Class 4 Environment Chapter 1 Assamese Medium আমি আৰু আমাৰ পৰিৱেশ
অসম বৰ্ডৰ class 4 environment chapter 1 assamese medium ছেবা বৰ্ডে প্ৰস্তুত কৰি প্ৰকাশ কৰে। বিদ্যালয় শিক্ষাৰ গুণগত উন্নতিৰ পৰামৰ্শ আৰু সহায় কৰা ই এক স্বায়ত্তশাসিত সংস্থা। যদি আপুনি class 4 environment chapter 1 assamese mediumৰ সন্ধানত আছে, তেন্তে আপুনি সঠিক ঠাইত আছে। ইয়াত অসম সেবা বৰ্ডৰ class 4 environment chapter 1 assamese medium PDF ফৰ্মেট ডাউনলোডৰ বাবে উপলব্ধ যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পৰ্যাপ্ত প্ৰস্তুতিৰ বাবে সহায় কৰিব পাৰে। অসম ছেবা বৰ্ডৰ class 4 environment chapter 1 assamese medium পাঠ্যপুথিৰ সকলো বিষয় অসমীয়া মাধ্যমত পাব। class 4 environment chapter 1 assamese medium PDF ফলপ্ৰসূ শিক্ষাৰ বাবে সহায়ক হ’ব, আৰু পৰীক্ষাত সৰ্বাধিক সংখ্যক প্ৰশ্ন class 4 environment chapter 1 assamese mediumৰ পৰা বাছনি কৰা হয়।
Class 4 Ennvironment Chapter 1 Assamese Medium | class 4 EVS chapter 1 assamese medium
১। দুয়োটা পৰিয়াল একেইনে ? দুয়োটা পৰিয়ালৰ মাজত কি কি অমিল দেখিছা?
উত্তৰঃ ছবিত থকা দুয়োটা পৰিয়াল একে নহয়। দুয়োটা পৰিয়ালৰ মাজত থকা অমিলসমূহ হ’ল
( ১ ) প্রথম পৰিয়ালটো একক পৰিয়াল আৰু দ্বিতীয় পৰিয়ালটো যৌথ পৰিয়াল ।
( ২ ) প্রথম পৰিয়ালটোৰ সদস্য সংখ্যা কম আৰু দ্বিতীয় পৰিয়ালটোৰ সদস্য সংখ্যা বেছি ।
( ৩ ) প্রথম পৰিয়ালটোত দুজন শিশু সদস্য আছে, কিন্তু দ্বিতীয় পৰিয়ালটোত তিনিজন শিশু সদস্য আছে।
( ৪ ) প্রথম পৰিয়ালটোত দুগৰাকী মহিলা সদস্যা আছে আৰু দ্বিতীয় পৰিয়ালটোত পাঁচগৰাকী মহিলা সদস্যা আছে ।
( ৫ ) প্রথম পৰিয়ালটোত দুজন পুৰুষ সদস্য আছে আনহাতে দ্বিতীয় পৰিয়ালটোত চাৰিজন পুৰুষ সদস্য আছে।
ইয়াত চাওক:-
২। প্রথম পৰিয়ালৰ সদস্য কেইজন ?
উত্তৰঃ প্রথম পৰিয়ালৰ সদস্য চাৰিজন
৩। দ্বিতীয় পৰিয়ালৰ সদস্য কেইজন ?
উত্তৰঃ দ্বিতীয় পৰিয়ালৰ সদস্য ন জন ।
→ ওপৰত দিয়া অনিতাৰ পৰিয়ালটোৰ বৰ্ণনাৰ আলমত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
৪। অনিতাৰ পৰিয়ালটোত কোন কোন আছে ?
উত্তৰঃ অনিতাৰ পৰিয়ালটোত অনিতাৰ ককাক – আইতাক, খুড়াক খুৰীয়েক, পেহীয়েক, মাক – দেউতাক আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসমূহ আছে।
৫। পৰিয়ালৰ কোন কেইজন সদস্যই তাইৰ যত্ন লয় ?
উত্তৰঃ পৰিয়ালৰ প্রায় প্রত্যেক জন লোকেই অনিতাৰ যত্ন লয়। খুড়ীয়েকে তাইক বিদ্যালয়লৈ যাবলৈ সাজু কৰি দিয়ে আৰু খুড়াকে অফিচলৈ যাওঁতে তাইক বিদ্যালয়লৈ লৈ যায় । আইতাক আৰু পেহীয়েকে প্রত্যেক দেওবাৰে গান শিকায় আৰু মাকে তাইৰ পঢ়া –শুনাৰ যত্ন লয়।
Class 4 Environment Chapter 1 Assamese Medium Question Answer
৬। অনিতাৰ পৰিয়ালটোৰ মুৰব্বী কোন ?
