আহে শাৰদীয় পূজা। আজিও শৰৎ অকলে নাহে ; লগতে লৈ আহে সকলো শক্তিৰ উৎস মাতৃ দুর্গাপূজা।

শৰতৰ এই ৰূপত এদিন পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণও মুগ্ধ হৈ যমুনাৰ বালিত গোপিনীসকলক লৈ ৰাস-উৎসৱ পাতিছিল। সেয়া আছিল এক উজ্জ্বল পৱিত্ৰ আৰু স্নিগ্ধ শাৰদ-পূৰ্ণিমাৰ ৰাতি। আজিও শৰতৰ এই পূর্ণিমা তিথিত ৰাসোৎসৱ পাতে।

উৎসৱ-প্রিয় মানুহে আজিও শৰতৰ এই পূৰ্ণিমাৰ পোহৰ উপভোগ কৰে। যুগে যুগে শৰৎ আহিছে, গৈছে। যুগে যুগে শৰৎ আহিব আৰু যাব। শৰতৰ ওপৰত আমাৰ আশা থাকিল, তেওঁৰ সেই চিৰ সুন্দৰৰ লগত ভয়াৱহ অভাৱ অনাটন যেন লগত লৈ নাহে। তেতিয়া আমাৰ বাবে শৰৎ হ’ব এক চিৰ সুন্দৰৰ উৎস।

উৎসৱ-বিষয়ক ৰচনা: Festival-related Assamese essay in Assamese

আমাৰ জাতীয় উৎসৱ ৰচনা

,আমি অসমীয়া লোকসকলে বিহুক জাতীয় উৎসৱ হিচাপে পালন কৰোঁ। এই উৎসৱ পালন কৰোঁতে কোনো জাতি-ধৰ্মৰ বিচাৰ নাই। হিন্দু-মুছলমান, গাৰো কছাৰী, মিৰি আদি সকলো জাতিৰ লোকেই বিহুক জাতীয় উৎসৱ ৰূপে পালন কৰে।

বিহু তিনিটা ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। তিনিটা বিভিন্ন ঋতুত এই বিহু-উৎসৱ পালন কৰে। বসন্ত কালত অর্থাৎ চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনাৰপৰা ৰঙালী বিহু উৎসৱ পালন কৰা হয়। বিহুৰ প্ৰথম দিনা গৰু-ম’হ আদিক গা ধুৱায় আৰু মানুহবোৰেও তেল-হালধি ঘঁহি গা ধোৱে তাৰ পিছত সন্মানিত লোকসকলক সেৱা জনাই খোৱা-বোৱা কৰে। গধূলি গৰু-ম’হক নতুন পঘাৰে বিহুৱান দিয়ে আৰু বিচনীৰে বিচি গোটেই বছৰটোৰ বাবে শীতলতা কামনা কৰে।

দ্বিতীয় বিহুৰ দিনা মানুহে নতুন কাপোৰ পিন্ধি বিহুৱান লয়। কিছুমান ঠাইত ৰঙালী বিহুৰ উৎসৱ সাত দিনলৈ পালন কৰা হয় বাবে ইয়াক সাত বিহুও বোলা হয়। বিহুৰ কেইদিন মানুহে নানা খেল-ধেমালি, ৰং-ৰহইচ কৰে। ডেকা-গাভৰুৱে জাক বান্ধি বিহুগীত গায়, হুঁচৰি গাৱ আৰু বিহুনাচ নাচে। খোল, মৃদঙ্গ, পেঁপা আদিৰ মধুৰ সুৰেৰে নতুন বছৰটোক আদৰি আনে।

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু বা কঙালী বিহুৰ উৎসৱ পালন কৰা হয়। এই সময়ত মানুহ নানা অভাৱত থাকে বাবে এই উৎসৱ ব্যাপকভাৱে পালন কৰা নহয়। তুলসী-তলত আৰু শস্যৰ গুৰিত চাকি-বন্তি জ্বলাই সুফল শস্য লাভ কৰাৰ আশাৰে লক্ষ্মী গোসানীক প্রার্থনা জনোৱা হয়।,

পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহুৰ উৎসৱ পালন কৰা হয়। এই সময়ত মানুহে পথাৰৰ শস্য গোটাই আনি ভঁৰালত থয়। সকলো লোকৰ ঘৰতেই এমুঠি থাকে বাবেই এই বিহুত খোৱা-লোৱাত বেছি জোৰ দিয়া হয়।

পুহৰ শেষ-দিনা ৰাতি ডেকাসকলে সমূহীয়াভাৱে বনভোজ খায়। পুৱতি নিশা পথাৰত মেজি পুৰি অগ্নি দেৱতাৰ পূজা কৰা হয়। বিহুৰ দিনা সৰুবিলাকে ডাঙৰক সেৱা জনাই আশীর্বাদ গ্ৰহণ কৰে। ঘৰে ঘৰে দৈ-চিৰা-পিঠা আদি তৈয়াৰ কৰি নিজে খায় আৰু আনকো খুৱাই আনন্দ উপভোগ কৰে।, এইদৰেই অসমীয়া লোকে ঋতু অনুসাৰে এই তিনিটা বিহু পালন কৰে।

