Bihu Essay in Assamese | বিহু ৰচনা

Bihu Essay in Assamese

নমস্কাৰ পঢ়ুৱৈসকল, Assamesegyanলৈ স্বাগতম। আজি আমি বিহু ৰচনা লিখিম। এই Bihu Essay in Assameseখন ছেবা শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
 
বিহু আনন্দীয়া,                            বিহু বিনন্দীয়া
 
           বিহুৰ মৌমিঠা মাত
 
বিহু বালাগি বিহুৱা ককাইৰ,   দেওধনি লাগিছে গাত 
 

Bihu Essay in Assamese

 

Bihu Essay in Assamese For Students

আৰম্ভণি
 
সৃষ্টিৰ সফলতাত, কৃতকার্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্রাব্য ভাষাবে, সুকুমাৰ অংগীভংগীবে প্রকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি নৃত্য, গীত সেই সহজাতসুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত্ত প্রকাশ কিংব উৎপত্তির উৎসও সেই সহজাত প্রবৃত্তিৰ প্রকাশকেই নিদর্শন 
আদিম মানৱে সভ্যতাৰ সোপানত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্যসম্ভাৰ লাভৰ চিকাৰ লাভৰ কৃষি কাৰ্যৰ কৃতকার্যতাত, শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্রকাশ কৰিছিল উচ্চ স্বরে, অংগচালনাবে 
 
আছিল অনুভুতিৰ স্বতঃস্ফূর্ত মূর্ত প্রকাশ এই প্রকাশ ব্যক্তিকেন্দ্রিক নহৈ সামুহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয় বিহুৰ উৎপত্তিও সেই সামাজিক সামূহিক আনন্দ প্ৰকাশৰে ফলশ্রুতি
 
 
Read More:- 
 
 
 
বিহুৰ উৎপত্তি
 
বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিত বিভিন্ন মত বিষুব সংক্রান্তিত বিহু উদযাপিত হয় বাবে বিষ্ণুৰ শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয় বহু লোকৰ মতে বিহুৰ উৎপত্তি বড়ো ভাষাৰ বৈথা শব্দৰপৰাহে বিহু শব্দৰ উৎপত্তি 
 
বৈদিক বিশ শব্দৰ অৰ্থ প্ৰজাসমূহ প্রজাসমূহে পালন কৰা বাবে বিশ্ব শব্দৰপৰা বিশু আৰু বিশুৰ পৰাই বিহু হোৱাটোও আচৰিত নহয়
 
 
অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ
 
কিন্তু বিহু নামৰ উৎপত্তি ৰেপৰাই নহওক, বিহু অসমীয়া জাতীয় উৎসব জাতীয় জীৱনৰ সকলো উচ্ছ্বাস, আশাআকাংক্ষা, বংআনন্দ, আবেগঅনুভূতি বিহুৰ লগত ওতপ্রোতভাবে জড়িত 
 
এক কথাত বলৈ লে বিহুবেই অসমীয়া জাতিৰ প্ৰাণ; অসমীয়া জাতিৰ অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ প্ৰাণৰ প্ৰতিটো স্পন্দন, প্ৰতিটো নিশ্বাসপ্রশ্বাস, প্ৰতিটো অনুভূতি, জীৱনৰ কামনাবাসনা, আগ্রহ, হেঁপাহ বিহুৰ বুকুতেই চিৰ প্রবাহিত, চিৰ প্ৰতিফলিত হৈ আহিছে 
 
বিহুগীতৰ সুৰে সুৰে, ছন্দে ছন্দে, তালে তালে প্রতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সৰলতা, উদাৰতা, আতিথেয়তা আৰু সৰ্বতোপৰি স্ৰষ্টাৰ অসীম সৌন্দর্যময় সৃষ্টিৰ প্ৰতি অনাবিল ভালপোৱাৰ বাংময় প্রকাশ 
বিহুৰ লগত অসমীয়া জাতিৰ প্ৰাণ এনেভাবে সাঙোৰ খাই আছে যে বিশ্বক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা, আনকি সাহিত্যৰ বৰ মজিয়াখনো উৰুঙা হৈ পৰিব
 
