Jeevan-Sarit Path Rochona | জীৱন-চৰিত পাঠ ৰচনা

​​

নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি Jeevan-Sarit Path Rochona, জীৱন-চৰিত পাঠ ৰচনা আলোচনা কৰিম। 

Jeevan-Sarit Path Rochona

জীৱনৰে অন্য নাম সংগ্রাম। সংগ্রামী জীৱনটোক প্রকৃত মানুহ হিচাপে গঢ়ি তুলি, সুখময়, শান্তিময় জীৱন নিৰ্বাহ কৰাৰ এই সংগ্রাম। সেইবাবে মানুহে এই সুন্দৰ পৃথিৱীৰ মুখ দেখাৰপৰা নিয়তিৰ কোলাত আশ্ৰয় লোৱালৈকে ই অবারিত এক সংগ্রাম। সেই সংগ্ৰামত মানুহে নিজকে সক্ষম সেনানীৰূপে প্রতিষ্ঠা কৰি পৰাতেই মানুহৰ পুৰুষত্বৰ পৰিচয়। কবিৰ ভাষাত :

“সৃষ্টিৰ দিনাৰেপৰা      নিয়তিৰ স’তে হেবা

      মানুহৰ সংগ্ৰাম অক্ষ

আমি তাৰ স্মৃতি-স্তত,        সোঁৱৰাই মানুহৰ বীৰ্য

      আৰু নিয়তিৰ জয়।”

Jeevan-Sarit Path Rochona আৰম্ভণি

নিয়তিৰ কৰাল গ্ৰাসৰপৰা মানুহৰ পৰিত্ৰাণৰ উপায় নাই। কিন্তু মানুহৰ কৰ্ম-শক্তিৰে জীৱন- সংগ্ৰামত বীরদর্পে যুঁজি পৌৰুষৰ পৰিচয় দিব পৰাতেই জীৱনৰ সার্থকতা। এই সার্থকতা লাভ কৰিবলৈ মানুহ আদর্শবাদী হ’ব লাগিব। মহৎ লোকৰ জীৱনী এই আদৰ্শৰ মূল ভিত্তি।

মহৎ লোকসকলে অভিজ্ঞতা-পুষ্ট জীৱনৰ কৰ্মৰ মাজেৰে জগতৰ আগত আদর্শ দাঙি ধৰে। মহানুভবতা, দয়া, ক্ষমা, কৰুণা আৰু জন-কল্যাণৰ অক্ষয় কীৰ্তি তেওঁলোকে পৃথিৱীত ৰাখি থৈ গৈছে অক্ষয় আৰু অম্লান কৰি। গতিকে তেওঁলোকৰ জীৱন-গাথা অধ্যয়ন কৰি, তেওঁলোকৰ সঞ্চিত জ্ঞানেৰে আৰু আদর্শেৰে আমাৰ জীৱনো আমি মহৎ কৰি গঢ়ি ল’ব পাৰো।

আদৰ্শৰ আৱশ্যকতা | Jeevan-Sarit Path Rochona

সংসাৰখন বৰ জটিল। এই সংসাৰত নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অনুশীলনৰ প্রয়োজন, এই অনুশীলন বিদ্যাশিক্ষা অর্থাৎ জ্ঞানলাভব, ধৈর্য, সহিষ্ণুতার, অধ্যৱসায়ৰ, কষ্ট, সহিষ্ণুতাৰ। তাৰ লগতে লাগে দয়া, ক্ষমা, করলা, আৰু উদাৰতা।

এই গুণবোৰ আহৰণ কৰিবলৈ আমাক আদর্শ লাগে। আমি মহা-মানৱসকলৰ জীৱনী অধ্যয়ন কৰিলে দেখিম যীশুখৃষ্ট, হজৰত “মহম্মদ, শ্রীমন্ত শংকরদের, শ্রীমন্ত মাধবদের আদিৰ জীৱনৰ আদিছোৱা বৰ মধুৰ নাছিল।

Read More:-

মহাপুৰুষসকলৰ আদর্শ | Jeevan-Sarit Path Rochona

যীশুখৃষ্টৰ জন্ম হৈছিল গোহালি ঘৰত, হজৰত মহম্মদ শৈশৱতে ঘাট- মাডৰা হোছল; শংকৰদেৱো ঘাট মাউৰা হৈছিল: মাধৱদেৱে সৰু কালতেই মাতৃক হেৰুৱাইছিল। তেওঁলোকে নানা আলৈ আহুকাল, জ্বালা-যন্ত্ৰণা আঁতৰাই থৈ, ধৈৰ্য আৰু অধ্যৱসায়েৰে জীৱন মহৎ কৰি লৈছিল।

