Adhyayanshilataa Essay in Assamese | অধ্যয়নশীলতা ৰচনা

Adhyayanshilataa Essay in Assamese

নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি Adhyayanshilataa Essay in Assamese, অধ্যয়নশীলতা বিষয়ে ৰচনা  আলোচনা কৰিম। 

আৰম্ভণি


শিক্ষা মানৱ জীৱনৰ এক অপৰিহাৰ্য বিষয়। ই মানুহক জীৱন ধাৰণৰ বাবে প্ৰস্তুত কৰি তোলে। শিক্ষাই মানুহক স্বাভাৱিক অৱস্থাৰপৰা সংস্কাৰ কৰি সৃষ্টিৰ মহান জীৱ হিচাপে প্ৰতিপন্ন কৰাত বিশেষ ভূমিকা পালন কৰে। শিক্ষাৰ প্ৰভাৱ অবিহনে মানৱ জাতিও আন আন জীৱ-জন্তু বা পশুৰ দৰে এশ্ৰেণীৰ জীৱ হৈয়ে থাকিলহেঁতেন।

কিন্তু শিক্ষাৰ প্রভাৱতে মানৱ জাতিয়ে পাশবিক জীৱনৰপৰা মুক্তি লাভ কৰি বিশ্বৰ সকলো প্ৰাণীৰ ভিতৰত শ্ৰেষ্ঠ প্রাণী হিচাপে পৰিগণিত হৈ সকলো প্ৰাণীৰ ওপৰত কৰ্তৃত্ব বিস্তাৰ কৰি গোটেই বিশ্বকেই নিজৰ বাস-ভূমি কৰাৰ উপৰি সৌৰ জগতৰ আন আন গ্রহ উপগ্ৰহলৈ যোৱাৰো পৰিকল্পনা কৰি আছে।

এনেকুৱা পৰিকল্পনাৰ ভিতৰত ১৯৬৯ খ্ৰীষ্টাব্দৰ ২১ জুলাই তাৰিখে মানৱৰ চন্দ্ৰত অৱতৰণ কৰা কাৰ্যটো এটা বাস্তৱ দৃষ্টান্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশিষ্ট মহাকাশচাৰী নীল আর্মস্ট্রং, আৰু এডুইন অলড্রিন পৃথিবীৰ উপগ্রহ চন্দ্ৰৰ বুকুত খোজ পেৱাই মানৱ শিক্ষাৰ উৎকৃষ্ট নিদর্শন জগতবাসীৰ ওচৰত দাঙি ধৰিছে।



অধ্যয়নৰ অৱদাन | Adhyayanshilataa Essay in Assamese



শিক্ষাক পৰিপূৰ্ণ কৰে অধ্যয়নে। শিক্ষা আৰু অধ্যয়ন জীৱন বিকাশৰ বাবে অতি প্রয়োজনীয়। অধ্যয়নেৰে মানুহে বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা জ্ঞান-মৌ সংগ্ৰহ কৰি, সেই মৌ পান কৰি নিজৰ জীৱন গঢ়ি জাতীয় জীৱনকো সুস্থ কৰি তুলিব পাৰে। অধ্যয়নপুষ্ট জ্ঞান-গৰিমাৰে মানুহে নিজক সমাজক আৰু জাতি বা দেশকো মহান কৰি তুলিব পাৰে।

কালিদাস, ভবভূতি, শংকৰদেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ, আচার্য জগদীশচন্দ্র বসু, ড মেঘনাথ সাহা, মহাত্মা গান্ধী, জরহৰলাল নেহৰু, সুভাষ বসু, বউছৱর্থ, শেইন্সপিয়ের, আব্রাহাম লিংকন, আইনষ্টাইন, লেনিন প্রভৃতি একো একোজন মহান ব্যক্তি।

আজি বিশ্বত এনেকুৱা একোজন মহান ব্যক্তি সৃষ্টিৰ বাবে গোটেই বিশ্বতেই মানবীয় প্ৰমূল্যাপক বাস্তব বিজ্ঞানসম্মত শিক্ষাৰ অতিকে প্রয়োজন হৈ পৰিছে। প্ৰকৃত শিক্ষাই মানৱ সমাজৰপৰা হিংসা-ঈর্যা নির্মূল কৰি বিশ্বত স্থায়ী শাস্তি প্ৰতিষ্ঠাৰ বাট সুগম কৰিব পাৰে।