 
কাতি বিহু
 
প্রকৃতির অনবদ্য সম্ভাবের জমকীয়া অসমীৰ বুকুৰ বিহুও প্রাকৃতিক পৰিবেশৰ লগতেই ওতপ্রোতভাবে বিজড়িত 
 
শৰতৰ সুনির্মল ৰিব ৰিক্ বা মৃদুমধুৰ পৰশে প্ৰকৃতিৰ বুকুৰ মনোৰম সেউজীয়া ৰূপেৰে বসুন্ধৰাক সেউজীয়া দলিচা সজাই খুপি খুপি ফুলৰ মালাৰে মনোৰমা কৰি তোলাৰ সময়তে আহিনৰ সংক্ৰান্তিত কাতি বিহু হয় সেউজীয়া
 
শসাবে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি দিদিভাই ভোলে এই সময়ছোৱাত লখিনীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিবে শসাৰ শিৰত মধুৰ পৰশ বুলাই ধৰাক বিনন্দীয়া কৰি তোলে 
 
অসমীয়া জাতিয়ে তুলসী তলৰ বস্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে আকাশবাতি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বভাস জগতক জনাই দিয়ে এয়াই কাতি বিহুৰ বিশেষত্ব
 
 
 
 
মাঘ বিহু
 
পথাৰৰ সোণ বৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঁঠত শান্তিৰ সাৰ্থকতাৰ হাঁহি বিৰিঙাই তোলে আঘোণপুহ মাহত কৃষিকার্যৰ কৃতকাৰ্যতাই অসমীয়াৰ মনলৈ পৰম নিৰ্ভৰতা আৰু
 
গভীৰ প্রশান্তি আনি দিয়ে প্ৰকৃতিৰ মহান অৱদানৰ স্বীকৃতি জনাই, অনন্ত জনলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়াই গুৰুভকতলৈ ধানৰ এমুঠি জাজলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু উদযাপন কৰে 
 
পথাৰে পথাৰে মেজিঘৰ সাজি হোমযজ্ঞ পাতি হুতাশনৰূপী অনন্তজনলৈ শ্ৰদ্ধা নিবেদন কৰা হয় এই শ্রদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰ ফাঁকি গোৱা হয় আৰু তাৰ পাছত আহুতি দিয়া হয়
 
 
                                অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্ব্বেদং হুতাশনং
 
                                সুবর্ণবর্ণমমলং জ্যোতি ৰূপায় তে মনঃ।।
 
ইয়াৰ পাছত ভোজভাত খোৱা হয় গুৰুভকতক ঘৰলৈ মাতি আনি ধানৰ মুঠি জাজলপান খুৱাই আশীর্বাদ লোৱা হয়
 
হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ পাতি, কাড়ী খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ ৰং চৰোৱা হয় বিহুৰ খোৱাবোৱা, ৰংধেমালি, উলহমালহ গোটেই মাঘ মাহ জুৰি চলে
 
ৰঙালী বিহু
 
প্ৰকৃতিৰ বুকুলৈ পৰিৱৰ্তন আহে লঠঙা, গছে গছে, লতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে বসন্তৰ মধুৰ পৰশ লাগি প্রকৃতি ফলেফুলে জাতিষ্কাৰ হয়, বিনন্দীয়া হয় আমে মলিয়ায়, কঁঠালে মুক্তি পেলায় 
 
কুলি, কেতেকী, মইনা, সখিয়তীৰ মধুৰ কাকলিয়ে প্ৰকৃতিৰ বুকুত তোলে ছন্দ মূর্ছনা, অস্ফুট সংগীতৰ সুৱনি সু লালিমাই প্ৰকৃতিৰ বুকুত তোলে মৃদুল হিল্লে
 
প্ৰকৃতিৰ সেই বিপুল পয়োভৰৰ সময়তে তৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু প্রথমদিনা গৰুৰ  বিহু সেই দিনা গৰুৰ গাত মাহহালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাউ বেঙেনা মাৰি গোৱা হয় :-
 
দীঘলতী দীঘল পাত
 
মাখি মাৰোঁ জাত জাত
 
লাউ খা, বেঙেনা খা
 
বছৰে বছৰে বাঢ়ি যা
 
মাৰ সৰু, বাপেৰ সৰু
 
তই বি বৰ গৰু
 
গধুলি গুণীয়া নতুন পঘাৰে গৰু বান্ধি, ভৰি ধুৱাই, ধূপধূনা জ্বলাই বিচনীৰে বিচি জলপান খুওৱা হয় 
 