উত্তৰঃ যিহেতু পৰিয়ালৰ জেষ্ঠজনক পৰিয়ালৰ মুৰব্বী বুলি কোৱা হয়, গতিকে অনিতাহঁতৰ পৰিয়ালৰ মুৰব্বী হ’ল অনিতাৰ ককাক ।
৭। মণি, পৰী আৰু জুৰি তিনিগৰাকী সহপাঠী একেলগে এটা ভাৰা ঘৰত থাকে । এইটো এটা পৰিয়ালনে ? যদি হয় কিয় ? যদি নহয় কিয় ?
উত্তৰঃ এইটো এটা পৰিয়াল নহয় । এইটো এটা পৰিয়াল নোহোৱাৰ কাৰণ হ’ল মণি, পৰী আৰু জুৰি একে পৰিয়ালৰ সদস্য নহয় । তিনিগৰাকী কেৱল সহপাঠীহে মাথোন ।
→ তোমালোকৰ ওচৰতে থকা পৰিয়াল এটাৰ ঘৰলৈ গৈ তলৰ তথ্যখিনি সংগ্ৰহ কৰা ( শিক্ষক – শিক্ষয়িত্ৰী বা অভিভাৱকৰ সহায় ল’বা । )
Class 4 Environment Chapter 1 Assamese Medium PDF
(ক) পৰিয়ালটোৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰঃ পৰিয়ালটোৰ সদস্য সংখ্যা হ’ল চাৰিজন ।
(খ) পৰিয়ালটো একক নে যৌথ পৰিয়াল ?
উত্তৰঃ পৰিয়ালটো একক ।
( গ ) পৰিয়ালৰ মুৰব্বী কোন ?
উত্তৰঃ পৰিয়ালৰ মুৰব্বী হ’ল সেই পৰিয়ালৰ জ্যেষ্ঠজন, তেওঁৱেই পৰিয়ালটো পৰিচালনা কৰে।
( ঘ ) পৰিয়ালটোত উপাৰ্জন কৰা সদস্য কেইজন ?
উত্তৰঃ পৰিয়ালটোত উপাৰ্জন কৰা সদস্য এজন ৷
( ঙ ) পৰিয়ালটোত ১৫ বছৰৰ তলৰ ল’ৰা – ছোৱালী সংখ্যা কিমান ?
উত্তৰঃ পৰিয়ালটোত ১৫ বছৰৰ তলৰ ল’ৰা – ছোৱালীৰ সংখ্যা দুজন ।
(চ) পৰিয়ালটোত কথা কোৱা আৰু শুনাৰ অসুবিধা থকা ল’ৰা ছোৱালী আছে নেকি ?
উত্তৰঃ পৰিয়ালটোত কথা কোৱা আৰু শুনাৰ অসুবিধা থকা ল’ৰা – ছোৱালী নাই ।
(ছ) তেওঁলোকৰ পঢ়া শুনাৰ যত্ন কোনে লয় ?
উত্তৰঃ তেওঁলোকৰ পঢ়া শুনাৰ যত্ন মাক-দেউতাকে লয়, লগতে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰে।
ক্রিয়া কলাপ Class 4 Environment Chapter 1 Assamese Medium Question Answer
৮। তোমাৰ পৰিয়ালত কোন কোন সদস্য আছে ?
উত্তৰঃ আমাৰ পৰিয়ালত মোৰ মা-দেউতা, মই মোৰ দাদা, খুৰা – খুৰী আৰু খুৰা – খুৰীহঁতৰ ছোৱালী জুৰি, ককা আইতা আৰু পেহী আছে।
৯। অনিতাহঁতৰ ‘ পৰিয়াল বৃক্ষ’ জোপা চাই তোমালোকেও নিজৰ নিজৰ পৰিয়াল বৃক্ষ ‘ একোজোপা আঁকা ।
Class 4 Environment Chapter 1 Assamese Medium
১। চমু উত্তৰ দিয়া :
(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে ?
উত্তৰঃ পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে ।
(খ) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন ?
উত্তৰঃ অনিতাৰ পৰিয়ালৰ সদস্য ন জন ।
( গ ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত ?
উত্তৰঃ অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত।
(ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল ?