ভাৰতবৰ্ষত অধ্যয়ন ব্যৱস্থা



বিশ্বৰ আন আন জাতিৰ তুলনাত ভাৰতীয়সকল এই বাবেই পৰম ভাগ্যবান যে ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰপৰাই শিক্ষা আৰু অধ্যয়ন ব্যবস্থা চলি আছে। সেইবাবে এইখন দেশত গ্রন্থ প্ৰণয়নৰ কামো হাজাৰ হাজাৰ বছৰ আগৰেপৰা চলি আহিছে।

বেদকেই আমাৰ দেশৰ প্ৰাচীনতম গ্রন্থ বুলি অভিহিত করা হয়। বেদ চাৰিখন। ঋগবেদ, যজুর্বেদ, সামবেদ আৰু অথর্ববেদ। ইয়াৰ ভিতৰত ঋগ্‌ বেদেই আটাইতকৈ প্রাচীনতম। ভাৰতবৰ্ষলৈ আৰ্যসকল অহাৰ পাছৰেপৰা বেদ ৰচিত হ’ব ধৰে।

এই সম্বন্ধে বংগদেশৰ গৱেষক অধ্যাপিকা ড° সুকুমাৰী ভট্টাচাৰ্যৰ মতে ঋগবেদৰ ৰচনা খ্ৰীষ্ট পূর্বাব্দ ১২০০ ৰ পৰা ১০০০ বা ৯০০ খ্রীঃ পূর্বত সমাপ্ত হৈছিল। ড° সুকুমাৰ সেনেও এই মতকেই প্রায় গ্রহণ কৰিছে। সি যি নহওক এতিয়াৰপৰা প্ৰায় চাৰি হাজাৰ বছৰ আগতে বেদ ৰচিত হৈছিল আৰু তেতিয়াৰ পৰাই আজিলৈ ভাৰতবৰ্ষত বেদ অধ্যয়ন চলি আছে। বেদজ্ঞ পণ্ডিতসকলে কয় যে বেদ অধ্যয়নৰ দ্বাৰা সকলো মানুহে জ্ঞান লাভ কৰি ইষ্টবস্তু লাভ কৰিব পাৰে।

বেদৰ প্ৰভাৱ

ভাৰতীয় সমাজত বেদৰ প্ৰভাৱ অপৰিসীম। ইয়াৰ প্ৰভাৱ ভাৰতীয় সমাজ, ধর্ম, দর্শন আক সাহিত্যৰ ওপৰত স্বীকৃত। ইয়াৰ উপৰি ভাৰতীয় হিন্দু সমাজৰ বিবাহপদ্ধতি, আচাৰ-ব্যৱহাৰৰ, ৰীতি- নীতি, স্বাস্থ্যধর্ম, বিজ্ঞান, চিকিৎসাশাস্ত্র, সংগীতশাস্ত্র, উৎসৱ-পার্বন আদি সকলো সাংস্কৃতিক বিষয়তে বেদৰ প্ৰভাৱ লক্ষ্য কৰা যায়।

আমাৰ উৎসৱ পাৰ্বণবোৰ বেদৰ ভিত্তিয়েই হোৱা বুলি পণ্ডিতসকলে মত পোষণ কৰে। এই উৎসৱ পাৰ্বণবোৰেই সমাজত একাত্মবোধৰ ভাব জাগ্ৰত কৰি বিভিন্ন সমাজৰ মানুহৰ মাজত মিলন ঘটায়।

Read More:-



ৰামায়ণ আৰু মহাভাৰত অধ্যয়ন



ভাৰতীয় সমাজত অতি প্ৰাচীন কালৰপৰাই ৰামায়ণ আৰু চলি আছে। ৰামায়ণৰ ঘটনা প্ৰৱাহৰ মাজেৰে ৰামৰ চৰিত্ৰ চিত্ৰণৰ উপৰি সূৰ্যবংশৰ কথা বিবৃত হৈছে। সূৰ্যবংশৰ প্রতিষ্ঠাতা আছিল বৈবস্বত মনুৰ পুত্ৰ ইক্ষাকু। এই মনুৰপৰাই মানৱৰ সৃষ্টি হোৱা বুলিও কোৱা হয়। তেনেদৰে মহাভাৰত মহাকাব্যখনো ভাৰতীয় সমাজৰ ইতিহাসস্বৰূপ।

