গণতান্ত্রিক দেশত বাতৰি কাকতৰ ভূমিকা | The Role of Newspapers in a Democratic Country in Assamese

“The News Paper is the people’s Parliament always in session”

আৰম্ভণি

বিশাল বিশ্বৰ কোটি কোটি মানৱৰ ভাবধাৰাক, বিভিন্ন সমাজৰ বিচিত্ৰ ৰীতি- নীতিক ঐক্যৰ এনাজৰীৰে বান্ধি, “বসুধৈৱ কুটুম্বকম্ কৰি গঢ়ি তুলিব পৰাতেই বিংশ শতাব্দীৰ বিশ্বমানৱৰ সাৰ্থকতা। 

বাতৰি কাকত হৈছে জাতিসমূহৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি ওচৰ সম্বন্ধ গঢ়ি তোলাৰ মাধ্যম। পৃথিবীৰ নিভৃততম নিবিড় কোণত সোমাই থকা লোকেও মনন, সমাজৰ সংকীর্ণ সীমা অতিক্ৰম কৰি বিশ্বৰ উদাৰ, অসীম আকাশৰ তলত বিশাল জন-সমুদ্ৰৰ মাজত ডুব গৈ বিশ্বভ্ৰাতৃত্বৰ বান্ধোনেৰে নিজকে বান্ধি পেলায় বাতৰিকাতকৰ যোগেদি। 

সীমাবদ্ধ জীৱনৰ সসীমতাৰ মাজত সাংসাৰিক জ্বলা-যন্ত্ৰণাৰ মাজত থাকিও মানবে বিশ্বমানবতা আৰু বিশ্বনাগৰিকতাৰ উন্মুক্ত প্ৰাংগণত উপনীত হৈ মুকলি আকাশ, মুকলি বতাহৰ মুক্ত বাতাৱৰণত বিচৰণ কৰি “বিশ্বখনেই আপোন আমাৰ” বুলি সাবটি ধৰিবলৈ প্ৰয়াস পায় বাতৰি কাকতৰ মাধ্যমেৰে।

 

গণতান্ত্রিক দেশত বাতৰি কাকতৰ ভূমিকা


(বিজ্ঞানৰ প্ৰগতিয়ে বিশ্বক আমাৰ দুৱাৰমুখত উপনীত কৰাই দিয়েহি বাতৰি কাকতৰ যোগেদি। পূব দিগন্ত সোণালী সুৰুযে ভুমুকি মাৰিবলৈ নৌ-পাওঁতেই কাউৰীয়ে পদুলি মুৰৰ কৰৱীৰ জোপাত বহি কা-নৌকৰোতেই বিশ্বমানৱৰ বিভিন্ন বিচিত্ৰ বাৰ্তা আনি দুৱাৰমুখত হাজিৰ কৰি দিয়ে বাতৰি- কাকতে। সেয়েহে বাতৰি কাকত আজিৰ সুসভ্য মানৱৰ, সুখ-দুখৰ, বেথা-বেদনাৰ দৈনন্দিন লগৰী বার্তাদৃত।

 

 

বাতৰি কাকত উৎপত্তি

অভাবেই আবিষ্কাৰন মূল। অভাৱৰ তাড়নাই বিশ্বমানৱক বিভিন্ন সম্পদ আৱিষ্কাৰৰ প্ৰেৰণা যোগাইছে, তাৰ ফলত বিশ্ব সমৃদ্ধিশালী হৈছে, নিত্য নব আবিষ্কাৰে পৃথিৱীক ন ন প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে। সেই অভাৱৰ তাড়নাতেই নিশ্চয় এদিন বাতৰিকাকতৰ জন্ম উৎপত্তি হৈছিল। বৰ্তমানৰ দৰে বাতৰি কাকত পুৰণিকালত নাছিল যদিও কটকী যোগেদি পত্ৰ বিনিময়ৰদ্বাৰা বা বাতৰি প্ৰেৰণ কৰাৰ নিয়ম তেতিয়াও আছিল। কটকী, ৰাজদূত, ভ্ৰমণকাৰী পঠাই নিজ দেশৰ অভিলাষ, যুদ্ধৰ বাতৰি প্ৰেৰণ, বিদেশৰ বাতৰি আহৰণৰ ব্যৱস্থা কৰা হৈছিল।

 