উত্তৰঃ শশাংকুৰ পৰিয়ালটো একক পৰিয়াল ।
Class 4 Environment Chapter 1 Assamese Medium
২। খালী ঠাই পূৰ কৰা :
(ক ) সমাজৰ এটা প্রাথমিক গোট হ’ল___________
উত্তৰঃ সমাজৰ এটা প্ৰাথমিক গোট হ’ল পৰিয়াল ৷
(খ) পৰিয়াল এটা শৃঙ্খলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা ________ থাকে।
উত্তৰঃ পৰিয়াল এটা শৃঙ্খলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা নীতি – নিয়ম থাকে ।
( গ ) শশাংকুরে ধুনীয়া _____ আঁকা।
উত্তৰঃ শশাংকুৱে ধুনীয়া ছবি আঁকে ।
(ঘ) শিক্ষয়িত্ৰীয়ে শশাংকুক সাধু কথা ____________
উত্তৰঃ শিক্ষয়িত্ৰীয়ে শশাংকুক সাধু কথা ইংগিত আৰু অংগী – ভংগীৰে বুজায় ।
৩। উত্তৰ লিখা :
( ক) একক পৰিয়াল বুলিলে কি বুজা ?
উত্তৰঃ যি পৰিয়ালত কেৱল মাক – দেউতাক আৰু তেওঁলোকৰ ল’ৰা ছোৱালী একেলগে থাকে তাক একক পৰিয়াল বোলে ।
( খ ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে ?
উত্তৰঃ শশাংকুৱে ভালকৈ কথা ক’ব নোৱাৰে আৰু ভালদৰে শুনা নাপায়।সেইকাৰণে শশাংকুৱে ইংগিতেৰে কথা পাতে ।
(গ) যৌথ পৰিয়াল বুলিলে কি বুজা ?
উত্তৰঃ যি পৰিয়ালত দুটা তিনিটা সৰু পৰিয়াল লগ হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলে । যৌথ পৰিয়াল এটাত ককাক – আইতাক, খুৰাক – খুৰীয়েক, মাক – দেউতাক · বৰদেউতাক বৰ্মাক, পেহীয়েক আৰু তেওঁলোকৰ ল’ৰা – ছোৱালীসমূহ একেলগে থাকে।
(ঘ) শশাংকুৱে বিদ্যালয় লগৰীয়াৰ লগত কি কি কৰে ?
উত্তৰঃ শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত পুতলা সজা, সাঁথৰ আৰু কাঠৰ টুকুৰা লগ – লগাই বিভিন্ন ধৰণৰ বস্তু সজা আদি খেল খেলে ।
৪। তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই ‘ক’ অংশৰ লগত ‘ খ ’অংশ মিলোৱা :

৫। তোমালোকৰ নিজৰ নিজৰ পৰিয়ালৰ বিষয়ে পাঁচটা বাক্য লিখা ।
উত্তৰঃ ( ১ ) আমাৰ পৰিয়ালটো এটা যৌথ পৰিয়াল ।
( ২ ) আমাৰ পৰিয়ালত মোৰ মা – দেউতা, দাদা, ককা – আইতা, খুৰা – খুৰী আৰু তেওঁলোকৰ ল’ৰা – ছোৱালী আৰু পেহী থাকে।
( ৩ ) আমাৰ পৰিয়ালৰ মুৰব্বী হ’ল মোৰ ককা ।
( ৪ ) আমাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই মোৰ যথেষ্ট যত্ন লয় ।
( ৫ ) আমাৰ পৰিয়ালটোৰ মাজত মিলা – প্রীতি আছে আৰু ইজনে সিজনক বিভিন্ন কামত সহায় – সহযোগিতা কৰি দিয়ে ।
অতিৰিক্ত প্রশ্নোত্তৰ Class 4 Environment Chapter 1 Assamese Medium
১। পৰিয়াল কাক বোলে ?
উত্তৰঃ মা – দেউতা, বাই – ভনী, দাদা – ভাইটি সকলো মিলিয়েই হৈছে পৰিয়াল ।
২। পৰিয়ালৰ মুৰব্বী কোন হয় ?
উত্তৰঃ পৰিয়ালৰ জেষ্ঠ্য লোকজনেই পৰিয়ালৰ মুৰব্বী হয়।
৩। অনিতাহঁতৰ পৰিয়ালটো ক’ত থাকে ?
উত্তৰঃ অনিতাহঁতৰ পৰিয়ালটো শিৱসাগৰ জিলাৰ নাজিৰাত থাকে ।
৪। অনিতাহঁতৰ পৰিয়ালত কোন কোন আছে ?