প্রাচীন ভাৰতৰ শ্ৰেষ্ঠ লেখক বেদ বিভাগৰ কৰ্তা পৰাশৰ মুনিৰ পুত্ৰ কৃষ্ণদ্বৈপায়ন মহাভাৰত অধ্যয়ন ব্যাসদেৱে ভাৰতবৰ্ষৰ মানুহৰ জনশ্রুতি, নীতি-নিয়ম, লোক-বিশ্বাস, যুদ্ধ-বিগ্রহ, বিশেষ বিশেষ মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু ৰাজ পৰিয়ালসমূহৰ কাহিনীবোৰ একত্ৰিত কৰি মহাভাৰতখন ৰচনা কৰিছিল।

ভাৰতবৰ্ষৰ কামৰূপৰপৰা কাৰ্থিৱাৰলৈ আৰু কাশ্মীৰৰ পৰা কুমাৰিকা অন্তৰীপলৈকে সকলো মানুহে মহাভাৰতত নিজৰ নিজৰ সমাজখনৰ প্ৰতিচ্ছবি দেখিবলৈ পায়। সেইবাবে ই কোনো এজন ব্যক্তি বা এটা জাতিৰেই ইতিহাস নহয়, ই সমগ্ৰ ভাৰতীয় বৃহৎ জাতিটোৰেই এখন প্রাচীন ইতিহাসস্বৰূপ।

ভাৰতবৰ্ষত অধ্যয়নৰ প্ৰভাৱ

অতি প্রাচীন কালৰেপৰাই ভাৰতবৰ্ষত অধ্যয়ন প্রবাহ চলি আছে। বেদ-বেদান্ত, গীতা-ভাগবত, পুৰাণ আদি নানা শাস্ত্ৰৰ অধ্যয়ন ভাৰতবৰ্ষত চলিয়েই আছে। এই দেশৰ মানুহৰ অধ্যয়নশীলতাৰ গুণতেই উক্ত শাস্ত্ৰবোৰৰ আধাৰত অলপ ভাৰতীয় সাহিত্যৰ সৃষ্টি হৈছে।

ধর্মপুথিইতিহাস, দর্শন, নাট্য-সাহিত্য, চৰিত পুথি, গীত-পদ, বিজ্ঞান, চিকিৎসাশাস্ত্র আদি নানাবিধ বিষয়ৰ গ্ৰন্থৰে বিশাল ভাৰতীয় সাহিত্য ভাণ্ডাৰ গঢ়ি উঠিছে।



অধ্যয়নৰ সুফল | Adhyayanshilataa Essay in Assamese



অধ্যয়নশীলতাই মানুহৰ মনৰ বিকাশ ঘটায়। অধ্যয়নশীল মানুহৰ মনত উচ্চ-নীচ, সৰু ডাঙৰ, হিংসা, ঈর্ষা আৰু আপোন-পৰ ভাব থাকিব নোৱাৰে। তেওঁৰ মানৱতাবোধৰ ভাবে বিশ্বমানৱৰ মনতো মানৱতাৰ সুৰ ধ্বনিত কৰে। মানৱতা বিশ্ব শান্তি-সম্প্ৰীতিৰ এক পবিত্র আদর্শ।

এই আদর্শ অধ্যয়নশীলতাই গঢ়ে। বিশ্বৰ ডাঙৰ ডাঙৰ মহাপুৰুষসকল, বিজ্ঞানীসকল, ৰাজনীতিকসকল, শিক্ষকসকল আৰু কৃতি ছাত্ৰসকলে অধ্যয়নশীলতাৰ গুণতহে মহান হ’ব পাৰিছে। বিশ্বৰ প্রখ্যাত লেখকসকল, সাহিত্যিকসকল গভীৰ অধ্যয়নশীল। অধ্যয়নশীলতা অবিহনে কোনো লেখকে একে দিনতে ব্যাস বা বাল্মীকি হ’ব নোৱাৰে।

শংকৰ-মাধৱ আদি মহাপুৰুষসৱে সাগৰসদৃশ সংস্কৃত সাহিত্যৰাজি অধ্যয়ন কৰিহে কীৰ্তন-দশম ভাগৱত-নামঘোষা বৰগীত আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যাব পাৰিছে।