সর্বপ্রথম বাতৰি কাকতৰ উদ্ভাৱন হৈছিল চীন দেশত কাকত আৰু ছপাকল আবিষ্কাৰৰ প্ৰথম গৌৰৱৰ অধিকাৰী চীন দেশ; আৰু বাতৰি কাকতৰ উদ্ভাৱনৰ গৌৰৱৰ অধিকাৰীও চীন দেশেই। ইউৰোপত ইটালীৰ ভেনিচ নগৰত প্ৰথম বাতৰি কাকত উদ্ভাবন হয়, সেই বাতৰি কাকতৰ নাম আছিল ‘গেজেটা’। ইয়াৰ পৰাই ‘গেজেট’ শব্দৰ উৎপত্তি হৈছে। ইংলণ্ডত ৰাণী এলিজাবেথৰ দিনত বাতৰি কাকত প্রকাশিত হয়। ভাৰতত ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰপৰাই বাতৰি কাকতৰ প্ৰচলন। হৈছিল। ভাৰতৰ প্ৰথম, বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়া গেজেট’— ১৭৪৪ চন। ইয়াৰ পাছৰপৰাই ইংৰাজী আৰু দেশীয় বিভিন্ন ভাষাত বাতৰি কাকত প্ৰকাশিত হ’বলৈ আৰম্ভ কৰে। বিভিন্ন প্রতিষ্ঠানেই বিশ্বৰ বাতৰিবোৰ প্ৰেৰণ কৰে। সেইবোৰ হৈছে ৰয়টাৰ, ইউ. পি. আই. সমাচার, তাচ, নাফেন, এ. এফ. পি. পি. টি. আই, ইত্যাদি।

 

অসমৰ বাতৰি কাকত

 

অসমত প্ৰথম বাতৰি কাকত প্ৰচলন কৰে খৃষ্টান মিছনেৰীসকলে আৰু সেই কাকতখন আছিল। “অৰুণোদই। ই প্রকাশিত হয়। ১৮৪৬ চনত। তাৰ পাছৰপৰা বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত অসমত প্ৰকাশ পাইছে অসম বান্ধর, আসাম বিলাসিনী, মৌ, বাঁহী, জোনাকী, জয়ন্তী আদি কাকত প্রকাশিত হয়। 

নানা কাৰণত এই কাকতবোৰৰ প্ৰকাশ বন্ধ হৈ যায়। তাৰ পাছত বাতৰি কাকত আবাহন, ৰামধেনু, পছোৱা, শিশু-আলোচনী অরুণ, অঞ্চল, দীপক, সাদিনীয়া অসমীয়া, বিহলঙনী, নাম নাই, মহাজাতি, সাদিনীয়া জনমভূমি আদি প্রকাশিত হয়। কাল পছোৱাৰ বাউলী বা-ই ইয়াৰ প্ৰায়বোৰ কাকতকে কালৰ গৰ্ভত লীন নিয়ায়। 

তাৰ পাছত প্রকাশিত হয় নতুন অসমীয়া। ইও কিছুদিন চলাৰ পাছত বন্ধ হৈ যায়, নবযুগ, আমাৰ প্ৰতিনিধি, দৈনিক অসম, দৈনিক জনমভূমি, ইংৰাজী আসাম ট্ৰিবিউন, আসাম এক্সপ্ৰেছ, নিউজ ষ্টাৰ আদি প্রকাশিত হয়।

সুখৰ বিষ্যা যে সম্প্ৰতি অসমত বাতৰি কাকতৰ প্ৰচলন বৃদ্ধি পাইছে। অসমীয়া ভাষাৰ উপৰি ইংৰাজী, বাংলা, হিন্দী আদি ভাষাতো দৈনিক বাতৰি কাকত প্ৰকাশ পাইছে। 

দৈনিক জনমভূমি, আজিৰ অসম, দৈনিক অসম, নতুন দৈনিক, আমাৰ অসম, অসমীয়া প্ৰতিদিন, আজি, বাতৰি, অসমীয়া খবৰ, দৈনিক জনসাধাৰণ, নতুন দিন, দৈনিক অগ্রদূত, নিয়মীয়া বাৰ্তা আদি দৈনিক কাকত; অসম বাণী, সাদিন, অগ্রদূত, আদি সাদিনীয়া-তিনিদিনীয়া কাকত, প্রান্তিক, স্বাস্থ্যচিন্তা (স্বাস্থ্য সম্বন্ধীয়), পয়েকীয়া, গৰীয়সী, বিস্ময়, রহস্য, ত্রিশূল, মায়া, হিয়া আদি মাহেকীয়া আলোচনী এতিয়া নিয়মীয়াকৈ ওলাই আছে। সেইদৰে মহিলা আলোচনী – নন্দিনী, প্রিয়সখী, আদিৰ নাম উল্লেখযোগ্য। 