সৰস্বতী পূজা ৰচনা | Saraswati Puja Assamese Essay in Assamese

ভাৰতৰ হিন্দু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সৰস্বতী পূজা এটা ডাঙৰ উৎসৱ। ভাৰতীয় হিন্দুসকলে সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি পূজা কৰে। এই পূজা সকলো বিদ্যালয়তেই অনুষ্ঠিত হয়।

প্ৰতি বছৰে মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা পালন কৰা হয়। এই তিথিটোক সেইবাবেই ‘শ্রীপঞ্চমী’ তিথিও বোলে। পূজাৰ আগদিনাই বিদ্যালয়বোৰত সৰস্বতীৰ মূৰ্তি প্ৰতিষ্ঠা কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সেই দিনা উলহ-মালহত গাত তত্‌ নোহোৱা হয়।

পূজাৰ দিনা ৰাতিপুৱাই সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজস্ব পাঠ্য-পুথি, দোৱাত-কলম, বিদ্যালয়ৰ আচ্‌বাব-পত্ৰ আদি সকলোকে চাক্‌-চিকুণ কৰি লয়।

তাৰ পিছত গা-পা ধুই মনৰ পৱিত্ৰতাৰে মূৰ্তিৰ সম্মুখত বহি পুষ্পাঞ্জলি দিয়ে। কোনো কোনো বিদ্যালয়ত মূৰ্তিৰ পৰিৱৰ্তে এটা মাটিৰ ঘট প্রতিস্থাপন কৰে। ইয়াকে ‘ঘট স্থাপন’ কৰা বোলে। এই ঘটটোকেই ছাত্র-ছাত্রীসকলে সৰস্বতী বুলি ভাবি পূজা কৰে।

পূজাৰ কাম সুচাৰুৰূপে চলাবৰ বাবে প্রত্যেক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এখন কমিটি গঠন কৰি লয়। এই কমিটিখনত শিক্ষকসকলৰ এজনক সভাপতি, ছাত্ৰসকলৰ মাজৰপৰা এজন বা দুজনক সম্পাদক আৰু প্ৰতিটো শ্ৰেণীৰপৰা একোজনকৈ স নিৰ্বাচিত কৰে।

এই কমিটিখনেই পূজাৰ সকলো কাম চলায়। পূজাৰ অন্তত ছাত্র-ছাত্রীসকলে সেৱা জনাই প্রসাদ লয়। তাৰ পিছত সকলো ছাত্র-ছাত্রীয়ে মিলি প্রীতি ভোজ খায়।

আবেলি পৰত ছাত্র-ছাত্রীসকলে নিমন্ত্রিত আলহী আৰু অভিভাৱকসকলক অভ্যর্থনা জনায়। সন্ধ্যা সময়ত প্ৰতিমাৰ সন্মুখত আৰতি প্ৰদান কৰা হয়। কোনো কোনো বিদ্যালয়ত নিশা যাত্রাভিনয় বা থিয়েটাৰ আদিৰে আনন্দ উপভোগ কৰে।

পূজাৰ পিছদিনা সমূহ ছাত্র-ছাত্রীয়ে প্রতিমাক প্রণাম জনাই বিসর্জন দিয়ে। বিসৰ্জনৰ সময়ত নগৰৰ বিদ্যালয়ৰ ছাত্ৰবোৰে নগৰ-সঙ্কীৰ্তন কৰি ৰং-ধেমালিৰে। নগৰ পৰিভ্ৰমণ কৰে।

বৰদিন ৰচনা | Christmas Assamese Essay in Assamese

খ্ৰীষ্টান ধৰ্মৰ মানুহৰ বাবে বৰদিন এটা অতি পবিত্র আৰু শ্রেষ্ঠ উৎসৱ। এই উৎসৱ খ্রীষ্টান ধর্মগুরু যীশুখ্ৰীষ্টৰ জন্মৰ দিনা অর্থাৎ প্রতি বছৰে ডিচেম্বৰ মাহৰ ২৫ তাৰিখৰ দিনা পালন কৰা হয়।

ইউৰোপত পেলেষ্টাইন নামে এখন দেশ আছে। বেথেলহেম পেলেষ্টাইন দেশৰ এখন অতি পুৰণি নগৰ। এই নগৰৰ এটা গোহালি ঘৰত খ্ৰীষ্টান ধৰ্মগুৰু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। যীশুখ্ৰীষ্টৰ পিতৃৰ নাম জোছেক আৰু মাকৰ নাম মেবী।

