Pariwesh Pradushan aru Yaar Pratikar Rochona | পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা

নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি Pariwesh Pradushan aru Yaar Pratikar Rochona, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা  আলোচনা কৰিম। 


Pariwesh Pradushan aru Yaar Pratikar Rochona | Class 5-8


পৰিবেশেই প্ৰাণৰ ধাৰক, জীবনীশক্তি যোগান ধৰোতা। পৰিবেশ বা পারিপার্শ্বিকতার লগত প্ৰাণীৰ সম্পৰ্ক যুগ যুগান্তৰ ধৰি নিকটৱৰ্তী, যিহেতু প্ৰাণীৰ অস্তিত্ব পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়ে পৰিবেশ বিনষ্ট হ’লে প্রাণীয়ো কিনষ্ট হ’ব আৰু জীয়াই থকাৰ পথ রুদ্ধ হ’ব।



অ্যাসরমান সভ্যতা আৰু পৰিৱেশ প্ৰদূষণ সমস্যা



মানুহে নিজৰ প্ৰয়োজন অনুসৰি প্ৰকৃতিক নিজ নিজ কামত তথা প্রাকৃতিক সম্পদক যিদৰে প্ৰয়োগ কৰিছে ঠিক সেইদৰে প্ৰকৃতিৰ আহত ৰূপটিয়ে ক্রমশঃ সমগ্র প্রাণীকাতর বাবে সৰ্বনাশী কাৰক হিচাপে প্ৰকট হৈ পৰিছে। মানুহেই যে পৰিৱেশৰ শত্ৰু তাক দীর্ঘদিন ধৰি মানুহে অনুধাৱন কৰা নাছিল। সম্প্রতি অনেক পৰীক্ষা- নিৰীক্ষাৰ অন্তত পৰিবেশ আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি মানুহ সক্ৰিয় হৈছে।



দৈনন্দিন জীৱনত নানাধৰণৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ হৈ আহিছে আৰু তাৰ প্ৰভাৱ প্রত্যক্ষভাৱে পৰিছে, বায়ু, মাটি, পানী আৰু খাদ্যদ্ৰব্যৰ ওপৰত। বৰ্তমান অনেকেই স্বীকাৰ কৰে যে, কেন্সাৰ ৰোগৰ দ্ৰুত প্ৰসাৰ তথা বিকলাংগ সন্তান জন্মৰ মূলতেই হ’ল পৰিৱেশত প্ৰয়োগ হোৱা ৰাসায়নিক দ্ৰব্যৰ কু-প্ৰভাৱ।

যিহেতু কৃত্রিম উপায়েৰে প্ৰস্তুত কৰা ৰাসায়নিক পদাৰ্থৰ পৰা বায়ু, খাদ্য দ্রব্য তথা প্ৰাণীৰ প্ৰাণস্বৰূপ পানী মারাত্মকভাৱে দুষিত হয়। এই দূষণ সম্পর্কে উন্নত দেশসমূহ বর্তমান অধিক সচেতন।

ৰাসায়নিক দ্রব্য শক্তিৰ বিভিন্ন উৎসৰ পৰাও পৰিৱেশ দূষিত হয়। বিশেষকৈ সাগৰ তলিৰ পৰা খাৰুৱা তেল উলিৱাওঁতে সাগৰৰ জলন্তৰৰ লগত ইয়াৰ বিভিন্ন দূষিত দ্ৰব্যৰ মিশ্রণ হয়, ফলশ্রুতিত জল প্রদূষণ হোৱাৰ সম্ভাৱনা থাকে। সেইদৰে কয়লা খনন করোতে ভূমিস্খলন ঘটে আৰু খনিৰ পৰিত্যক্ত দ্রব্যসমূহে জলভাগ আৰু ভূমি দুয়োকে দূষিত করে। পারমাণবিক শক্তি উৎপাদন তথা ইয়াৰ পৰীক্ষা-নিৰীক্ষাৰ ফলশ্রুতিতো পৰিবেশ প্ৰদূষিত হ’ব পাৰে।