মূল কথাত নতুন বছৰৰ লগে লগে গাত নতুন বল বান্ধি লৈ, নতুন উলাৰেৰে হাল টানি, শস্য উৎপাদন কৰিবৰ কাৰণে সাজু বলৈ গোপূজা কৰা হয়  
 
দ্বিতীয়দিনাৰপৰা মানুহৰ বিহু বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব নৱাগত বছৰটো যাতে কোনো বেমাৰবিঘিনি নোহোৱাকৈ, বিপদআপদ, বতাহধুমুহা আদিৰপৰা ৰক্ষা পৰি সুখশান্তিৰ মাজত অতিবাহিত কৰিব পাৰি, তাৰ কাৰণে তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰ মুখত আৰি থোৱা হয়
 
দেৱ দেৱ মহাদেৱ নীলগ্রীর জটাধর।।
 
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে
 
হাগ বিহু ৰঙৰ বিহু, আনন্দৰ বিহু সীমাহীন আনন্দৰ উলহমালহ, উখলমাখলেৰে অসমীয়া জাতীয় জীবন আনন্দমুখৰ কৰি তোলে ৰঙালী বিহুৱে 
 
বৰগছৰ তলত মুকলি পথাৰত ঢোল, পেঁপা, গগনাৰ হিয়া উতলা কৰা ঐকতানে হিয়াত জগাই তোলে বিপুল উলাহ মন মতলীয়া হয়, পা সাতখন আঠখন কৰি উঠে 
 
বিহু গীতৰ খলকনি উঠে আকাশেবতাহে পৰ্বতে কন্দাৰ লুইতৰ বুকু উথলি উঠে বিহু গীতৰ সুৰে সুৰে, তালে তালে, ছন্দে ছন্দে মন উৰো উৰো; প্রকৃতি জগতৰ জীৱজন্তুৰ বুকুতো উঠে সৃষ্টি কামনাৰ হিল্লোল 
 
গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তোলে শস্য সম্ভৱা অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছ্বাস, সর্ব অনুভূতিউন্মুক্তভাৱে, উদ্দাম গতিৰে প্ৰবাহিত হয় এই ৰঙালী বিহুত গাঁৱেভূঞে, নগৰেচহৰে উৎসৱৰ ধুম উঠে 
 
এই বিহুটো অসমীয়া জাতিৰ হাড়ে হিমজুৱে প্ৰাণৰ বন্ধে বন্ধে কেনেভাৱে বিজড়িত তাক তলৰ গীতফাঁকিয়ে প্রমাণ কৰে :-
 
অতিকৈ চেনেহৰ     মুগাৰে মহুৰা
 
তাতোকৈ চেনেহৰ মাকো;
 
হাগৰ বিহুটি     তাতোকৈ চেনেহৰ
 
নেপাতি কেনেকৈ থাকো
 
বহাগ বিহুৰ আন এটা বিশেষত্ব হুঁচৰি গোৱাটো গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে হৰিধ্বনি
 
দি ঢোল, পেঁপা, গগনাৰ সুমধুৰ সমন্বয় তুলি নৃত্যগীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লগতে দহ ভকতক সৎকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাৱজাত ধর্ম তাকেই সোঁৱৰাই দিয়া হয় সেয়েহে বিহু গীতত কৈছে :
 
ততে চকৰী   হাগত বগৰী
 
জেঠতে আমনা ধান;
 
গৰুৰ বিহুৰ দিনাধন শৰাই আগ বঢ়াবা
 
তেহে পাবা বৈকুণ্ঠত থান
 
সামৰণি
মুঠতে ফিরেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাবে দখল কৰি আছে সেই বাবেই অসমীয়াৰ জাতীয় উৎসৱ আৰু ইয়াৰ মাজতেই অসমীয়া জাতি নিৰবচ্ছিন্নভাবে বিজড়িত আছে 
 
 
 
Read More:- 
 
 
 
 
 
 

Post a Comment

Previous Post Next Post