সংসাৰৰ মায়া-মোহে, জ্বালা-যন্ত্রণাই, বেথা-বেদনাই জঞ্জৰিত কৰি তোলা মানব আৱশ্যকতা সমাজৰ বেদনাই করল অন্দনে তেওঁলোকৰ অন্তৰত গভীৰ বেদনাৰ সৃষ্টি মহাপুৰুষসকলৰ কৰিছিল। সেইবাবে মানুহৰ কল্যাণৰ কাৰণে, পৰিত্ৰাণৰ কাৰণে জীৱন উছৰ্গা কৰি আদর্শ গভীৰ সাধনাত নিমগ্ন হৈছিল।

তেওঁলোকৰ জ্ঞানসিদুৰে মানৱ সমাজৰ পাপ- ভাগ, জ্বালা-যন্ত্ৰণা দুই নিকা কৰি মানুহক ভগৱৎ প্ৰেমত উদ্বুদ্ধ কৰি তুলিছিল। সেই ধৈর্য, সহিষ্ণুতা আৰু সাধনাৰ মহান আদর্শ তেওঁলোকে আমালৈ থৈ গৈছে। আমিও সেই আদর্শ অনুশীলন করি আমাৰো জীৱন সুন্দৰ আৰু মহীয়ান কৰি তুলিবলৈ সক্ষম হ’ম।

ভগৱানৰ মহান বাণী প্ৰচাৰ কৰিবলৈ যাওঁতে যীশুখৃষ্ট কুহু-বিদ্ধ হ’বলগা হৈছিল, হজৰত মহম্মদ, শংকৰদেৱ, মাধৱদেৱে জন্মভূমি চিৰদিনৰ কাৰণে ত্যাগ কৰি প্ৰাণ লৈ পলাই যাবলগা হৈছিল। অথচ তেওঁলোকে আততায়ীক, শরুক ক্ষমা কৰি তেওঁলোককো ভগৱানৰ বাণীকে শুনাই শতক জমাৰে থৈ গৈছে, তেওঁলোকৰ অন্তৰৰ হিংসা-দ্বেষ, পাপ-তাপ, কলুষ-কালিমা দূৰ কৰিবলৈ।

মহা-মানৱসকলৰ এই মহত্ত্ব আমাৰো শিৰৰ ভূষণ হোৱা উচিত। তেওঁলোকৰ জীৱন- আলেখাই আমাক কি শিকায়। হাজাৰ বিপদ-আপদ, বাধা-বিঘিনি আহি আমাৰ জীৱনৰ বাটত আগুৱাই যাওঁতে আমাক বিব্ৰত কৰি তুলিব পাৰে, কিন্তু আমি সাহস আৰু ধৈৰ্যৰে পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।

উদাৰ হৃদয়েৰে সকলোকে আঁকোৱালি ল’ব পৰা দয়া, করুণা, উদাৰতাৰ অধিকাৰী হ’ব পাৰিব লাগিব। তেতিয়া আমাৰ পৰম শতকে ক্ষমা কৰিব লাগিব। তেতিয়া আমাৰ শত্ৰু নাইকিয়া হ’ব, মিত্র বাঢ়িব।

এই মনীষীসকলে জীৱনৰ সাধনাত অচল-অটলভাবে থাকি সফলতা অর্জন কৰি, সেই সাধনালব্ধ জ্ঞান জগতৰ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিছিল।

তাৰ ফলত নিজেও মহীয়ান হৈছিল আৰু জন্মতকো সত্য, সুন্দ্ৰ, শিৱৰ সন্ধান দি——“সুন্দৰৰ আৰাধনা, জীৱনৰ খেল” বুলি উপলব্ধি কৰাই জাত সৌন্দৰ্যৰ আকৰ বুলি প্ৰমাণিত কৰি থৈ গৈছে। সেইদৰে আমিও যদি আমার জ্ঞান লাভব সাধনাত অবিচলভাবে লাগি থাকো তেনেহ’লে সিদ্ধি লাভ কৰি আমাৰ জীৱন সুন্দৰ কৰি গঢ়ি তুলিব পাৰিম।