আনন্দৰাম বৰুৱা, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, ডিম্বেশ্বৰ নেওগ প্রভৃতি আধুনিক অসমীয়া পণ্ডিতসকলে সুখ্যাতি ৰাখিব পাৰিছে অধ্যয়নশীলতাৰ গুণতহে। মার্ক্স, এঞ্জেলছ, গান্ধী, নেহরু, লেনিন আদি বিশ্ববিশ্ৰুত ৰাজনীতিকসকলো কম অধ্যয়নশীল নাছিল।



Adhyayanshilataa Essay in Assamese সামৰণি



অধ্যয়নশীল মানুহৰ মন আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, পৰ্বতৰ দৰে স্থিৰ-গহীন- গম্ভীর। অধ্যয়নশীল মহৎ লোকসকলে সমাজক নির্ভুল পথ-নির্দেশ কৰিব পাৰে, সমাজৰ কল্যাণ সাধিব পাৰে। আজিৰ পৃথিবী অন্ধ-তপস্যামগ্ন। ক্ষুদ্রতা- তুচ্ছতা, স্বার্থপৰতাৰ ক্লেদ-পংকিলে আজি পৃথিৱীক ছানি ধৰিছে।

চাৰিওপিনে কেবল হিংসা, বিদ্বেষ আৰু দুৰ্নীতিৰ অবাধ প্ৰভাৱ আজি মানুহৰ চিত্ত শুদ্ধিৰ প্ৰয়োজন হৈছে। অধ্যয়নশীলতাই একমাত্র চিত্ত-শুদ্ধিৰ প্ৰকৃত উপায়। অধ্যয়নশীলতাই যিহেতু অন্ধকাৰতো পোহৰৰ পথ নির্দেশ কৰিব পাৰে। অধ্যয়নশীলতাই ছাত্রসমাজকো উচিত পথ নিৰ্দেশ কৰি মহান কৰিব পাৰে।

Adhyayanshilataa Essay in Assamese 2

অধ্যয়নশীলতাই নিজৰ শৈক্ষিক সাধনাত অধ্যৱসায়ী আৰু মনোনিৱেশ কৰা গুণক বুজায়। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাব বিচাৰে আৰু নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে তেওঁলোকৰ বাবে ই এক অপৰিহাৰ্য বৈশিষ্ট্য। এই ৰচনাখনত আমি অধ্যয়নশীলতাৰ গুৰুত্ব, ইয়াৰ দ্বাৰা কঢ়িয়াই অনা সুবিধা, ইয়াক প্ৰভাৱিত কৰা কাৰকসমূহ আৰু ইয়াক বিকশিত কৰাৰ কৌশলসমূহৰ বিষয়ে অন্বেষণ কৰিম।

অধ্যয়নশীলতাৰ সুবিধা

অধ্যয়নশীলতাই ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও সুবিধা প্ৰদান কৰে, য’ত উন্নত শৈক্ষিক প্ৰদৰ্শন, ব্যক্তিগত বিকাশ, আৰু বৃদ্ধি পোৱা সুযোগ আদি অন্তৰ্ভুক্ত। যেতিয়া ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নশীল হয়, তেতিয়া তেওঁলোকে জটিল ধাৰণাসমূহ বুজিবলৈ, পাঠ্যক্ৰমৰ সামগ্ৰীৰ সৈতে জড়িত হ’বলৈ আৰু পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ অধিক সজ্জিত হয়। ইয়াৰ উপৰিও অধ্যয়নশীলতাই ছাত্ৰ-ছাত্ৰীসকলক অনুশাসন, অধ্যৱসায় আৰু কৌতুহলৰ ভাৱ গঢ়ি তোলাত সহায় কৰিব পাৰে যিটো গোটেই জীৱন উপযোগী হ’ব পাৰে। শেষত, অধ্যয়নশীল হোৱাটোৱে শৈক্ষিক আৰু পেছাদাৰী বৃদ্ধিৰ বাবে নতুন সুযোগ মুকলি কৰিব পাৰে, যেনে বৃত্তি, ইন্টাৰশ্বিপ, গৱেষণাৰ সুযোগ।