Read More:-



বায়ু প্ৰদূষণ : ইয়াৰ নানা দিশ আৰু বিভিন্ন প্রতিক্রিয়া | Pariwesh Pradushan aru Yaar Pratikar Rochona



বায়ু প্ৰদূষণ ঘটে মূলতঃ ক’লা ধোঁৱা, ধূলি আদিৰ দ্বাৰা । বিশেষকৈ বায়ুমণ্ডলত অধিকসময় ভাঁহি থকা উপকরণে বায়ুক অধিক দূষিত করে। হাইড্রোজেন চালফাইড, থায়ল আদি বায়ু প্ৰদূষণৰ বাবে অধিক দায়ী। বায়ু প্ৰদূষণ হ’লে সাধাৰণতে চকু জ্বলা-পোৰা কৰাৰ লগতে শ্বাস-প্রশ্বাস লোৱাত ব্যাঘাত হয়।

এই ক্ষেত্ৰত ছালফাৰ ডাই-অক্সাইডৰ ভূমিকা সকলোতকৈ গুরুত্বপূর্ণ। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত কল-কাৰখানা, মটৰ গাড়ী, ৰে’লগাড়ী, ঘৰ বা ব্যবসা প্রতিষ্ঠানত উত্তাপ সৃষ্টি কৰা যন্ত্ৰপাতি আৰু আবর্জনা আদিয়েও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন অক্সাইড বতাহৰ জলীয় বাষ্পৰ সৈতে মিলিত হৈ চালকাৰ তথা নাইট্রোজেন অম্ল তৈয়াৰ হয় আৰু এই অম্ল পিছত বৰষুণৰ লগত নামি আহে, যাক কোৱা হয় ‘এচিড বৰষুণ’ বা ‘অম্লবর্ষণ’।

সাম্প্ৰতিক পৰীক্ষাৰ দ্বাৰা বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে এনে ধৰণৰ গেছজাতীয় পদার্থ এক হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্বৰ জল তথ্য স্থলত অৱস্থান কৰিব পাবে। এনে ক্ষেত্ৰত মাটি, নদী, হ্রদ আদিৰ অম্লৰ পৰিমাণ বৃদ্ধি পায় আৰু জলজ তথ্য স্থলজ প্রাণীৰ ক্ষতিসাধন হয়।

ধূলিকণা আৰু কল-কাৰখানাৰ পৰা নিৰ্গত ধোঁৱাত থকা ৰাসায়নিক কণিকা সংমিশ্ৰণ হৈ বায়ুমণ্ডলত ওপত্তি থাকে আৰু জলীয় বাষ্পৰ সৈতে ইবোৰ বৰষুণ হৈ নামি আহে। এনে প্ৰভাবৰ বাবেই বহুসময়ত অকালবৃষ্টি তথা শিলাবৃষ্টি হয়। তদুপৰি বায়ুমণ্ডলৰ চেটোস্ফিয়ানত অ’জন গোছল স্তৰ পাতল হৈ পৰাৰ সম্ভাবনা থাকে।

এনে হ’লে ভূ-পৃষ্ঠত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াৰ ফলস্বৰূপে ধ্বংস হ’ব উপকাৰী বেক্টেৰিয়া, উদ্ভিদ, প্রাণীকোষ আৰু মানুহৰ ছালত কেন্সাৰ ৰোগ হ’ব। তদুপৰি আবহাবাৰ পৰিবৰ্তন হোৱাৰো সম্ভাবনা বৃদ্ধি পাব। সেইদৰে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে তাপমানো বাঢ়িব।



তাল প্রদূষণ অগ্ৰসৰমান সভ্যতাৰ আন এক অভিশাপ। বিশেষকৈ বৰ্তমানৰ দ্রুত শিল্পোন্নয়নৰ বাবে নদীৰ পানী সৰবৰাহ আৰু আবর্জনা নিক্ষেপনে নদ-নদীৰ পানী অধিক দূষিত কৰি তুলিছে। ১৯৮০ চনৰ পৰা ১৯৯০ চন পর্যন্ত ইন্টাৰনেছনেল ড্রিংকিং বাটাৰ চাল্লাই এণ্ড চেনিটেৰি দশক হিচাপে পালন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছিল।