বর্তমান যুগৰ আদর্শ | Jeevan-Sarit Path Rochona

মহামানৱ মহাত্মা গান্ধীৰ জীৱন-দৰ্শন অধ্যয়ন কৰিলে আমি কি পাওঁ। তেওঁ সোণৰ চামুচ মুখত দি জন্মলাভ কৰা নাছিল। এটি সাধাৰণ মধ্যবিত্ত পৰিয়ালত তেখেতৰ জন্ম হৈছিল। কিন্তু তেখেত সদৌ ভাৰতৰে পিতৃৰূপে আখ্যায়িত হৈ সমগ্ৰ পৃথিৱীৰদ্বাৰাই পুজিত, সম্মানিত হৈছে।

তাৰ কাৰণবোৰ ফঁহিয়াই চালে দেখিন- ছাত্রাবস্থাত গোপনে মাংস খোৱা, বিড়ি খোৱা, আদর্শ হাতৰ অলংকাৰৰপৰা সোণ চুৰ কৰি বিড়িৰ খৰচ উলিওৱা আদি অপৰাধ কৰি, সেই অপৰাধবোধৰ বেদনাত জৰ্জৰিত হৈ অনুতপ্ত অন্তৰেৰে চকুলো টুকি টুকি দেউতাকৰ আগত স্বীকাৰোক্তি কৰিছিল।

অপৰাধৰ অপৰাধবোধে, স্বীকাবোজিয়ে মনৰ কালিমা ধুই নিকা কৰে। আৰু স্বীকাৰ কৰাৰ সৎ সাহসে মানুহক মহৎ কৰে। তেখেতৰ জীৱনৰপৰা এই আদর্শ গ্ৰহণ কৰি আমিও নিজকে মহৎ কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত। তেখেতে বিলাতত গৈ মাতৃৰ ওচৰত কৰা প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছিল।

নিৰামিষ আহাৰ গ্ৰহণৰ ক্ষেত্ৰতো তেখেতে তার গুণাগুণ সম্পর্কে পৰীক্ষা-নিৰীক্ষা কৰি নিজে ৰান্ধি-বাঢ়ি খাইও অধ্যয়নত ৰত হৈছিল। তাৰ প্রতি আগ্রহ, সত্যৰক্ষাত দৃঢ়তা, শ্রমশীলতা গান্ধীজীৰ জীৱনৰ শ্রেষ্ঠ আদর্শ।

দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয়সকলৰ দুখ-বেদনাই তেওঁৰ অভাক কন্দুৱাইছিল। তেওঁলোকৰ ত্ৰাণৰ কাৰণে যুঁজ দিবলৈ গৈ অপমাণিত হোৱাৰ উপৰি কেইবাটাও দাঁত হেৰুৱাইছিল, কিন্তু প্ৰতিশোষৰ চিন্তা মনলৈ নানি কর্তব্যত কি প্ৰকাৰে কৃতকার্যতা লাভ কৰিব পাৰি তাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈ কামত আগুৱাই গৈছিল।

ইয়াৰপৰা আমি এই শিক্ষা পাওঁ যে কৰ্ত্তবা পথত অগ্ৰসৰ হওঁতে অপমানবোধলৈ লক্ষ্য কৰিব নালাগিব, বাধা-বিঘিনিলৈ লক্ষ্য কৰি বিৰত থাকিব নালাগিব, লক্ষ্য ৰাখিব লাগিব — জীৱনৰ পণ কৃতকাৰ্য কৰি তোলাত, সাস্থলত উপনীত হোৱা নগৰ লা সাধনৰ পথ গোলাপৰ শয্যা নহরা, ই কণ্টকময়, কিন্তু মনৰ দৃঢ়তা আৰু কাঠ বাপৰায়ণতাই সেই কাইটায়া পথকো সুগম কৰি তুলিব পাৰে।

সত্যৰ বাটত, অহিংসাৰ বাটত সাধনাত অচল-অটলভাবে থাকি লক্ষ্যত উপনীত হ’বলৈ চলোৱা ঐকান্তিক প্রচেষ্টাত দৃঢ়ভাৱে লাগি থাকি সসাগৰা পৃথিৱীৰ অধীশ্বৰ ইংৰাজসকলক ভাৰতৰপৰা বহিষ্কাৰ কৰি দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ গান্ধীজী সক্ষম হ’ল।