আলোচনী- ইংৰাজী দৈনিকৰ ভিত The Assam Tribune, The Sentinel আৰু The Noth-East Times অৰ নাম উল্লেখযোগ্য। পঢ়ুৱৈৰ লগতে উপযুক্ত বিপণন ব্যৱস্থাৰ অভাৱত অসমত আগতে ভালেমান কাকত-আলোচনীৰ মৃত্যু ঘটিছে। এইটো আমাৰ জাতীয় দুর্ভাগা। এই ক্ষেত্ৰত আমাৰ পঢ়ুৱৈ-সমাজ অধিক সচেতন হোৱা প্ৰয়োজন।

 

বাতৰি কাকত শ্রেণী বিভাগ

 

বাতৰি কাকত কেইবা শ্ৰেণীৰো আছে৷ বাতৰিপ্ৰধান কাকত, বার্তা আৰু প্ৰবন্ধ মিশ্রিত কাকত আৰু আলোচনী কাকত। প্রথম শ্ৰেণীৰ কাকতত প্ৰধানকৈ দেশ-বিদেশৰ বা বাতৰি থাকে। দ্বিতীয় বিষত বা বাতৰিৰ বাহিৰেও বিশ্বৰ ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, বেহা- শ্রেণী বিভাগ বেপাৰ সাহিত্য, সংস্কৃতি, খেলা-ধূলা, আমোদ-প্রমোদ সম্বন্ধীয় প্রবন্ধ আদিও প্রকাশিত হয়। 

শেষৰ বিষত বিভিন্ন বিষয়ৰ প্ৰবন্ধ-পাতি, গল্প, কবিতা, উপন্যাস আদি প্ৰধানকৈ প্রকাশিত হয়। অসমীয়া বাতৰি কাকত, বার্তালোচনী আৰু আলোচনীৰ নাম ওপৰত উল্লেখ কৰা হৈছে। ভাৰতত বর্তমান প্ৰায়ন হাজাৰ বিভিন্ন শ্ৰেণীৰ বাতৰি কাকত প্ৰকাশিত হৈ আছে।

 

বাতৰি কাকতৰ ভূমিকা

 

আধুনিক জগতত বাতৰি কাকতৰ ভূমিকা অনন্য সাধাৰণ প্ৰতিদিনে জগতৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনাপ্রবাহ, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, বেপাৰ-বাণিজ্য, শিক্ষা, সংস্কৃতি, আমোদ-প্রমোদ, খেলা-ধূলাৰ বা-বাতৰি ক্ষিপ্ৰগতিৰে, শুদ্ধ আৰু তথ্যভিত্তিকভাবে, বাতৰি কাকতৰ পুংখানুপুংখকৈ পৰিৱেশন কৰিব পৰাতেই বাতৰি কাকতৰ সার্থকতা। 

কোনো ভূমিকা ঠাইত সংঘটিত যুদ্ধ-বিগ্রহ, প্রাকৃতিক দুর্যোগ, অভাব-অনাটন আদিৰ বা-বতৰি, জগত জনমত সংগঠন, সাহায্য আদিৰ আণ্ডসমাধানৰ ব্যৱস্থা গ্ৰহণ আদিৰ বাবে শুদ্ধ আৰু ক্ষিপ্রভাবে পৰিবেশন কৰাৰ প্ৰয়োজনীয়তা বিতৰ্কৰ উর্ধ্বত।

 

বাতৰি কাকতৰ উপকাৰ- অপকাৰ

 