সেই সময়ত সেই দেশৰ মানুহ পিয়ল কৰা হৈছিল। নিজ নিজ পৰিয়ালৰ গণনা দিবৰ বাবে সেই সময়ত নানা ঠাইৰ লোক আহি বেথেলহেমত উপস্থিত হৈছিল। জোছে আৰু মেৰীয়েও নিজ পৰিয়ালৰ গণনা দিবৰ বাবে বেথেলহেমলৈ আহিছিল। বেথেলহেমত লোকে লোকারণ্য হোৱাত চহৰখনৰ কোনো হোটেল আদিত থাকিবলৈ ঠাই নোহোৱা হৈছিল।

অৱশেষত জোছেফ আৰু মেৰীয়ে গৈ হোটেল এখনৰ গোহালি ঘৰ এটাতে আশ্রয় ল’লে আৰু তাতেই মুক্তিৰ পথপ্রদর্শক প্রভু যীশুখ্ৰীষ্টৰ জন্ম হ’ল ।

ডাঙৰ হ’লত যীশুখ্ৰীষ্টই তেওঁৰ প্ৰৱৰ্তিত ধর্মমত প্ৰচাৰ কৰি ফুৰিবলৈ ধৰিলে ; কিন্তু ইহুদীবিলাকে আৰু তেওঁৰ বিৰোধী লোকসকলে তেওঁক নানা প্ৰকাৰে অত্যাচাৰ কৰিছিল। তেওঁৰ ধর্মমত গ্ৰহণ কৰা লোকসকলক খ্ৰীষ্টান বোলা হয় আৰু ধৰ্মক খ্রীষ্টধর্ম বোলা হয়।

খ্রীষ্টানসকলে বৰদিনৰ দিনা এই মহাপুরুষ গৰাকীৰ গুণানুকীৰ্তন কৰি প্ৰাৰ্থনা কৰে। তাৰ পিছত তেওঁলোকে পৰস্পৰৰ মাজত শুভেচ্ছা আৰু নানা প্ৰকাৰ বস্তুৰ বিনিময় কৰি মহা সমাৰোহেৰে এই দিনটো পালন কৰে।

ইদুল্‌ফিটৰ ৰচনা | Idul Fitr Assamese Essay in Assamese

ইচলাম ধৰ্মৰ লোকসকলৰ বাবে ইদুল্‌ফিটৰ এটা ডাঙৰ পৰ্ব। এই পৰ্ব পৃথিৱীৰ সকলো মুছলমান লোকে একেদিনাই পালন কৰে। মুছলমানসকলৰ ‘ৰমজান’ মাহটো এটা পৰিত্ৰ মাছ। এই পৰিত্ৰ মাহটোত সকলো ধর্মপ্রাণ মুছলমান লোকে দিনটো উপবাসে থাকি ৰোজা ধৰে।

তেওঁলোকে সূৰ্য্যোদয়ৰপৰা সূৰ্যাস্তলৈকে কোনো আহাৰ-পানী নাখায়। সূৰ্য্যাস্তৰ পিছত মচজিদত নামাজ পঢ়ি প্ৰাৰ্থনা কৰে আৰু ব্ৰত ভঙ্গ কৰে। এমাহকাল এইদৰে কটোৱাৰ পিছত ৰমজান মাহ শেষ হয় আৰু আকাশত ন জোন দেখাৰ লগে লগে মুছলমানসকলে পরিত্র ঈদ নামাজ পঢ়ি উৎসৱ পালন কৰে।

ঈদ মানে আনন্দৰ উৎসৱ। এই উৎসৱত ধনী-দুখীয়া সকলো মুছলমান লোকে এখন হ’লেও নতুন কাপোৰ পিন্ধে। সেইদিনা সকলো লোকে এটা নিৰ্দিষ্ট হাৰত দুখীয়া মানুহক দান দিয়ে। এই দানক ‘ফিত্ৰা’ বোলে।

দিনত গা-পা ধুই সকলো লোকে মচজিদ বা কোনো ময়দানত সমৱেত হৈ নামাজ পঢ়ে আৰু ভগৱানক প্রার্থনা জনায়। নামাজৰ অন্তত তেওঁলোকে মৰম-স্নেহৰ বিনিময় আৰু সকবিলাকে জোটবিলাকৰ ভৰি তুই তছলিম্‌ কৰে। ইচলাম ধর্মমতে এই সময়ত কোনো লোকে কাৰো প্ৰতি হিংসা ভাব ৰাখিব নাপায়। পৰস্পৰে পৰস্পৰক সহায় কৰা আৰু দান-দক্ষিণা দিয়াহে নিয়ম।

ৰমজান মাহৰ এমাহ জোৰা ৰোজাই মুছলমানসকলক সংযমী কৰে আৰু ভগৱানৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা বৃদ্ধি কৰে। ঈদ্‌গাহৰ জনসমাৱেশে তেওঁলোকৰ মাজত প্ৰীতিৰ ভাব বৃদ্ধি কৰে।

ইয়াত পঢ়ক:-

Post a Comment

Previous Post Next Post