উল্লেখ্য যে সমুদ্রৰ জলভাগ বহুপৰিমাণে প্ৰদূষিত হোৱাৰ কথা বিশেষজ্ঞসকলে ঘোষণা কৰিছে আৰু ইয়াৰ ফলত জনস্বাস্থ্য বিপন্ন হোৱাৰ সম্ভাৱনাৰ কথাও ঘোষণা কৰিছে।

আন্তর্জাতিক পৰিবেশ সংস্থাৰ বিশেষজ্ঞসকলে সম্প্রতি লক্ষ্য কৰিছে যে নৰ্দমাৰ বর্তনীয় দ্রব্য, কৃষিকার্যত প্রয়োগ হোৱা নানাবিধ ৰাসায়নিক সামগ্রী, তেল তথা বিভিন্ন বর্জিত পদাৰ্থই নদী আৰু সমুদ্র উপকূলৰ জলভাগক অত্যধিক কলুষিত কৰিছে। Pariwesh Pradushan aru Yaar Pratikar Rochona


পৰিবেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত অসম


অসম চৰকাৰে বৰ্তমানেও পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ গুরুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। সেয়ে হয়তো অলেখ নদ-নদী তথা সেউজীয়া গছেৰে পৰিপূৰ্ণ অসমৰ পুৰণি অস্তিত্ব হেৰুওৱাৰ উপক্ৰম ঘটিছে। পৰিৱেশৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ বাবেই প্ৰত্যেক বছৰে বানপানী, পৰিবেশ প্ৰদূষণ ভূমিস্খলন অথবা খৰাং বতবে অসমক জুৰুলা কৰিছে।

পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত উন্নত দেশসমূহে বিশেষকৈ, লেতেৰা পানী কৃষিভূমিত ব্যৱহাৰ কৰিবলৈ লৈছে। এনে কৰাৰ বাবে নদী, খাল, বিল নাইবা সমুদ্ৰৰ জলভাগত প্ৰদূষণ অলপ হ’লেও ৰোধ হৈছে যদিও বেকুটেৰিয়া, এটা জৱা আদিয়ে ভূ-খণ্ডক দূষিত কৰাটো ৰোধ কৰিব পৰা নাই।

ফলস্বৰূপে মানুহ নানান মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে। অনাহাতে অবিৰাম খনিজ সম্পদ সংগ্ৰহৰ ফলশ্ৰুতিত অঞ্চলবিশেষে ভূ-স্তৰ ভাৰসাম্যহীন হৈ পৰিছে। আৰু ভূমিকম্পৰ দৰে সৰ্বনাশী দুৰ্যোগৰ সম্ভাৱনা আহি পৰিছে।


বনসম্পদ, পশুপক্ষী, কৃষিভূমি



দাৰিদ্ৰতা তথা অজ্ঞতাৰ বাবেও বহুসময়ত প্ৰাকৃতিক বন সম্পদ বিপর্যও হোৱা দেখা যায়। তদুপৰি বৰ্তমান প্রায় এক হাজাৰ প্ৰজাতিৰ পক্ষী তথা স্তন্যপায়ী প্ৰাণীৰ বিলুপ্তি ঘটিছে। দহ শতাংশ সপুষ্পক উদ্ভিদ ধ্বংসৰ পথত অগ্ৰসৰ। সেইদৰে পৃথিৱীৰ প্ৰাচীনতম উদ্ভিদ আবাস ‘বর্ষা বন’ বা ‘ৰেইন ফৰেষ্ট’ নির্মূল হোৱাৰ পথত। অন্যহাতে বিভিন্ন অঞ্চলত আবহাৱাৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা দিছে আৰু পৰিবেশ বিনষ্টকৰণৰ বাবে পণ্ডৰ বিচৰণভূমি তথা কৃষিভূমি মরুভূমিলৈ ৰূপান্তৰ হোৱাৰ উপক্ৰম ঘটিছে।