উত্তৰঃ অনিতাহঁতৰ পৰিয়ালত অনিতাৰ ককাক – আইতাক, মাক দেউতাক, খুড়াক – খুড়ীয়েক, পেহীয়েক আৰু খুড়াকৰ ল’ৰা জিন্টু আছে।
৫। অনিতাই ককাকক কি কামত সহায় কৰি দিয়ে ?
উত্তৰঃ অনিতাই ককাকক আবেলি ফুলনিত পানী দিয়াত সহায় কৰি দিয়ে ।
৬। অনিতাই কাৰ ওচৰত গান শিকে ?
উত্তৰঃ অনিতাই পেহীয়েকৰ ওচৰত গান শিকে ।
৭। অনিতাই কি প্রতিযোগিতাত প্ৰথম পুৰষ্কাৰ পাইছিল ?
উত্তৰঃ অনিতাই বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত হোৱা জ্যোতি সংগীত প্রতিযোগিতাত প্ৰথম পুৰষ্কাৰ পাইছিল।
৮। শশাংকু ক’ত থাকে ?
উত্তৰঃ শশাংকু শোণিতপুৰ জিলাৰ চতিয়াত থাকে।
৯। শশাংকু কোন বিদ্যালয়ত পঢ়ে?
উত্তৰঃ শশাংকু ঘৰৰ ওচৰতে থকা প্ৰাক্ – প্রাথমিক বিদ্যালয়খনত পঢ়ে।
১০। শশাংকুক ৰাতিপুৱা মাকে কেনেদৰে জগাই দিয়ে ?
উত্তৰঃ শশাংকুক ৰাতিপুৱা মাকে হাতখন জোকাৰি জগাই দিয়ে।
১১। শশাংকুৱে ৰাতিপুৱা কাৰ লগত খেলে ?
উত্তৰঃ শশাংকুৱে ৰাতিপুৱা দেউতাকৰ লগত নানা ধৰণৰ খেল খেলে।
১২। শশাংকুৱে কি কাম কৰি ভাল পায়?
উত্তৰঃ শশাংকুৱে ছবি আঁকি ভাল পায় ?
১৩। শশাংকুৱে কিয় শ্ৰৱণ – যন্ত্ৰ ব্যৱহাৰ কৰে ?
উত্তৰঃ শশাংকুৱে ভালদৰে শুনা নাপায় বাবে শ্ৰৱণ – যন্ত্ৰ ব্যৱহাৰ কৰে ৷
১৪। শশাংকুৰ প্ৰিয় খেল কি ?
উত্তৰঃ ক্রিকেট।
১৫। শশাংকুৱে ডাঙৰ হ’লে কি হ’ব বিচাৰে ?
উত্তৰঃ শশাংকুৱে ডাঙৰ হ’লে এজন ক্রিকেট খেলুৱৈ হ’ব বিচাৰে ।
চতুৰ্থ শ্ৰেণীৰ EVS পাঠ্যপুথিৰ বাবে Class 4 Environment Chapter 1 Assamese Medium আপোনাৰ ব’ৰ্ডৰ চতুৰ্থ শ্ৰেণীৰ EVS পৰীক্ষাৰ প্ৰস্তুতিৰ লগতে JEE আৰু NEET ৰ বাবেও যথেষ্ট সহায়ক হ’ব পাৰে। Class 4 Environment Chapter 1 Assamese Medium পাঠ্যপুথিৰ সৈতে ব্যৱহাৰ কৰা অসম ছেবা ব’ৰ্ডৰ চতুৰ্থ শ্ৰেণী ইভিএছ বুকছৰ অধ্যয়ন সামগ্ৰীয়ে আপোনাক সৰ্বাধিক দক্ষতাৰে সমগ্ৰ অসম ছেবা চতুৰ্থ শ্ৰেণী ইভিএছ বুকছ ৰাজ্যিক ব’ৰ্ডৰ পাঠ্যক্ৰম Class 4 Environment Chapter 1 Assamese Medium সম্পূৰ্ণ কৰাত সহায় কৰিব পাৰে।
FAQ on Class 4 Environment Chapter 1 Assamese Medium
পৰিৱেশ কি?
পৰিৱেশ ৰক্ষা কৰাটো কিয় গুৰুত্বপূৰ্ণ?
আমি পৰিৱেশ সুৰক্ষাত সহায় কৰিব পৰা কিছুমান উপায় কি কি?
Article Source:- HD