বাতৰি কাকত গণতান্ত্রিক দেশৰ সদা জাগ্ৰত প্ৰহৰী। দেশৰ শাসনতন্ত্ৰৰ গঠন, শাসন-প্রণালী, চৰকাৰে গ্ৰহণ কৰা নতুন নতুন নীতি, নতুন আইন-কানুন গ্ৰহণ কৰা ব্যৱস্থাবলী আদিৰ বিষয়ে দেশৰ জনগণক অবগত কৰোৱাটো বাতৰি কাকতৰ কর্তবা, জবনী আইন প্ৰবৰ্তনৰ সময়ত, যুদ্ধ-বিগ্রহ, অন্তবিপ্লব, বিদ্রোহ, অশান্তি, প্রাকৃতিক দুৰ্যোগ আদিৰ সময়ত ডাবৰ বাতৰি ডাবে ৰাইজক জনোৱা একান্ত কর্তব্য। তদুপৰি আইন প্ৰণয়নৰ সময়ত কোনো নতুন

 

নীতি গ্রহণৰ সময়ত যেতিয়া জনগণৰ মতামতৰ প্ৰয়োজন হয়, তেতিয়া সঠিক আৰু শুদ্ধভাবে ৰাইজৰ মতামত চৰকাৰক অৱগত কৰোৱাৰ ক্ষেত্ৰত বাতৰি কাকতে অতিশয় | ক্ষিপ্রভাবে বাতৰি পৰিবেশন কৰাৰ প্ৰয়োজন, বাতৰি কাকতৰ প্রকাশিত মতামতে দেশৰ শাসনতন্ত্ৰৰ ভেটি গজগজীয়াও কৰিব পাৰে, আৰু প্ৰতিকূল পৰিবেশৰ সৃষ্টি কৰি ওফৰাই দিবও পাৰে। 

গণতন্ত্ৰৰ মর্যাদা যদি কোনো কাৰণত হানি হয়, নতুবা পবিত্রতা নষ্ট হয়, তেনে ক্ষেত্ৰত তীব্ৰ জনমত গঠন কৰি তাৰ বিৰুদ্ধে বীরদর্শে থিয় দিব লাগিব বাতৰি কাকতেই। জনগণ যদি ন্যায়সংগত প্ৰাপাৰপৰা,  অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হয় তাৰ বিৰুদ্ধেও নিৰ্ভীক, নিৰপেক্ষভাৱে জনগণৰ দাবী প্রতিপন্ন কৰিব লাগিব বাতৰি কাকতেই। 

জনগণৰ ন্যায়সংগত অধিকাৰ সুপ্রতিষ্ঠিত কৰাৰ ক্ষেত্ৰত যি কাকতে সক্ৰিয় আৰু সফল ভূমিকা গ্ৰহণ কৰিবলৈ ব্যৰ্থ হয়, তেনে বাতৰি কাকত ৰাইজৰ মুখপাত্র হিচাপে কোনোদিনেই প্রতিপন্ন হ’ব নোৱাৰে। গণতান্ত্রিক দেশত ৰাইজৰ জয় মানেই গণতন্ত্রৰ জয়।

 

দেশত যেতিয়া শোষণকাৰীৰ, ভেজালকাৰীৰ চোৰাংকাৰীৰ অবাধ অত্যাচাৰ চলে, শাসনতন্ত্র বিপন্ন হৈ যায়, মদমত্ত অত্যাচাৰীৰ কৰালগ্ৰাসত পৰি জনগণ তীব্র উৎপীড়নৰ সন্মুখীন হয়, সন্ত্ৰাসবাদীৰ ত্ৰাসত পৰি জনগণে ত্রাহি মধুসুদন সোঁৱৰিবলগা হয় স্বৈৰতন্ত্ৰৰ অবাধ লীলা-খেলাই দেশক জৰ্জৰিত কৰি তোলে, পৰিকল্পনা, উদ্যোগ-আদিৰ অসাফল্য, ব্যর্থতাই, জনস্বার্থবিৰোধী লোকৰ অসামাজিক কার্যকলাপে, চৰকাৰৰ ত্রুটি-বিচ্যুতিয়ে জনসমাজ ধ্বংসৰ পথলৈ লৈ যায়, তেনে। 

সময়ত বাতৰি কাকতে ক্ষুধাৰ লিখনিৰে, উদ্দাত্ত কণ্ঠৰ প্ৰদীপ্ত বাণীৰে জনগণক অন্যায়ৰ বিৰুদ্ধে, শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে বীরদর্পে থিয় হ’বলৈ শক্তি, উৎসাহ, উদ্যম যোগাই ন্যায় প্রতিষ্ঠাৰ বাটত আগুৱাই নিবলৈ সমৰ্থ হ’ব লাগিব; শোষকক, অত্যাচাৰীক, দলনকাৰীক জনগণৰ মুক্তি বিচাৰ- কক্ষত উপস্থিত কৰাব পাৰিব লাগিব। তেতিয়াহে বাতৰিকাকতৰ শ্ৰেষ্ঠ ভূমিকা প্রতিপন্ন হ’ব আৰু তেনে বাতৰিকাকতেহে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