শব্দ প্ৰদূষণ বর্তমান এক গভীৰ সমস্যা হিচাপে ধৰা দিছে। চহৰ অঞ্চলৰ শব্দ প্ৰদুষণৰ মূল উৎসসমূহ হৈছে— মটৰ গাড়ীৰ হৰ্ণ, ফটাকাৰ শব্দ, ৰেডিঅ’, টেলিভিচনৰ শব্দ, মাইকৰ শব্দ, কল কাৰখানাৰ শব্দ আদি।



শব্দ প্ৰদূষণ



শব্দ প্ৰদূষণে মূলতঃ শ্রবণেন্দ্রিয় অকামিলা করে, হৃদযন্ত্ৰৰ ত্ৰিয়া বন্ধ কৰে, স্নায়ুতন্ত্ৰৰ ওপৰত চাপ তথা স্নায়ুৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল বিচাৰ্চৰ মতে আন্তর্জাতিক মান অনুযায়ী শব্দৰ পৰিমাপ ৩৫ ডেচিবেলৰ পৰা


৪৫ ডেচিবেল হোৱা উচিত। কিন্তু বর্তমান এই পৰিমাণ ৬০ পৰা ৬৫ তথা ঠাইবিশেষে ৮০ ডেচিবেল পর্যন্ত হয়। কল-কাৰখানাৰ শব্দৰ পৰিমাণ ৮৫ ডেচিবেল হোৱা উচিত কিন্তু আমাৰ দেশৰ কল-কাৰখানাৰ শব্দৰ পৰিমাপ ১২০ ডেচিবেল পর্যন্ত হয়গৈ। সেয়ে হয়তো আমাৰ দেশৰ কল-কাৰখানাৰ নিকটৱৰ্তী লোকৰ ৬০ শতাংশই কম- বেছি পৰিমাণে বধিৰ হোৱা দেখা যায়।

বৰ্তমান বিশ্বৰ উন্নত দেশসমূহে শব্দ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুরুত্ব দিছে। উল্লেখযোগ্য যে বিশ্বৰ অধিক জনসংখ্যাৰ দেশ হিচাপে আপানকো ধৰা হয়; কিন্তু জাপানত শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে জনগণ সদা সজাগ।

সেয়ে হয়তো জাপানৰ ৰাজহুৱা স্থানত ডেচিবেল মিটাৰ সকলোৱে দেখাকৈ ৰখা হয়; যাৰ বাবে জাপানী জনসাধাৰণে শব্দৰ প্রাবল্য কিমান হৈছে প্রতি পদক্ষেপতে জানিব পাৰে আৰু এই ক্ষেত্ৰত সজাগ হ’বলৈ সুবিধা পায়। কিন্তু আমাৰ দেশৰ ডেচিবেল মিটাৰৰ জ্ঞান দূৰৰ কথা জনসাধাৰণ এই নিশত অলপো সজাগ হোৱা দেখা নাযায় তথা ইয়াৰ প্ৰচাৰো এই পর্যন্ত হোৱা নাই।


Pariwesh Pradushan aru Yaar Pratikar Rochona সামৰণি


সন্দেহ নাই যে বর্তমান আধুনিক জীৱনযাত্ৰাৰ মাপকাঠি আৰু পৰিৱেশ প্ৰদূষণ ৰোধ—এই উভয় দিশৰ প্ৰতি লক্ষ্য ৰাখি চলাটো কঠিন কাম। তথাপি দুয়ো দিশৰ প্ৰতি নজৰ দিব লাগিব অন্যথা গোপন ব্যাধিৰ দৰে বাঢ়ি অহা বিষমিশ্রিত পৰিৱেশে এদিন বিনাশ কৰিব সমস্ত প্রাণীজগত।

ওপৰত আমি Pariwesh Pradushan aru Yaar Pratikar Rochona এটা প্ৰবন্ধ দিছোঁ। এই Pariwesh Pradushan aru Yaar Pratikar Rochona প্ৰবন্ধটোৱে ছেবা আৰু চিবিএছই বোৰ্ডৰ 5-10 শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সহায় কৰিব।

Post a Comment

Previous Post Next Post