খ) অধ্যয়নশীলতাক প্ৰভাৱিত কৰা কাৰকসমূহ

শিক্ষাৰ পৰিৱেশ, ব্যক্তিগত প্ৰেৰণা, আৰু সময় ব্যৱস্থাপনা দক্ষতাকে ধৰি কেইবাটাও কাৰকে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নশীলতাৰ স্তৰক প্ৰভাৱিত কৰিব পাৰে। পাঠ্যপুথি, প্ৰযুক্তি, আৰু অভিজ্ঞ শিক্ষকৰ দৰে সম্পদৰ সুবিধা থকা সহায়ক শিক্ষণ পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক অধিক অধ্যয়নশীল হ’বলৈ উৎসাহিত কৰিব পাৰে। একেদৰে ব্যক্তিগত প্ৰেৰণা, যেনে অধ্যয়নৰ বাবে স্পষ্ট উদ্দেশ্য থকা বা কোনো বিষয়ৰ প্ৰতি আবেগিক হোৱাটোৱে ছাত্ৰ-ছাত্ৰীসকলক মনোনিৱেশ আৰু নিয়োজিত হৈ থকাত সহজ কৰি তুলিব পাৰে। শেষত, ফলপ্ৰসূ সময় ব্যৱস্থাপনা দক্ষতা, যেনে কামসমূহক অগ্ৰাধিকাৰ দিয়া, বৃহৎ নিযুক্তিসমূহক পৰিচালনাযোগ্য অংশত বিভক্ত কৰা, আৰু বিলম্ব এৰাই চলা আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অধ্যয়নৰ সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰাত সহায় কৰিব পাৰে।

গ) অধ্যয়নশীলতা বিকাশৰ বাবে কৌশল

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নশীলতা গঢ়ি তুলিবলৈ কেইবাটাও কৌশল ব্যৱহাৰ কৰিব পাৰে। সক্ৰিয় শিক্ষণ কৌশল, যেনে টোকা লোৱা, প্ৰশ্ন কৰা, আৰু শ্ৰেণীৰ আলোচনাত অংশগ্ৰহণ কৰা আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ সামগ্ৰীৰ সৈতে জড়িত হ’বলৈ আৰু তথ্য ভালদৰে ধৰি ৰাখিবলৈ সহায় কৰিব পাৰে। নিৰ্দিষ্ট, সাধনযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰিলেও ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত আৰু মনোনিৱেশ কৰি থাকিবলৈ সহায় কৰিব পাৰি। শেষত, এটা অধ্যয়ন পৰিকল্পনা তৈয়াৰ কৰিলে, য’ত নিৰ্দিষ্ট অধ্যয়নৰ সময়, বিৰতি, আৰু পৰ্যালোচনা অধিবেশন অন্তৰ্ভুক্ত কৰা হয়, ই ছাত্ৰ-ছাত্ৰীসকলক ট্ৰেকত থাকিবলৈ আৰু তেওঁলোকৰ সময় ফলপ্ৰসূভাৱে পৰিচালনা কৰাত সহায় কৰিব পাৰে।

উপসংহাৰ

সামৰণিত ক’ব পাৰি যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাব বিচাৰে আৰু নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে তেওঁলোকৰ বাবে অধ্যয়নশীলতা এক জটিল গুণ। অধ্যয়নশীল হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক প্ৰদৰ্শন, ব্যক্তিগত বিকাশ, আৰু সুযোগ বৃদ্ধি আদি কেইবাটাও সুবিধা লাভ কৰিব পাৰে। কেইবাটাও কাৰকে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নশীলতাৰ স্তৰক প্ৰভাৱিত কৰিব পাৰে যদিও এই বৈশিষ্ট্য গঢ়ি তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ কৰিব পৰা কেইবাটাও কৌশল আছে, যেনে সক্ৰিয় শিক্ষণ কৌশল, লক্ষ্য নিৰ্ধাৰণ, আৰু ফলপ্ৰসূ সময় ব্যৱস্থাপনা দক্ষতা। অধ্যয়নশীলতা গঢ়ি তুলি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সম্ভাৱনাক সৰ্বাধিক কৰি তুলিব পাৰে আৰু নিজৰ শৈক্ষিক আৰু পেছাদাৰী আকাংক্ষাসমূহ লাভ কৰিব পাৰে।


সদৃশ ৰচনা : ১। অধ্যয়নৰ উপকাৰিতা, ২। প্ৰাচীন ভাৰতত অধ্যয়নশীলতা, ৩। অধ্যয়নশীলতাৰ প্ৰভাৱ ৫। চৰিত পুথি অধ্যয়নৰ প্ৰভাৱ 

Post a Comment

Previous Post Next Post