 

আনহাতেদি বিভিন্ন প্ৰান্তৰ আমোদ-প্রমোদ, খেলা-ধূলা, কৃষ্টি-সংস্কৃতিৰ, সমাজধাৰাৰ মনোৰম মনোৰঞ্জক বাতৰিবোৰো মহীয়ান কৰি পৰিৱেশন কৰি, মানুহৰ সুকুমাৰ মনোৰাজ্যত আনন্দৰ উদ্রেকো বাতৰি কাকতে কৰিব পাৰিব লাগিব। 

বাতৰি কাকতে এই কথাও লক্ষ্য ৰাখিব লাগিব যে বিশ্বৰ নিৰ্মম সত্য, বাস্তব কাহিনীবোৰকে লৈ মানুহ চিৰদিন ব্যস্ত থাকিব নোৱাৰে; বাস্তৱৰ পাকে পাকে ঘূৰি অভাব-অনাটন, জ্বালা-যন্ত্ৰণাৰ মাজত অতিষ্ঠ হৈ পৰা জীবনে আমোদ-প্রমোদ বিচাৰে, শাস্তিৰ উৎস বিচাৰে। বাতৰিকাকতে সেইখিনিও যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব।

 

আনহাতেদি এইটোও লক্ষ্য ৰাখিব লাগিব যে কেতিয়াবা কেতিয়াবা উৰা বাতৰি, উদ্ভট, অবাস্তৱ, কাল্পনিক কাহিনী কিছুমান পৰিৱেশন কৰি জনগণক বিভ্রান্ত, বিপথগামী কৰাও দেখা যায়। বহু সময়ত ৰাজনীতিৰ মেৰপাকত পৰি, এক শ্ৰেণী সুবিধাবাদীৰ হাতৰ পুতলা হৈ বাতৰিকাকতবোৰ নিজৰ পবিত্ৰ দায়িত্ব পালন কৰাত অসমৰ্থ হৈ পৰে। 

তাৰ ফলত ক্ষমতাশালী লোকৰ দলৰ মনোৰঞ্জন কৰিবলৈ গৈ জনস্বার্থ-বিৰোধী কাৰ্যাৱলীকো সমৰ্থন কৰি জন-স্বার্থ নির্মমভাৱে পদদলিত কৰি পেলায়। যেতিয়াই বাতৰি কাকতে নিৰপেক্ষ ভূমিকা জলাঞ্জলি দি ব্যক্তি বা দল বিশেষৰ জয়গান গোৱাত ব্যস্ত হয়, তেতিয়াই মানৱ সমাজ অৱহেলিত হয়, শোষণৰ অবাধ ৰাজত্বই মানৱ সমাজ দুখ জৰ্জৰ কৰি তোলে, নিৰীহ, মুক, মৌন কোটি কোটি জনতাই তেতিয়া সমাজত ন্যায় প্ৰতিষ্ঠাৰ কাৰণে স্ৰষ্টাৰ ওচৰত নীৰৱে চকুলো টুকি প্ৰাৰ্থনা কৰাৰ বাহিৰে গত্যন্তৰ নাথাকে।

 

মন্তব্য

 

বাতৰি কাকতসমূহে যাতে তেনে কৱলৰপৰা মুক্ত হৈ উন্মুক্তভাবে নির্ভীক, নিৰপেক্ষভাৱে জন- দেৱতাৰ সেৱাৰ মনোভাব লৈ পবিত্ৰ দায়িত্ব পালনত অগ্ৰসৰ হয় তাকেই আমি কামনা কৰো।

 

সদৃশ ৰচনা ঃ ১। ​​​​বাতৰি কাকত, ২। প্ৰচাৰ মাধ্যমৰূপে বাতৰি কাকত,। বাতৰি কাকত ইয়াৰ উপকাৰ আৰু অপকাৰ । বাতৰি কাকত-জাতিৰ মুখপত্র, ৫। জনসমাজত বাতৰি কাকতৰ প্ৰভাৱ ৬। বাতৰি কাকতৰ সাংগঠনিক ভূমিকা।

Post a Comment

Previous Post Next Post