তেখেতৰ প্ৰবল ইচ্ছাশক্তিৰ বলত জীৱনৰ প্রতি পদক্ষেপতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ কাৰণে কত লঘুলাঞ্ছনা সহ্য কৰিলে, কতবাৰ কাৰাবৰণ কৰিলে; অথচ সকলো পৰিস্থিতিতে দৃঢ়ভাবে থাকি জীৱনলৈ কৃতকার্যতাৰ গৰিমা আনিলে। পৰিস্থিতিৰ সম্মুখীন হ’ব পৰা দৃঢ়তা মনোবল থাকিলে কৃতকার্যতা অনিবার্য।

এইদৰে কৰ্মগাথাৰ যোগেদি মহৎ লোকসকলে আমাক কর্তব্য পথৰ সন্ধান দিয়ে; উৎসাহ, উদ্যম, প্ৰেৰণা যোগায়। বুদ্ধৰ মহান বাণীয়ে চণ্ডাশোকক ধর্মাশোকলৈ ৰূপান্তৰিত কৰিলে। এইবোৰ মহৎ লোকৰ আদৰ্শৰ প্ৰভাৱ। শ্ৰৱণৰ পিতৃ-মাতৃৰ প্ৰতি ভক্তিৰ আদৰ্শই গান্ধীজীক অনুপ্রাণিত কৰিছিল।

ৰামায়ণ, মহাভাৰতৰ বীৰ বীৰাংগণাসকলৰ আদৰ্শই জৱাহৰলাল নেহৰুক মহান ব্যক্তি হোৱাত অনুপ্ৰেৰণা যোগাইছিল। এইদৰে মহামানৱসকলৰ জীৱন বিশ্লেষণ কৰি চাই আমি মহৎ আদৰ্শৰ সন্ধান পাওঁ আৰু সেই আদর্শই আমাৰ জীৱন মহৎ কৰি তোলাৰ পথ প্ৰদৰ্শক।

Jeevan-Sarit Path Rochona মন্তব্য

সংসাৰ সাগৰৰ আকাশলঘী ঊর্মিমালাৰ লহৰত আমি উটি-ভাহি যাওঁ, কেতিয়াবা তল পৰি কক্ককাই দিগভ্রান্ত হওঁ, কেতিয়াবা ওপৰলৈ উঠি পৰিত্ৰাণৰ দীঘলীয়া উশাহ লৈ নিস্তাৰ পাওঁ। জীৱনৰ উত্থান-পতনৰ এই সংগ্ৰামত মহৎ লোকৰ জীৱন-গাথাই আমাক সান্ত্বনাৰ

বাণী শুনাই সাহসৰ বল বান্ধি কৰ্মপথত অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়। তেওঁলোকৰ জীৱন-চৰিত আমাৰ কাৰণে দিকদর্শন যন্ত্র: তেওঁলোকৰ আদৰ্শ আমাৰ জীৱন গঢ়াৰ পথত একোটি একোটি চিৰ উজ্জ্বল আলোকস্তম্ভ।

সেইবাবে আমাৰ জীৱনৰ বাট তেওঁলোকৰ মহান আদৰ্শৰ চিৰ উজ্জ্বল জ্যোতিৰে আলোকিত কৰি, সেই আলোক পথেৰে বাট বুলি আমাৰ কৰ্মৰ, আমাৰ অস্তিত্বৰ স্বীকৃতি ধৰাৰ বুকুত ৰাখি থৈ যাবলৈ সক্ষম হ’বলৈ আমি মহৎ লোকসকলৰ জীৱন-চৰিত অধ্যয়ন কৰা উচিত।

সদৃশ ৰচনা : ১। জীৱন চৰিত্ৰত অধ্যয়নৰ আৱশ্যকতা, ২। জীবন-চৰিত জীৱনৰ আদর্শ; ৩। মহাপুৰুষসকলৰ জীবনে আমাক কি শিকায় ?

ওপৰত আমি Jeevan-Sarit Path Rochona এটা দিছোঁ। এই জীৱন-চৰিত পাঠ প্ৰবন্ধটোৱে ছেবা আৰু চিবিএছই বোৰ্ডৰ 5-10 শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সহায় কৰিব।

আমি ৱিকিৰ পৰা তথ্য সংগ্ৰহ কৰিছো।

Post a Comment

Previous Post Next Post